ETV Bharat / state

নিশা নগাঁও আৰক্ষী থানাত কি কৰিছে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনে ? - PRADYUT ROCKYBUL AT POLICE STATION

Pradyut-Rakibul Hussain in Nagaon police station : বুধবাৰে নিশা দলীয় কৰ্মী সমৰ্থকক লগত লৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় দুই কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন । কিন্তু হঠাৎ কিয় কৰ্মী সমৰ্থকক লগত লৈ উপস্থিত হ’ল আৰক্ষী থানাত ?

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 7:28 AM IST

EPradyut Bordolo and Rakibul Hussain in Nagaon police station
Pradyut Bordolo and Rakibul Hussain in Nagaon police station
নিশা নগাঁও আৰক্ষী থানাত কি কৰিছে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনে ?

নগাঁও, 25 এপ্ৰিল : কাইলৈ দেশৰ কেবাখনো ৰাজ্যৰ লগতে অসমৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্য়ায়ৰ নিৰ্বাচন ৷ এই পাঁচটা সমষ্টিৰ ভিতৰত অন্তৰ্ভূক্ত আছে নগাঁও লোকসভা সমষ্টিৰ নামো ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে নগাঁৱত সৃষ্টি হয় এক হৈ-চৈ পৰিৱেশৰ ৷

বাতৰি সন্দৰ্ভত লাভ কৰা তথ্য মতে, বুধবাৰে নিশা দলীয় কৰ্মী সমৰ্থকক লগত লৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । কাৰণ বুধবাৰে বিয়লি কংগ্ৰেছৰ ৰেলী চলি থকাৰ সময়তে মণ্ডল কংগ্ৰেছৰ এগৰাকী সভাপতিক আটক কৰে আৰক্ষীয়ে । নাম মজিবুৰ ৰহমান ৷

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে, মণ্ডল কংগ্ৰেছৰ সভাপতি মজিবুৰ ৰহমানৰ আছে এটা ইটা ভাটা । এই ইটাৰ ভাটাটোত শিশু শ্ৰমিক থকাৰ অভিযোগতে আৰক্ষীয়ে আটক কৰে মজিবুৰ ৰহমানক । মণ্ডল কংগ্ৰেছৰ সভাপতি তথা ইটা ভাটাৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানক আৰক্ষীয়ে আটক কৰাৰ পাচতে নগাঁও সদৰ থানাত উপস্থিত হয় ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ ।

দুই কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ মতে মণ্ডল কংগ্ৰেছৰ সভাপতিগৰাকীক আৰক্ষীয়ে আটক কৰাত ৰহস্য গোন্ধ পাইছে । কিয়নো মজিবুৰ ৰহমানৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে একেমুখে নস্যাৎ কৰিছে ৷

তেওঁলোকে উল্লেখ কৰা অনুসৰি, মজিবুৰ ৰহমানৰ ইটাৰ ভাটাত কোনো শিশু শ্ৰমিক নাই ৷ যিহেতু চৰ অঞ্চলৰ পৰা এই ইটাৰ ভাটাত অধিকাংশ প্ৰাপ্তবয়স্ক শ্ৰমিক কাম কৰিবলৈ আহে, তেতিয়া সেই শ্ৰমিকসকলে লগত নিজৰ সৰু সন্তানক লগত লৈ আছে ৷ যিহেতু বয়স তেনেই কম হোৱাৰ বাবে তেনে শিশুক শ্ৰমিক পিতৃ-মাতৃৰ বাবে থৈ অহাটো সম্ভৱ নহয় ৷ সেই শিশুসকলে ইটাৰ ভাটাটোত কাম নকৰে ৷ বৰঞ্চ মাক-দেউতাকৰ চকুৰ আগত সেই ঠাইতে খেলা-ধূলাহে কৰি থাকে ৷

ইফালে মজিবুৰ ৰহমানৰ ইটাৰ ভাটাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ ইটা ভাটাতহে শিশু শ্ৰমিক থকাৰ অভিযোগ উত্থাপন কৰিছে দুই কংগ্ৰেছ প্ৰাৰ্থীয়ে ৷ আৰক্ষীক এই সন্দৰ্ভত অভিযোগ দিয়াৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ দুই নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰীয়ে কথা ক'লে বিজেপি কৰ্মীয়েও টিভি বন্ধ কৰি দিয়ে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈৰ হৈ দলে-বলে অন্তিম প্ৰচাৰ কংগ্ৰেছৰ: তিনি গগৈয়ে দিলে সংগ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.