ETV Bharat / state

বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি জগাই মেলি দিলে বনাঞ্চলত - Monocled cobra cubs

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 5:18 PM IST

Monocled cobra cubs: লখিমপুৰত বন বিভাগে এক নজিৰ স্থাপন কৰি জগালে বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি । এঘৰ মানুহৰ ঘৰৰ মজিয়াৰ গাঁতৰ পৰা উদ্ধাৰ কৰি অনা সাপৰ কণী ৰাখি পোৱালি জগাই বনাঞ্চলত এৰি দিয়ে বন বিভাগে ।

Poisonous Monocled cobra cubs gave birth and dumped in the forest in Lakhimpur
বিষাক্ত চকৰি ফেঁটী সাপৰ পোৱালি জগাই মেলি দিলে বনাঞ্চলত (ETV Bharat Assam)

লখিমপুৰ,২৯ আগষ্ট: সাপ বুলিলেই সাধাৰণতে মনত এক ভয়ৰ ভাৱ জাগ্ৰত হয় । সকলোৱে সাপ দেখিলে দুৰতে বিদুৰ হয় । পিছে লখিমপুৰত বন বিভাগে জগালে বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি । বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি জগোৱা এই কাৰ্য জিলাখনতে প্রথম বুলি জানিব পৰা গৈছে । ঘটনাটো আৰম্ভ হয় নগৰ এলেকাৰ গাতে লাগি থকা চাবতি চৌখাম মাজগাঁৱত । এইখন গাঁৱৰ এটা পৰিয়ালৰ পৰাই সাপৰ পোৱালি জগাবলৈ বন বিভাগ সক্ষম হয় ।

বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি জগাই মেলি দিলে বনাঞ্চলত (ETV Bharat)

চৌখাম মাজগাঁৱৰ গোপিন দাসৰ ঘৰত ঘটা এটা ঘটনাৰ পৰাই সাপৰ পোৱালি জগোৱা কাম আৰম্ভ হয় । জানিব পৰা মতে লোকজনৰ ঘৰত কিছুদিনৰ পৰা এডাল ডাঙৰ চকৰিফেঁটী সাপ ওলায় । সঘনে তেওঁলোকৰ ঘৰত দেখা দিয়ে সাপডালে । তেওঁলোকে সাপডালৰ সঘন উপস্থিতিত বিতত হৈ বন বিভাগক খবৰ দিয়ে । বন বিভাগৰ লোক গৈ সাপডাল ধৰিব নোৱাৰিলেও সাপডাল তেওঁলোকৰ ঘৰৰ মজিয়াত টাইলচৰ এটা বিন্ধাৰে সোমাই যোৱা প্ৰত্যক্ষ কৰে ।

লগে লগে মজিয়া খান্দি ১৩ টা সাপৰ কণী উদ্ধাৰ কৰিবলৈ বন বিভাগৰ লোক সক্ষম হয় । লোকজনৰ ঘৰৰ ভিতৰতে টাইলচৰ তলত সাপডালে কণী পাৰি থৈছিল । সাপৰ কণীখিনি পাই বন বিভাগে উলিয়াই আনি ৰেঞ্জ অফিচলৈ আনি এটা বৈয়ামত ভৰাই থয় । মুঠ ১৩ টা কণী এনেদৰে ৰাখিছিল বন বিভাগৰ লোকে। তেওঁলোকে বৈয়ামত ৰাখি থোৱা ১৩ টা কণীৰ ৭ টা ফুটি পোৱালি ওলায় । কণীখিনি থোৱাৰ পৰা প্ৰায় ষোল্ল দিনৰ পাছত ফুটি পোৱালি ওলায় ।

ইফালে এনেদৰে জগা সাপৰ পোৱালি চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । পোৱালিখিনি লখিমপুৰৰ কাকৈ বনাঞ্চলত এৰি দিয়ে । বিট অফিচাৰ ৰাতুল মহন্তই জনোৱা মতে সাপৰ পোৱালি জগোৱা এনে ঘটনা জিলাখনৰ ভিতৰতে এইটোৱেই প্রথম ।

লগতে পঢ়ক: বঙাইগাঁৱত দুখনকৈ দোকানৰ পৰা উদ্ধাৰ ১৮ টা ফেঁটী সাপৰ পোৱালি - Snake scare in Bongaigaon

cobra de capello rescued : শংকৰৰ ঘৰত নাগৰাজৰ বাসস্থান, 30টাৰো অধিক চকৰি ফেঁটী উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.