ETV Bharat / state

পশু স্বাস্থ্য বিভাগৰ বিশেষজ্ঞই নিধন কৰিলে শ শ গাহৰি - African Swine Fever - AFRICAN SWINE FEVER

African Swine Fever:মৰিয়নীৰ নাগিনীজান চাহ বাগিচাৰ ৯নং লাইনত আফ্ৰিকান ছোৱাইন ফিভাৰ ৷ ইয়াৰ পিচতে চাহ বাগিচাখনৰ ৯নং লাইনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে গাহৰিৰ বেচা-কিনা ৷

African Swine Fever
আফ্ৰিকান ছোৱাইন ফিভাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 7:57 PM IST

যোৰহাট, ২ জুন : মৰিয়নীত দেওবাৰে অসম আৰক্ষীৰ সমৰসজ্জা । গাহৰি নিধনৰ বাবে যোৰহাট জিলা পশু স্বাস্থ্য বিভাগৰ দল উপস্থিত হোৱা বাবে আৰক্ষীয়ে পুৱাৰে পৰাই সষ্টম হৈ পৰে ৷ মৰিয়নীৰ নাগিনীজানত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়ংকৰ ৰূপ লোৱাৰ পিচতেই যোৰহাট জিলা পশু স্বাস্থ্য বিভাগে গাহৰি নিধনৰ বাবে চলায় এই অভিযান ৷ এই ঠাইৰ পৰা অন্য স্থানলৈ যাতে ৰোগবিধ বিয়পিব নোৱাৰে তাৰ বাবেই সতৰ্কতা হিচাপে দেওবাৰে এনে অভিযান চলায় ।

আফ্ৰিকান ছোৱাইন ফিভাৰ (ETV BHARAT ASSAM)

আফ্ৰিকান ছোৱাইন ফিভাৰে যাতে আন ঠাইলৈ বিয়পিব নোৱাৰে তাৰবাবে মৰিয়নীৰ নাগিনীজান চাহ বাগিচাৰ ৯ নং লাইনৰ প্ৰায় ১ কিলোমিটাৰ দূৰত্বৰ আশে-পাশে থকা গাহৰিৰ পালকৰ গাহৰি নিধন কৰিবলৈ পশু স্বাস্থ্য বিভাগৰ বিশেষজ্ঞ দল উপস্থিত হয় ৷ গাহৰি নিধনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে বৃহৎ সংখ্যাক আৰক্ষী মোতায়েন কৰে যদিও প্ৰথম অৱস্থাত পালকসকলে আপত্তি দৰ্শাইছিল ৷

যোৰহাট জিলা আয়ুক্ত পুলক মহন্তৰ নিৰ্দেশ ক্ৰমে পশু আইন, ২০০৯ ৰ ধাৰা ৬ (১) ৰ "সংক্ৰামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণ" ৰ অধীনত নাগিনীজান চাহ বাগিচাৰ ৯ নং লাইনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত কৰে ৷ ফলত নাগিনীজান চাহ বাগিচাৰ ৯ নং লাইনৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত গাহৰি পালকৰ লগতে বিক্ৰী আদি সম্পূৰ্ণ ৰূপে বন্ধৰ কৰা নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে ।

উল্লেখ্য যে যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী বিধানসভা সমষ্টিৰ নাগিনীজান চাহ বাগিচাত ভয়ংকৰ ৰূপত ছানি ধৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ ভাইৰাছে । ফলত চাহ বাগিচাখনত বহুকেইটা গাহৰি মৃত্যুমুখত পৰিছে । ইফালে, গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ ফলত জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে গাহৰি পালকসকলৰ ৷

লগতে পঢ়ক:সংক্ৰমণ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ : গাহৰি পালকৰ মাজত হাহাকাৰ - African Swine Fever

African Swine Fever: লখিমপুৰত আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধ কৰিবলৈ 144 ধাৰা জাৰি

Pigs Banned In Sivasagar: শিৱসাগৰত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.