ETV Bharat / state

অসমভূমিত নাগালেণ্ডৰ পেট্ৰ’ল পাম্প নিৰ্মাণ : দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত - Assam Nagaland border

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:51 PM IST

Nagaland petrol pump in Assam : উৰিয়ামঘাটৰ বিবদমান এলেকাত নগাই নিৰ্মাণ কৰিছে পেট্ৰ’ল পাম্প ৷ ইয়াৰ বিৰুদ্ধে দল-সংগঠনৰ নেতা জাঙুৰ খাই উঠাৰ পিছতেই তৎপৰ প্ৰশাসন ৷ নাগালেণ্ড প্ৰশাসনলৈ প্ৰেৰণ কৰা হৈছে জাননী ৷

Nagaland petrol pump in Assam
অসমভূমিত নাগালেণ্ডৰ প্ৰেট্ৰ’ল পাম্প নিৰ্মাণ (ETV Bharat Assam)

সৰুপথাৰ, ১৮ আগষ্ট : উৰিয়ামঘাটৰ বি চেক্টৰৰ চেইনপুৰত অসমৰ মাটিত নাগালেণ্ডে নিৰ্মাণ সম্পূৰ্ণ কৰিলে পেট্ৰ’ল পাম্পৰ কাম ৷ ধনশিৰি মহকুমা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ পূৰ্ণ সুযোগ নগাই গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ পূৰ্বতে নিৰপেক্ষ বাহিনী CRPF ক নিৰ্দেশ প্ৰদান কৰি বন্ধ কৰি দিয়া হৈছিল পেট্ৰ’ল পাম্প নিৰ্মাণৰ কাম-কাজ ৷ বিবদমান এলেকাৰ নীতি-নিয়ম ভংগ কৰি প্ৰায় সম্পূৰ্ণ কৰিলে পেট্ৰ’ল পাম্পটো নিৰ্মাণৰ কাম ৷ দল-সংগঠনৰ নেতাই জাঙুৰ খাই উঠাৰ পিছতেই তৎপৰ হ’ল ধনশিৰি মহকুমা প্ৰশাসন । কিছু সময়ৰ পিছতেই এই ঘটনাক লৈ সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকনে মন্তব্য প্ৰকাশ কৰে ৷ ইতিমধ্যে নাগালেণ্ড প্ৰশাসনলৈ জাননী প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

অসমভূমিত নাগালেণ্ডৰ পেট্ৰ’ল পাম্প নিৰ্মাণ (ETV Bharat Assam)

শনিবাৰৰ পৰাই অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন চলিছে ৷ সীমান্তৰ মানুহৰ দোকানত উদণ্ড নগা যুৱকৰ উদভণ্ডালি । অন্যহাতে পেট্ৰ’ল পাম্প নিৰ্মাণ নগাৰ ৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত পুনৰ নগাৰ দপদপনি দেখা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি আজি ধনশিৰি মহকুমাৰ দল-সংগঠনৰ নেতাই জাঙুৰ খাই উঠে ।

ইপিনে উৰিয়ামঘাটৰ অসম-নাগালেণ্ড সীমা সমস্যাকে ধৰি বিভিন্ন সমস্যাক লৈ উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । সংগঠনটোৱে কৰা দাবীসমূহ হৈছে- উৰিয়ামঘাট নগৰক পৌৰসভালৈ উন্নীত কৰা, অসম-নাগালেণ্ড সীমা সমস্যাৰ সমাধান কৰা, উৰিয়ামঘাটত চৰকাৰী মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা, উৰিয়ামঘাট সীমান্ত দণ্ডাধীশৰ কাৰ্যালয় নিয়মিত খোলাৰ ব্যৱস্থা, সপ্তাহত অতি কমেও ৫ দিন দণ্ডাধীশজন কাৰ্যালয়লৈ অহাৰ ব্যৱস্থা কৰা ৷

তদুপৰি উৰিয়ামঘাট সাংস্কৃতিক ক্ৰীড়া সন্থা (উৰিয়ামঘাট ৰাজহুৱা ভৱন) ৰংগমঞ্চটো উন্নয়নৰ ব্যৱস্থা কৰা, উৰিয়ামঘাটৰ পশু চিকিৎসালয়ৰ উন্নয়নৰ ব্যৱস্থা কৰা, উৰিয়াঘাট আদৰ্শ চিকিৎসালয়ত ২৪ ঘণ্টাই চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা, ২০১৩ চনতেই আৰম্ভ হোৱা ৰেংমা জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা ইত্যাদি নানা সমস্যাক লৈ বৰষুণত তিতি তিতি প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যাৰ সমাধানত গুৰুত্ব দুয়োখন চৰকাৰৰ: মন্ত্রী অতুল বৰা

খাচী দুৰ্বৃত্তই ভাঙিলে অসমৰ ঘৰ : অসম-মেঘালয় সীমান্ত তীব্ৰ উত্তেজনা

অসম-নাগালেণ্ড সীমান্তত একাংশ মহিলাই বৰষুণত তিতি অৱৰোধ কৰিলে পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.