নলবাৰী, ২৬ মাৰ্চ : ‘‘মই এই সন্দৰ্ভত এতিয়া একো নকওঁ । তেওঁ নিজকে বহু বেছি বুলি ভাবে ৷ তেওঁ সততে দম্ভালি মাৰি সৰ্বহাৰাৰ নেতা বুলি পৰিচয় দিয়ে । তেওঁ সৰ্বহাৰাৰ বাবে কিমান কাম কৰিছে এবাৰ চিন্তা-চৰ্চা কৰক ৷ তাৰ পাচত সৰ্বহাৰাৰ বাবে মাত মাতি আহক ৷’’ মনোৰঞ্জন তালুকদাৰক কটাক্ষ কৰি এই মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে ৷
কিয়নো কিছুদিন পূৰ্বে চিপিআইএমৰ নেতা মনোৰঞ্জন তালুকদাৰে ফণীভূষণ চৌধুৰীক কান্দুৰা বুলি আখ্যা দিছিল ৷ মনোৰঞ্জন তালুকদাৰে ফণীভূষণ চৌধুৰীক কান্দুৰা বুলি মন্তব্য কৰাৰ পাচতে সোমবাৰে নলবাৰীত সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ফণীভূষণ চৌধুৰীয়ে ৷
উল্লেখ্য যে, হোলী উপলক্ষে সোমবাৰে নিশা নলবাৰীৰ বহু প্ৰান্তত উপস্থিত হয় বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী । জিলাখনৰ কেবাটাও প্ৰান্তৰ লগতে নেতাগৰাকীয়ে শেষত উপস্থিত হয় ঐতিহ্যমণ্ডিত বাহজানীৰ অগ্নিশালা দৌল মহোৎসৱৰ বাকৰিত ।
লগতে পঢ়ক : দলে মোক যথেষ্টখিনি দিছে, কিন্তু দলক মই দিব পৰা নাই : ফণীভূষণ চৌধুৰী
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ মাজত চিনাকি তথা মত বিনিময় কৰাৰ উদ্দেশ্যে বাহজানীত উপস্থিত হয় বুলি মন্তব্য কৰে । আনহাতে, এইবাৰ বৰপেটা লোকসভাত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ কাৰ লগত মূল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নত তেওঁ বৰ্তমানলৈ তেনে কোনো ছবি দেখায়েই নাই বুলি মন্তব্য কৰে ৷ চৌধুৰীয়ে মনোনয়ন পত্ৰ প্ৰদানৰ পিচতহে ইয়াৰ ছবি স্পষ্ট হৈ উঠিব বুলি মন্তব্য কৰে ।
উল্লেখ্য যে, আঞ্চলিকতাৰ প্ৰবল ভেঁটি নলবাৰী বিধানসভা সমষ্টিৰ বাহজানীত সোমবাৰে নেতাগৰাকীৰ উপস্থিতিয়ে দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ লগতে মিত্ৰজোঁটৰ সকলো সদস্যক প্ৰৱল উৎসাহ যোগায় । সোমবাৰে নিশা ফণীভূষণ চৌধুৰীক সংগ দিয়ে জিলা অগপৰ সভাপতি সম্পাদককে ধৰি দলটোৰ তৃণমূল আৰু মিত্ৰজোঁটৰ অন্যান্য সদস্যসকলে ।
লগতে পঢ়ক : বৰপেটা সমষ্টিৰ বাবে ফণীভূষণ চৌধুৰীৰ নাম ঘোষণা