ETV Bharat / state

চিমেন চাপৰি স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱাৰ নামত ভেঁকোভাওনা - Health Service Facilities in Jonai

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:39 PM IST

Poor Health Service Facilities in Jonai : চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱাৰ নামত ভেঁকোভাওনা । অস্থায়ী চিকিৎসকে মাত্ৰ তিনি ঘণ্টা আগবঢ়ায় চিকিৎসা সেৱা । অনিয়মীয়াকৈ আহে নাৰ্ছ । এগৰাকী ফাৰ্মাচিষ্ট লৈ চলিছে চিকিৎসালয় । স্থায়ী চিকিৎসক, নাৰ্ছৰ নিযুক্তিৰে উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ দাবী ভুক্তভোগী ৰাইজৰ ।

Poor Health Service Facilities in Jonai
চিমেন চাপৰি স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱাৰ নামত ভেঁকোভাওনা (ETV Bharat Assam)

জোনাই, ২৬ জুন : চিমেন চাপৰিত চিকিৎসা সেৱাৰ নামত চলিছে চূড়ান্ত ভেঁকোভাওনা । ২০১৮ চনতে উদ্বোধন কৰা চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত মুকলি হোৱাৰ সময়ৰে পৰা উন্নত ধৰণৰ চিকিৎসা সেৱা লাভ কৰি অহা নাই সৰ্বসাধাৰণ ৰাইজে । চিকিৎসালয়খনত বৰ্তমান জোনাইত নিযুক্তিপ্ৰাপ্ত এগৰাকী চিকিৎসকে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ উপস্থিত থাকে । দেওবাৰে কোনো চিকিৎসক অথবা স্বাস্থ্যকৰ্মী উপস্থিত নাথাকে চিকিৎসালয়খনত । এগৰাকী ফাৰ্মাচিষ্ট কৰ্তব্যত থকা চিমেন চাপৰি ক্ষুদ্ৰ চিকিৎসালয়খনত নাৰ্ছৰ উপস্থিতি প্ৰায়েই সেৰেঙা ।

চিমেন চাপৰিত পয়ালগা স্বাস্থ্য সেৱা ব্যৱস্থা (ETV Bharat Assam)

পশ্চিম জোনাই অঞ্চলৰ চিমেন চাপৰিৰ উপৰি মিছামৰা, চমকং, চিমেনমুখ গাঁও পঞ্চায়তৰ চেঙাজান-মাজৰবাৰী অঞ্চলৰ ৰাইজৰ বাবে একমাত্ৰ চৰকাৰী চিকিৎসালয় চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনৰ পয়াগলা চিকিৎসা সেৱাই চৰকাৰৰ স্বাস্থ্য খণ্ডৰ অৱস্থা বাৰুকৈয়ে উদঙাই দিছে । চিমেন চাপৰি, চমকং আদি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি কৰি অহা দাবীৰ ফলত ২০১৮ চনৰ ১১ জুনত উদ্বোধন হোৱা চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনৰ চিকিৎসাৰ আন্তঃগাঁথনিগত সমস্যাৰ অভাৱে ৰাইজক নামমাত্ৰও উপকৃত কৰিব পৰা নাই ।

উল্লেখযোগ্য যে চিকিৎসালয়খনত উপযুক্ত চিকিৎসা সেৱা নথকাৰ বাবে তিনি-চাৰিখন গাঁও পঞ্চায়তৰ ভুক্তভোগী ৰাইজে চিলাপথাৰ, ধেমাজি, ডিব্ৰুগড় আদি ঠাইলৈ গৈ চিকিৎসা গ্ৰহণ কৰিবলগা হৈ আহিছে । চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত স্থায়ীভাৱে বিশেষজ্ঞ চিকিৎসক, নাৰ্ছ, প্ৰয়োজনীয় চিকিৎসাকৰ্মী নিযুক্তি দি উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সংযুক্ত বড়ো গণ মঞ্চৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতি, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতি তথা ভুক্তভোগী ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :এটা বছৰত ডিমা হাছাওত ১০০ শতাংশ বৃদ্ধি পাইছে ড্ৰাগছৰ গোচৰ - World Drug Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.