ETV Bharat / state

চিৰাঙত চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা: ভাৰাতীয়া শিক্ষকেৰে চলে বিদ্যালয়ত পাঠদান - Chirang govt schools condition

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 3:20 PM IST

Chiran School Poor Conditions : চিৰাঙত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা অৱস্থা । ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক থকাৰ পিছতো ১৫০০ টকীয়া ভাৰাতীয় শিক্ষকে কৰে পাঠদান ।

Chiran School Poor Conditions
চিৰাঙত চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা (ETV Bharat Assam)

চিৰাং, ৩০ আগষ্ট : চিৰাঙৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা ৰূপ । ভাৰাতীয়া মেট্ৰিক উত্তীৰ্ণ নোহোৱা শিক্ষয়িত্ৰীয়ে কৰে পাঠদান । চৰকাৰী বিদ্যালয়খনত ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজনকৈ শিক্ষক থকা সত্ত্বেও ১৫০০ টকীয়া ভাৰাতীয়া অষ্টম শ্ৰেণী উত্তীৰ্ণ শিক্ষয়িত্ৰীৰ দ্বাৰা কৰা হয় পাঠদান ।

ইয়াৰ কাৰণ হৈছে সময়মতে বিদ্যালয়ত উপস্থিত নাথাকে শিক্ষক দুজন । চিৰাং জিলাৰ চিদলী শিক্ষা খণ্ডৰ অন্তৰ্গত চম্পাবজাৰৰ ১১৪৭ নং আমলাইগুৰি প্ৰাথমিক বিদ্যালয় চলি আছে এনেদৰে । বিদ্যালয়খনৰ মাত্ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুগৰাকী শিক্ষক আছে যদিও ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুবোধ বসুমতাৰী আৰু সহকাৰী শিক্ষক বিমল মুৰ্মুৱে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুযায়ী নিয়মীয়াভাৱে পাঠদানৰ পৰাও বিৰত থাকে বিদ্যালয়খনৰ শিক্ষক দুজন। বিদ্যালয়খনত শিক্ষাৰ মান উন্নত কৰাৰ বাবে স্থানীয় ৰাইজে পদক্ষেপ ল'লেও গুৰুত্ব নিদিয়ে প্ৰধান শিক্ষকে । এই অভিযোগ স্থানীয় ৰাইজৰ ।

১৯৫৭ চনতে স্থাপন কৰা বিদ্যালয়খনত শিক্ষকসকলৰ অৱহেলাৰ ফলত ছাত্ৰ-ছাত্ৰী কমি যোৱা বুলি অভিযোগ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে । আনহাতে, বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল প্ৰধান শিক্ষকে ক'ত ৰাখে সেয়াও নাজানে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে ।

দুই-এদিনৰ মূৰে মূৰে প্ৰধান শিক্ষক সুবোধ বসুমতাৰীয়ে মোনাত চাউল আনে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বাবে । কেৱল এইখন বিদ্যালয়েই নহয়, চিৰাং জিলাৰ ভিতৰুৱা বহু বিদ্যালয়ত এনেধৰণৰ খামখেয়ালি পৰিলক্ষিত হৈছে । এতিয়া বি টি আৰ প্ৰশাসনে এই বিদ্যালয়খনৰ শিক্ষকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :দুষ্টচক্ৰই পুখুৰীত ঢালিলে ৰাসায়নিক দ্ৰব্য; পানীত ওপঙি উঠিল হাজাৰ হাজাৰ মৃত মাছ - Miscreants pour chemicals into pond
লগতে পঢ়ক :অসমৰ ৪ খন জিলাত মণিপুৰী ভাষাক বিশেষ মৰ্যাদা প্ৰদান - Assam associate official language

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.