ETV Bharat / state

কাৰ্টনে কাৰ্টনে বিলাতী সুৰাৰে ভৰিল এখন থানাৰ চৌহদ; ক’ৰ পৰা আহিল ইমান সুৰা... - liquor seized in Golaghat

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 2:29 PM IST

Illicit foreign liquor Seized: গোলাঘাটত জব্দ বিলাতী সুৰাভৰ্তি ট্ৰাক । জব্দকৃত বিলাতী সুৰাখিনিৰ মূল্য প্ৰায় পঞ্চাশ লক্ষাধিক টকা ৷ জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 03 BC 7030 । ঘটনা সন্দৰ্ভত আৰম্ভ তদন্ত ৷

Liquor Seized in Golaghat
গোলাঘাট আৰক্ষীৰ জিম্মাত লক্ষাধিক টকাৰ বিলাতী সুৰা (ETV Bharat Assam)

গোলাঘাট, 17 জুলাই: গোলাঘাট জিলাৰ মাজেৰে দৈনিক অব্যাহত আছে বিলাতী সুৰাৰ অবৈধ সৰবৰাহ । আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধূলি দি এটা শক্তিশালী চক্ৰই নিতৌ নাগালেণ্ডলৈ ট্ৰাকে ট্ৰাকে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ চলাই আহিছে । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গোলাঘাট আৰক্ষীৰ এটা দলে অভিযান চলাই আঠখেলীয়াৰ বৰ কছাৰীত জব্দ কৰিবলৈ সক্ষম হয় বিলাতী সুৰাভৰ্তি এখন ট্ৰাক । জব্দ কৰা বিলাতী সুৰাখিনিৰ মূল্য প্ৰায় পঞ্চাশ লক্ষাধিক টকাৰ হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ।

যোৰহাটৰ মাজেৰে কাষৰীয়া ৰাজ্য নাগালেণ্ড অভিমুখে কঢ়িওৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 03 BC 7030 । সুৰা সৰবৰাহৰ ঘটনাত জড়িত চালকসহ সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষী, ঘিলাধাৰী আৰক্ষী আৰু ফৰকাটিং আবকাৰী বিভাগে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ মাজেৰে বিভিন্ন সময়ত একাংশ অসাধু ব্যাৱসায়ীয়ে অবৈধভাৱে বিভিন্ন ধৰণৰ সামগ্ৰী সৰহবৰাহ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে । গোলাঘাট আৰক্ষীয়ে এই অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও পুনৰ ন ন কৌশল অৱলম্বন কৰি দুষ্ট চক্ৰই অব্যাহত কৰিছে অবৈধ সামগ্ৰীৰ সৰবৰাহ ।

এক নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিয়া মতে অসম-নাগালেণ্ড সীমান্তৰ একাংশ সৰু সৰু পথেৰে এই অবৈধ সামগ্ৰীৰ সৰহবৰাহ কৰি আহিছে একাংশ দুষ্ট চক্ৰই । স্মৰ্তব্য যে, কিছুদিন পূৰ্বে মেৰাপানী আৰক্ষীয়ে নাগালেণ্ডলৈ অবৈধভাবে সৰহবৰাহ কৰিবলৈ চেষ্টা চলাওঁতেই এখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: চুলাই ব্যৱসায়ীৰ পৰা মাহেকীয়া কমিচন সংগ্ৰহৰ অভিযোগ আবকাৰী বিভাগৰ বিৰুদ্ধে - Excise office gherao in Amguri

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত জব্দ অবৈধ সুৰাভৰ্তি ট্ৰাক - Liquor seized in Merapani

ভূটানৰ ৬০ টকীয়া মদ অসমত বিক্ৰী হৈ আছে বহু দামত : খবৰ পালে আবকাৰী বিভাগে - Bhutanese liquor seized

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.