ETV Bharat / state

শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা: বৃদ্ধি পাইছে দুৰ্ঘটনা - National highway

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 6:06 PM IST

ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে চাৰি বছৰত আবণ্টিত ৩২৮.১৫ টকাৰ ব্যয় কৰা হৈছে ২২৬.৩৮ কোটি টকা । আৱণ্টিত পুঁজিৰ ৩১ শতাংশই অব্যৱহৃত । পাঁচ বছৰত ৰাজ্যত সংঘটিত হৈছে ৩৭৬২৭ টা পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ১৪৮৩৩ গৰাকী লোকে ৷

The poor condition of the national highway from upper to lower Assam
শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা (ETV Bharat Assam)

গুৱাহাটী,৩১ জুলাই : যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ সময়তে অসমৰ উজনিৰ পৰা নামনিলৈকে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে । মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথসমূহত এতিয়া বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু বাৰিষাৰ এই সময়ত পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে ।

চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত চৰকাৰে এখনৰ পাচত আনখনকৈ টোলগেট স্থাপন কৰি কেৱল টোল কৰ সংগ্ৰহ কৰিছে । কিন্তু পথসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথসমূহ ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে আৰু যাতায়াত ব্যৱস্থা কষ্টকৰ হৈ পৰাৰ লগতে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ।

লক্ষণীয় বিষয় যে যোৰহাট-শিৱসাগৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ উপৰি বৰ্ত্তমান সময়ত ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, গহপুৰ, বৰমা, যোগীঘোপা আদি অঞ্চলতো ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। আনকি সোণাপুৰ টোলগোটৰ সমীপৰ ক্ষেত্ৰীত ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে অলপতে ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

আৱণ্টিত পুঁজিৰ ৩১ শতাংশই অব্যৱহৃত :

The poor condition of the national highway
আৱণ্টিত পুঁজিৰ ৩১ শতাংশই অব্যৱহৃত (ETV Bharat Assam)

লক্ষণীয় বিষয় কেন্দ্ৰীয় চৰকাৰে প্ৰতিবছৰে একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতিৰ বাবে অসমলৈ বৃহৎ অংকৰ ধনৰ আবণ্টন দিয়ে । কিন্তু অতি লক্ষণীয়ভাৱে বিভাগীয় কর্তৃপক্ষই উক্ত ধনৰ সদব্যৱহাৰ কৰা পৰিলক্ষিত নহয় । যাৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ মাজেৰে জনতাই যাতায়াত কৰিবলগীয়া হয় । কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য মতে বিগত চাৰি বছৰত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতিৰ নামত ধাৰ্য কৰা ধনৰ পৰিমাণ আছিল ৩২৮.১৫ কোটি টকা ।

কিন্তু এই ধনৰ ভিতৰত ব্যয় কৰা হ'ল ২২৬.৩৮ কোটি টকা । অর্থাৎ অনুমোদিত ধনৰ ৬৯ শতাংশই ব্যয় কৰিবলৈহে সক্ষম হ'ল । তথ্য অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত অনুমোদিত ২৮.৪৯ কোটি টকাৰ ভিতৰত ৩.২৮ কোটি টকা, ২০২০-২১ বিত্তীয় বৰ্ষত অনুমোদিত ১৩০.৬৮ কোটি টকাৰ ভিতৰত ৭৩.১৯ কোটি টকা, ২০২১-২২ বিত্তীয় বৰ্ষত অনুমোদিত ১১০.৩৮ কোটি টকাৰ ভিতৰত ৩৮ কোটি টকা আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত অনুমোদিত৫৮.২৮ কোটি টকাৰ ভিতৰত ১১.৯১ কোটি টকা ব্যয় হৈছে । অৰ্থাৎ ৩১ শতাংশ পুঁজি ব্যয় কৰা নহ'ল ।

পথৰ শোচনীয় অৱস্থাৰ বাবে বৃদ্ধি পাইছে দুৰ্ঘটনা :

ৰাজ্যত পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ তথ্য মতে বিগত পাঁচ বছৰত ৰাজ্যখনত সংঘটিত হৈছে ৩৭৬২৭ টা পথ দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনাত ১৪৮৩৩ গৰাকী লোকৰ মৃত্যু হৈছে । ২০১৮ চনত ৰাজ্যত সংঘটিত হোৱা ৮২৪৮ টা পথ দুৰ্ঘটনাত নিহত হৈছিল ২৯৬৬ গৰাকী লোক । সেইদৰে ২০১৯ চনত সংঘটিত ৮৩৫০টা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৩২০৮ গৰাকী লোক ।

২০২০ চনত সংঘটিত হোৱা ৬৫৯৫ টা পথ দুৰ্ঘটনাত ২৬২৯ গৰাকী লোকৰ মৃত্যু হৈছিল । ২০২১ চনত সংঘটিত ৭৪১১টা পথ দুৰ্ঘটনাত ৩০৩৬ গৰাকী লোকৰ মৃত্যু হৈছিল । আনহাতে ২০২২ চনত সংঘটিত হোৱা ৭০২৩ টা পথ দুৰ্ঘটনাত ২৯৯৪ গৰাকী লোকৰ মৃত্যু হৈছিল ।

যাতায়াত ব্যৱস্থা সুচল কৰাৰ বিপৰীতে গুৰুত্ব টোল কৰ সংগ্ৰহত :

যাতায়াত ব্যৱস্থা সুচল কৰাৰ বিপৰীতে গুৰুত্ব টোল কৰ সংগ্ৰহ (ETV Bharat Assam)

পথ মেৰামতিৰ বাবেহে টোল কৰ লোৱা হয় বুলি কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰি আহিছে । আনকি প্ৰতিবছৰে টোল কৰৰ পৰিমাণো বৃদ্ধি কৰি থকা হৈছে । বৰ্তমান সময়ত অসমত ৯ খন টোলগেট কাৰ্যকৰী হৈ আছে । ইফালে খোদ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছিল যে ৰাস্তাৰ অৱস্থা বেয়া হ'লে টোল কৰ আদায় কৰিব নোৱাৰে । কিন্তু ইয়াৰ পাচতো বিধ্বস্ত পথ মেৰামতিত কোনো ধৰণৰ গুৰুত্ব নিদি কেৱল টোল কৰ সংগ্ৰহ কৰি থকা হৈছে ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পানী : পথ অৱৰোধ কৰি আছুৰ প্ৰতিবাদ - AASU protest in Dibrugarh

জোনাইত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু দুজনৰ - Jonai road accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.