ETV Bharat / state

এইবাৰ আজমলৰ শাৰীৰিক গঠনক লৈ ৰাজনৈতিক বিতৰ্ক - AIUDF SLAMS AKHIL GOGOI

নামনি অসমৰ ৰাজনীতিৰ শেহতীয়া চৰ্চাৰ বিষয় হৈছে- পেট ! কিন্তু কাৰ পেট ?

AIUDF slams Akhil Gogoi
বদৰুদ্দিন আজমলৰ শাৰীৰিক গঠনক লৈ ৰাজনৈতিক বিতৰ্ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 1:33 PM IST

বৰপেটা : গো-মাংস, বিজেপিৰ হিন্দুত্ব বা উচ্ছেদ আৰু বুলড'জাৰ নহয় । এইবাৰ ৰাজনীতিৰ চৰ্চাৰ আন এটা বিষয় হৈছে পেট ! কিন্তু কাৰ পেট ? এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ পেটক লৈ এইবাৰ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে বিতৰ্কৰ ।

অখিল গগৈক প্ৰত্যাহ্বান আশ্ৰাফুল হুছেইনৰ

বদৰুদ্দিন আজমলৰ শাৰীৰিক গঠনক লৈ ৰাজনৈতিক বিতৰ্ক (ETV Bharat Assam)

কিছুদিন পূৰ্বে গোৱালপাৰাত অখিল গগৈয়ে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ শাৰীৰিক গঠনক লৈ মন্তব্য কৰিছিল । আজমলৰ বিশেষকৈ 'পেট'কলৈ মন্তব্য কৰিছিল অখিল গগৈয়ে । বদৰুদ্দিন আজমলৰ পেটটো হিমন্ত বিশ্ব শৰ্মাই পাম্প দি ডাঙৰ কৰা বুলি কটাক্ষ কৰিছিল অখিল গগৈয়ে । বদৰুদ্দিন আজমলৰ শাৰীৰিক গঠনক লৈ কৰা এই মন্তব্যৰ পিছতে অখিল গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে এ আই ইউ ডি এফৰ নেতাসকল । চেঙাৰ এ আই ইউ ডি এফ বিধায়ক আশ্ৰাফুল হুছেইনে এই সন্দৰ্ভত অখিল গগৈক তীব্ৰ সমালোচনা কৰে ।

অখিল গগৈক উজনি অসমলৈ যোৱাৰ আহ্বান

অসমৰ পৰা বিজেপিক উৎখাত কৰিবলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহলৈ যোৱাৰ প্ৰসংগক লৈয়ো সন্দেহ ব্যক্ত কৰে বিধায়ক আশ্ৰাফুল হুছেইনে । তেওঁ কয়,"বাঘবৰ, বৰপেটা, চেঙাকে ধৰি নামনি অসমৰ পৰা বিজেপিক ইতিমধ্যে উৎখাত কৰিছো ।" অসমৰ পৰা বিজেপিক খেদিব বিচৰা অখিল গগৈক উজনি অসমলৈ যাবলৈহে আহ্বান জনালে বিধায়ক আশ্ৰাফুল হুছেইনে । বিজেপিৰ পুতলা হিচাপে কাম কৰি থকা অখিল গগৈয়ে উজনি বা মধ্য অসমলৈ নাযায় বুলিও অভিযোগ কৰে বিধায়কগৰাকীয়ে । ইফালে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ বাবেই ২০২১ত অসমত বিৰোধী দলৰ চৰকাৰ নাহিল বুলিও অভিযোগ কৰে বিধায়ক আশ্ৰাফুল হুছেইনে ।

অখিল গগৈয়ে আনকি ১৯৫১ চনক বিদেশী নাগৰিক বহিষ্কৰণৰ ভিত্তিবৰ্ষ হিচাপে বিচৰা বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । আনহাতে এ আই ইউ ডি এফৰ বিধায়কে অভিযোগ কৰে যে অখিল গগৈয়ে বিজেপিক সহায় কৰিবলৈ ৰাজনীতি কৰি আছে ।

লগতে পঢ়ক :গো-মাংস নিষিদ্ধৰ আঁৰৰ ৰহস্য বুজাই দিলে লুৰীণজ্যোতি গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.