ETV Bharat / state

বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত দুজন - Accident in Goalpara

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 7:44 AM IST

Accident in Goalpara: গোৱালপাৰাৰ আমজোঙাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত দুজন ৷ গুৰুতৰভাবে আহত 6 । আটাইৰে ঘৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ।

Picnic car Meets Accident In Dudhnoi of goalpara, 6 injured
বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত দুজন

গোৱালপাৰা, 7 এপ্ৰিল: মৃত্যুদূতত পৰিণত হৈছে গোৱালপাৰা জিলাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ । পুনৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । গোৱালপাৰা জিলাৰ দুধনৈ আমজোঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সমীপত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰৰ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ ফলত এই দুৰ্ঘটনাত থিতাতে 2 জন নিহত হোৱাৰ লগতে আহত হয় 6 গৰাকীকৈ লোক । ইয়াৰে চাৰিগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাত থিতাতে নিহত হোৱা দুগৰাকী ব্যক্তি ফ্ৰাছাং মাৰাক (14), জেনিথ মাৰাক(21) বুলি জানিব পৰা গৈছে ৷ আনহাতে আহত কেইগৰাকীৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই, যদিও আটাইৰে ঘৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বাজেংদবাত বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, শনিবাৰৰ ৰাতিপুৱাৰ ভাগত গোৱালপাৰা-মেঘালয় সীমান্তৰ বাজেংদবা অঞ্চলৰ পৰা নাকাচিকং (হৌহোৱালৈ) বনভোজ খাবলৈ গৈছিল আটাইকেইজন । বনভোজ খাই ওভতি অহাৰ পথত আমজোঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই মৰ্মান্তিক পথ দুর্ঘটনাটো ।

জানিব পৰা মতে, AS-18-AC-5053 নম্বৰৰ পিকআপ ভেনখনত বনভোজ খাই লোককেইজন আহি থকা অৱস্থাত একে দিশৰ পৰা অহা তীব্ৰবেগী এখন অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় ৷ ফলত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে পিক-আপ বাহনখন । পথচাৰীৰ ভাষ্য অনুসৰি বাহনখনত থকা যাত্ৰীসকলে গান গাই স্ফূৰ্তি কৰি আহি থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ।

  • " class="align-text-top noRightClick twitterSection" data="">

মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক: নলবাৰীত তীব্ৰবেগী বাছৰ খুন্দাত নিহত এক, আহত চাৰি - Nalbari Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.