ETV Bharat / state

উন্নয়নৰ ফটা ঢোল : পথাৰ সদৃশ পথেৰে যাতায়ত ৰাইজৰ - Poor Road Condition in Jonai - POOR ROAD CONDITION IN JONAI

Dilapidated Road In Jonai: জোনাইৰ কেমি জেলম গাঁও পঞ্চায়তৰ তল চিৰুং, মধ্য চিৰুং, ওপৰ চিৰুং, পবামুখ অঞ্চলৰ জৰাজীৰ্ণ বাট-পথে জীয়াতু ভোগাইছে গঞা ৰাইজক । বৃহত্তৰ অঞ্চলৰ সদাব্যস্ত পথটোৱেদি অহা-যোৱা কৰি নিতৌ কণ কণ ছাত্ৰ-ছাত্ৰী, ৰোগীয়ে যাতায়াতৰ ক্ষত্ৰত ভুগিছে যমৰ যাতনা ।

Poor road condition in jonai people demand construction of the local road
পথাৰ সদৃশ পথেৰে যাতায়ত ৰাইজৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 1:00 PM IST

জোনাই, 9 আগষ্ট: দেশে উদযাপন কৰিব 78 সংখ্যক স্বাধীনতা দিৱস । স্বাধীনোত্তৰ কালৰে পৰা বহু চৰকাৰ, বহু নেতাই ৰাইজক প্ৰতিশ্ৰুতি জয় কৰি আহিছে ৰাইজৰ ভোট । ৰাইজৰ উন্নয়নৰ আশাতে বাৰে বাৰে দি আহিছে ভোট । কিন্তু নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি জানো পূৰণ হৈছে ? বিচৰা ধৰণে জানো উন্নয়নৰ মুখ দেখিছে ৰাইজে ? সেয়া পোহৰলৈ আহিছে সময়ে সময়ে ।

পথাৰ সদৃশ পথেৰে যাতায়ত ৰাইজৰ (ETV Bharat Assam)

সমস্যাজৰ্জৰ জোনাই :

ৰাজ্যৰ বহু প্ৰান্তৰ দৰে বিভিন্ন সমস্যাৰে জৰ্জৰিত ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন স্থান । বছৰৰ পাচত বছৰ ধৰি জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়ত, পথাৰ সদৃশ পথ, জৰাজীৰ্ণ বিদ্যালয় গৃহ ইত্যাদি বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত জোনাইবাসী । পিচে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে জনগণৰ জ্বলন্ত সমস্যাৰ সমাধানৰ পথ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দি আহিছে যদিও প্ৰকৃতাৰ্থত কোনো এটা ৰাজনৈতিক দল তথা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে সমস্যাৰে জৰ্জৰিত গঞা ৰাইজৰ পিনে চকু দিবলৈ আহৰি নাই ।

এটা পথাৰ সদৃশ পথ :

জোনাই বিধানসভা সমষ্টিৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত কেমি জেলম গাঁও পঞ্চায়তৰ তল চিৰুং, মধ্য চিৰুং, ওপৰ চিৰুং,পবামুখ আদি গাঁৱৰ ৰাইজে সন্মুখীন হৈ আহিছে বিভিন্ন জ্বলন্ত সমস্যাৰে । কথাৰ ফুলজাৰি মৰা বৰ্তমানৰ শাসনাধীন চৰকাৰখনৰ প্ৰকৃত স্বৰূপ দেখা গৈছে জোনাইত ।

দেশে স্বাধীনতা লাভ কৰাৰ 77 বছৰৰ পিচতো আজি পৰ্যন্ত উন্নয়নৰ পোহৰে ঢুকি নোপোৱা কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণা জেলম আৰু চিৰুং সংযোগী পথৰ দৃশ্য দেখিলে চকু কঁপালত উঠে সকলোৰে ।

জীৰাজীৰ্ণ পথছোৱাই জলা-কলা খুৱাইছে চিৰুং গাঁৱৰ ৰাইজক । প্ৰায় 4-5 কিলোমিটাৰ জোৰা সদাব্যস্ত পথছোৱা খলা বমা, বোকা পানীৰ মাজেৰে দৈনিক পাৰাপাৰ হ’বলগীয়া হয় বৃহত্তৰ চিৰুং অঞ্চলৰ ৰাইজে । বছৰৰ সৰহভাগ সময়তে বোকাময় থকা সদাব্যস্ত পথটোৰে নিতৌ কণ কণ ছাত্ৰ ছাত্ৰী, ৰোগীৰ লগতে অঞ্চলটোৰ ৰাইজে আজিও যাতায়াতৰ ক্ষত্ৰত ভুগি আহিছে যমৰ যাতনা ।

জৰাজীৰ্ণ পথৰ বাবে দুৰ্ঘটনা :

পথছোৱাৰ দুৰৱস্থাৰ বাবে সংঘটিত হৈছে বহু দুৰ্ঘটনাও । উন্নয়নকামী চৰকাৰৰ দিনত সু-দৃষ্টি নপৰা অঞ্চলটোত নিৰ্বাচনৰ সময়ত দুৰ্গম পথটোৰ বোকাপানী গছকি হ'লেও ভোট বিছাৰি জনপ্ৰতিনিধি সকলে চিৰুং গাঁৱলৈ আহে যদিও নিৰ্বাচন শেষ হোৱাৰ পিচত দুৰ্গম পথটোৰ ওপৰত কাৰোৰে কানসাৰ নাই বুলি জানিলবলৈ দিয়ে গাঁওবাসীয়ে ৷ সেয়ে চিৰুং অঞ্চলৰ সাধাৰণ ৰাইজে দুৰ্গম পথছোৱা শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে চৰকাৰক ।

উল্লেখ্য যে, জনগণৰ ভোটাৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিসকলৰ সাধাৰণ ৰাইজে ভুগি থকা এনেবোৰ সমস্যাৰ প্ৰতি কেতিয়া দৃষ্টি পৰিব ৷ সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: বিকশিত অসমে স্পৰ্শ কৰিব পৰা নাই বিধায়ক ভূৱন পেগুৰ গৃহ সমষ্টিক - Poor Road Condition in Jonai

বৰপেটাৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক: বেছিভাগ সময়ে থাকে পানীৰ তলত - Assam Public Works Department

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.