ETV Bharat / state

অসমত মাইক্ৰ’বায়’লজী লেব তথা ১৭ টা ফুড ছেফটি অন হুইল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ANI

Published : Feb 26, 2024, 6:57 AM IST

Microbiology lab and FSW in Assam: অসমবাসীৰ বাবে সুখবৰ ৷ অসমত মাইক্ৰ’বায়’লজী লেব আৰু ১৭ টা ফুড ছেফটি অন হুইল উন্মোচন কৰা হ’ল ৷ গুজৰাটৰ ৰাজকোটৰ পৰা ভাৰ্চুৱেলি এই প্ৰকল্প উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Microbiology lab and FSW in Assam
অসমত মাইক্ৰ’বায়’লজী লেব আৰু ১৭ টা ফুড ছেফটি অন হুইল উন্মোচন

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : দেওবাৰে গুজৰাটৰ ৰাজকোটত আয়োজিত এক অনুষ্ঠিত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেলি অসমৰ কেবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে মোদীয়ে ৷ ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি উন্মোচন কৰে স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ খাদ্য সুৰক্ষা আয়ুক্তৰ অধীনত গুৱাহাটীৰ বামুণীমৈদামত থকা ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসমত নতুনকৈ স্থাপন কৰা মাইক্ৰ’বায়’লজী লেবৰেটৰী আৰু ১৭ খন ফুড ছেফটি অন হুইল (FSW) বাহন ৷ যাৰ মুঠ মূল্য ১৩.১১ কোটি টকা ।

এই প্ৰকল্প উন্মোচন অনুষ্ঠানৰ অংশ হিচাবে গুৱাহাটীত উপস্থিত থাকে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, কুইন ওজাৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি ৷ উল্লেখ্য যে, সমগ্ৰ অসমতে খাদ্য পৰীক্ষণৰ আন্তঃগাঁথনি বৃদ্ধিৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে ভাৰতীয় খাদ্য সুৰক্ষা মানদণ্ড প্ৰাধিকৰণে গুৱাহাটীত এই পৰীক্ষাগাৰটো স্থাপন কৰে ।

তদুপৰি, খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ দিশত অসমলৈ এফ এছ ডব্লিউ নামেৰে পৰিচিত ১৭ টা ভ্ৰাম্যমাণ খাদ্য পৰীক্ষণ পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা হৈছে । গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত এই অনুষ্ঠানৰ এক বিবৃতিত উপৰোক্ত সকলোবোৰ কথা উল্লেখ কৰা হৈছে ৷

FSSAI (food Safety and Standards Authority of India) আৰু অসম চৰকাৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰা হৈছে ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ অধীনত ৪.৬৪ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে অতি অত্যাধুনিক অণুজীৱবিজ্ঞান পৰীক্ষাগাৰ ৷

জানিব পৰা মতে, এই পৰীক্ষাগাৰটোৱে খাদ্য সামগ্ৰীৰ নমুনা বিশ্লেষণ কৰি ক্ষতিকাৰক ৰোগ সৃষ্টিকাৰী জীৱাণু চিনাক্তকৰণ কৰিবলৈ সক্ষম হ'ব ৷ যাৰ ফলত খাদ্য সুৰক্ষাৰ মানদণ্ড আৰু খাদ্যজনিত ৰোগ প্ৰতিৰোধ কৰাত সক্ষম হ’ব ৰাজ্যৰ খাদ্য বিভাগ ।

এই পৰীক্ষাগাৰটোত গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, পানী, খাদ্য শস্য, ফল-মূল আৰু শাক-পাচলি আদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ অণুজীৱ বিজ্ঞানৰ পৰিমাপসমূহ বিশ্লেষণ কৰিব পাৰিব । এই পৰীক্ষাগাৰটোৱে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ ৰ দ্বাৰা কল্পনা কৰা অনুসৰি ৰাজ্যখনৰ সকলো নাগৰিকৰ বাবে নিৰাপদ আৰু স্বাস্থ্যকৰ খাদ্য নিশ্চিত কৰাত বহুখিনি আগবাঢ়ি যাব ।

লগতে পঢ়ক : মন কি বাত, নতুন ভোটাৰসকললৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.