ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত বাৰেকুৰিৰ হলৌ বান্দৰৰ প্ৰসংগ: পৰ্যটনৰ পৰ্যাপ্ত সুবিধা লাভৰ আশা অঞ্চলবাসীৰ - Mann Ki Baat

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 7:02 PM IST

Hoolock gibbons in Mann Ki Baat : তিনিচুকীয়াৰ বাৰেকুৰিৰ হলৌ বান্দৰৰ প্ৰসংগই স্থান পালে প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’ত ৷ স্বাভাৱিকতেই উৎফুল্লিত প্ৰকৃতিপ্ৰেমী বাৰেকুৰিবাসী ৷ তথাপি যেন থাকি গৈছে কিছু ক্ষোভ ! কিয়নো আজিও অঞ্চলটোক পৰ্যটনক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ বাবে প্ৰদান কৰা হোৱা নাই পৰ্যাপ্ত সুবিধা ৷

Hoolock gibbons in Mann Ki Baat
প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত বাৰেকুৰিৰ হলৌ বান্দৰ প্ৰসংগ (ETV Bharat Assam)

তিনিচুকীয়া, ২৫ আগষ্ট : তিনিচুকীয়া জিলাৰ প্ৰসিদ্ধ বাৰেকুৰি অঞ্চলৰ হলৌ বান্দৰৰ প্ৰসংগটোৱে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠানৰ আৰম্ভণিতে বিশেষ স্থান লাভ কৰাত সমগ্ৰ ৰাজ্যখনতে উৎসাহৰ সৃষ্টি হৈছে ৷ ঐতিহাসিক বাৰেকুৰি অঞ্চলৰ স্থানীয় বাসিন্দাসকলে হলৌ বান্দৰৰ প্ৰতি দেখুৱাই অহা মৰম-চেনেহ আৰু আত্মীয়তাই দেশৰ প্ৰধানমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিছে ।

তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে ইয়াৰ বাবে বাৰেকুৰি অঞ্চলৰ ৰাইজলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে এই মৰাণ বসতিপ্ৰধান অঞ্চলৰ ৰাইজে বনৰীয়া হলৌ বান্দৰবোৰক নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই যত্ন লৈ খাদ্য যোগান ধৰি তথা ৰক্ষণাবেক্ষণ দি আহিছে । এই বিষয়টোক লৈ ইতিমধ্যে বি বি চিয়ে তথ্যচিত্ৰও নিৰ্মাণ কৰিছে । বাৰেকুৰিত ৫ টা হলৌ বান্দৰৰ পৰিয়ালে দীৰ্ঘদিন ধৰি শান্তিপূৰ্ণভাৱে বসতি স্থাপন কৰি আহিছে । দেওবাৰে প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ বাৰেকুৰি অঞ্চলটোত বিপুল উৎসাহ দেখা গৈছে ।

মন কী বাতত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘অসমৰ তিনিচুকীয়া জিলাৰ এখন সৰু গাঁও বাৰেকুৰিত মৰাণ জনগোষ্ঠীৰ লোকে বাস কৰে ৷ এই গাঁওখনতে বাস কৰে হলৌ গিবনে, যাক হলৌ বান্দৰ বুলি কোৱা হয় ৷ হলৌ বান্দৰে এই গাঁওখনেই বাসস্থান হিচাবে বনাই লৈছে ৷ আপোনালোকে জানি আচৰিত হ’ব যে এই গাঁওখনৰ লোকসকলৰ হলৌ বান্দৰৰ লগত যথেষ্ট ভাল সম্পৰ্ক আছে ৷ গাঁওখনৰ লোকসকলে গিবনৰ সৈতে সম্পৰ্ক অধিক মজবুত কৰাৰ বাবে সকলো কাম কৰে ৷ যেতিয়া তেওঁলোকে গম পালে যে গিবনে কল খাই ভালপায়, তেওঁলোকে কলৰ খেতি আৰম্ভ কৰিলে ৷ ইয়াৰোপৰি গাঁওবাসীয়ে গিবনৰ জন্ম-মৃত্যুৰ সময়ৰ নিয়ম-নীতিসমূহো নিজৰ ক্ষেত্ৰত পালন কৰাৰ দৰেই কৰিবলৈ চেষ্টা কৰে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ গাঁওবাসীয়ে গিবনৰ নামো দিয়ে ৷ গিবনবোৰে বৈদ্যুৎ পৰিবাহী তাঁৰৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল, এই ক্ষেত্ৰত গাঁওবাসীয়ে চৰকাৰক অৱগত কৰোৱায় আৰু ইয়াৰ সমাধানো উলায়াই লয় ৷ মোক জনাইছে যে গিবনবোৰে ফটোৰ বাবে প’জো দিয়ে ৷’’

পৰ্যটনৰ পৰ্যাপ্ত সুবিধা নাই বাৰেকুৰিত :

বাৰেকুৰিবাসীয়ে হলৌ বান্দৰৰ বাবে কৰি অহা কামসমূহে প্ৰধানমন্ত্ৰীৰ মন কী বাতত স্থান লাভ কৰাক লৈ স্বাভাৱিকতেই সুখী প্ৰকৃতিপ্ৰেমী অঞ্চলবাসী ৷ তথাপি সমগ্ৰ অঞ্চলটোৰ কেতবোৰ অসুবিধাৰ বিষয়ে জনালে প্ৰকৃতিপ্ৰেমীয়ে ৷ দীৰ্ঘদিনে প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত দিপ্লৱ চেতিয়াই কয়, ‘‘বাৰেকুৰীৰ হলৌ বান্দৰ সংৰক্ষণ, আন জৈৱ বৈচিত্য, মৰাণ জনগোষ্ঠীৰ ৰীতি-নীতি চাবলৈ দেশ-বিদেশৰ পৰ্যটক আহে ৷ কিন্তু পৰ্যটনৰ যি আন্তঃগাঁথনি হ’ব লাগিছিল, সেয়া হৈ উঠা নাই ৷ এটা পৰ্যটন আৱাস ইতিমধ্যে প্ৰদান কৰিছে, কিন্তু সেয়া পৰ্যাপ্ত নহয় ৷ তাত কেৱল দুজন বা এজন পৰ্যটক ৰাখিব পাৰি ৷ যদিহে এটা দলে বাৰেকুৰি অঞ্চলত নিশা যাপন কৰি অঞ্চলটোৰ বিষয়ে জানিব বিচাৰে, তেনেক্ষেত্ৰত পৰ্যাপ্ত সুবিধা দিবলৈ আমি সক্ষম নহয় ৷ তদুপৰি এতিয়াও যাতায়তৰ অসুবিধা আছে অঞ্চলটোত ৷ পৰ্যটন বিভাগে এইসমূহ অসুবিধা দূৰ কৰিব বুলি আমি আশা কৰিছোঁ ৷’’

লগতে পঢ়ক : মৃত হলৌ বান্দৰক ৰাজপথেৰে চোঁচৰাই নিয়া বনকৰ্মীক নিলম্বন

হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ?

হলৌ বান্দৰ চাবলৈ তিনিচুকীয়াৰ বাৰেকুৰিত পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.