ETV Bharat / state

বিকশিত অসমে স্পৰ্শ কৰিব পৰা নাই বিধায়ক ভূৱন পেগুৰ গৃহ সমষ্টিক - Poor Road Condition in Jonai - POOR ROAD CONDITION IN JONAI

Dilapidated Road In Dhemaji: বিজেপি বিধায়ক ভূৱন পেগুৰ সমষ্টিত জৰাজীৰ্ণ পথে সমস্যাত পেলাইছে স্থানীয় লোকক ৷ প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰা বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ভুক্তভোগীৰ ৷

poor-road-condition-in-JONAI-people-demand-construction-of-the-local-road
বিকশিত অসমে স্পৰ্শ কৰিব পৰা নাই বিধায়ক ভূৱন পেগুৰ গৃহ সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 7:20 PM IST

জোনাই, 6 আগষ্ট: উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বিজেপি বিধায়ক ভূৱন পেগুৰ গৃহ সমষ্টিৰ এটা পথে ৷ স্থানীয় বিধায়কৰ চৰম অৱহেলাৰ বাবেই এতিয়া নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাইজে । নিৰ্মাণৰ অভাৱত জহি-খহি বিধ্বস্ত হৈ পৰিছে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মূল পথছোৱা । জোনাই গাঁও পঞ্চায়তৰ বগীনদী গেজেৰা গাঁৱৰ পথটোৰ নাজল-নাথল অৱস্থাই প্ৰাত্যহিক জীৱন যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাত সমস্যাত পেলাইছে জোনাই সমষ্টিবাসীক ৷

বিকশিত অসমে স্পৰ্শ কৰিব পৰা নাই বিধায়ক ভূৱন পেগুৰ গৃহ সমষ্টিক (ETV Bharat Assam)

জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটো দেখিলেই ৰাজ্যৰ গাঁৱে-ভূঞে ৰাস্তা-ঘাটৰ কিমান উন্নয়ন হৈছে সেয়া স্পষ্ট হৈ পৰে ৷ স্থানীয় বিজেপি বিধায়কৰ গুৰুত্বহীনতাৰ বাবেই আজিও এক কদৰ্যময় পথেৰে যাতায়াত অব্যাহত ৰাখিবলৈ বাধ্য হৈ পৰিছে ভুক্তভোগী গঞা ৰাইজ । লোকনিৰ্মাণ বিভাগৰ পথ সংযোগী বগীনদী, গেজেৰা, অকলেণ্ড, মাজগাঁও আদিকে ধৰি প্ৰায় দুই-তিনি কিলোমিটাৰ নাজল-নাথল পথেৰে বিভিন্ন ৰোগী, ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন লোকে প্ৰতিদিনে যাতায়াত কৰিবলৈ বাধ্য ।

স্থানীয় লোকে এই সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰি জনায়, "ব’হাগ মাহৰ পৰা আহিন-কাতি মাহ পৰ্যন্ত এই পথটো এনেদৰেই থাকে ৷ বিদ্যালয়লৈ শিক্ষাৰ্থী অহা-যোৱাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে ৷ ৰোগীক হাস্পতাললৈ লৈ যোৱাৰ ক্ষেত্ৰতো বহু অসুবিধা হয় ৷ ভূৱন পেগু নিৰ্বাচনৰ সময়ত আহে যদিও পিচত কোনো খবৰ নাথাকে ৷ আমি কেবাবাৰো তেখেতক সাক্ষাৎ কৰি পথছোৱা উন্নীতকৰণৰ বাবে অনুৰোধ জনাইছিলো যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব নিদিলে ৷ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও কাৰ্যতঃ একোৱেই নহয় ৷"

লগতে পঢ়ক: নিকৰি-ধনশিৰি সংযোগী পথে জলা-কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক - Poor Road Condition in Golaghat

জৰাজীৰ্ণ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ - Poor Road in Amguri

সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াই বিমোৰত পেলাইছে টীয়কবাসীক - Dilapidated road in Teok

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.