ETV Bharat / state

এতিয়াও সন্ধান নাই হত্যাকাৰীৰ, হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা - DHAKUAKHANA MURDER

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:43 PM IST

Murder in Lakhimpur : সুনীল গগৈৰ হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰক্ষী বিভাগৰ তৰফৰ পৰা পুৰস্কাৰ ঘোষণা । যোৱা এক জুনৰ নিশা লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈক ঘৰৰ সমীপতে দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি মুণ্ড কাটি লৈ যোৱাৰ উপৰি মৃতদেহটো জ্বলাই দিয়ে । এই ঘটনাত জড়িত ব্যক্তিৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰাৰ লগতে তেওঁৰ পৰিচয় গোপনে ৰখা হ'ব বুলি জাননী জাৰি কৰে জিলা আৰক্ষী অধীক্ষকে ।

Police announce reward for tracking Sunil Gogoi's murderer
হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা (ETV Bharat Assam)

লখিমপুৰ,৫ জুন: সুনীল গগৈৰ হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰক্ষী বিভাগৰ পুৰস্কাৰ ঘোষণা । লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত নৃশংস হত্যাৰ বলি হৈছিল সুনীল গগৈ । যোৱা এক জুনৰ নিশা তেওঁক ঘৰৰ নিচেই কাষতে দুৰ্বৃত্তই হত্যা কৰি মুণ্ড কাটি লৈ যোৱাৰ উপৰি মৃতদেহটো জ্বলাই দিয়া হৈছিল । এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । আৰক্ষী বিভাগৰ শীর্ষ বিষয়াবৰ্গ, ফৰেনচিকৰ দল, চিআইডি আদিয়ে অহৰহ ঘটনাস্থলীত তন্ন তন্ন পৰীক্ষা কৰি ছিন্ন মুণ্ডৰ সন্ধান কৰাৰ লগতে হত্যাকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

এনে সময়তে আৰক্ষী বিভাগৰ তৰফৰ পৰা বুধবাৰে হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰি জাননী জাৰি কৰে । জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে জাৰি কৰা এক জাননীত উল্লেখ কৰা হয় যে সুনীল গগৈৰ হত্যা সন্দৰ্ভত থানাত ৰুজু হোৱা ৩৯/২০২৪ নম্বৰৰ আৰু ১২০(বি) /৩০২/২০১/৩৪ ধাৰাৰ গোচৰটোত কোনোৱে হত্যাকাৰীৰ সন্ধান দিলে তেওঁক পুৰস্কৃত কৰা হ'ব আৰু তেওঁৰ পৰিচয় সম্পুর্ণ গোপনে ৰখা হ'ব ।

এই সন্দৰ্ভত যোগাযোগৰ বাবে ৬০২৬৯০০৪২৫ নম্বৰটো আৰক্ষী বিভাগৰ তৰফৰ পৰা মুকলি কৰি দিয়ে । উল্লেখ্য ঘটনাটোৰ পাচতে আৰক্ষী চিআইডি, ফৰেনচিকৰ দলে অভিযান অব্যাহত ৰাখে । ঘটনাটোক গুৰুত্ব সহকাৰে লয় আৰক্ষী বিভাগে । অসম আৰক্ষীৰ ডিআইজি সুধাকৰ সিং, চিআইডিৰ সঞ্চালক-সংযুক্তা পৰাশৰৰ লগতে ফৰেনচিক বিশেষজ্ঞৰ দল গুৱাহাটীৰ পৰা আহি উপস্থিত হৈ তদন্ত কৰে । তদন্তকাৰী দলটোৱে স্নীফাৰ ডগৰ জড়িয়তেও ঘটনাস্থলীত তদন্ত চলাই আৰু চোমণিৰ মাজৰ পৰা সুনীল গগৈৰ অৰ্ধদগ্ধ মৃতদেহৰ ওচৰত পোৱা বিভিন্ন নমুনা সংগ্ৰহ কৰে ফৰেনচিক বিশেষজ্ঞৰ দলে ।

ইফালে মৃতদেহৰ জ্বলি শেষ নোহোৱা অৱশিষ্ট অংশ মৰণোওৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও ঘটনাস্থলী পৰিদৰ্শন কৰে । ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ লগত জড়িত অপৰাধীক চিনাক্ত কৰিবলৈ আৰক্ষী তথা চিআইডিয়ে সকলো ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে । ৰাজ্য চৰকাৰৰ ফৰেনচিক উপদেষ্টা অশোক কুমাৰো ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে । হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ কাষতে থকা এটা জলাশয়ত ছিন্ন মুণ্ডটো পেলাই থোৱাৰ সন্দেহ কৰি জলাশয়ৰ পানী সিচে যদিও ছিন্ন মুণ্ডৰ সন্ধান নোলাল ।

লগতে পঢ়ক: অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : কোনে হত্যা কৰিলে সুনীল গগৈক ? - Mysterious Death In Lakhimpur

অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : নিৰৱচ্ছিন্ন তদন্ত অব্যাহত আৰক্ষী-ফৰেনছিক দলৰ - DHAKUAKHANA MURDER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.