ETV Bharat / state

পুনৰ দাম বাঢ়িল পেট্ৰ’লৰ: আপোনাৰ অঞ্চলত কিমান হ’ল প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য...জানি লওক সবিশেষ

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰায় ২ বছৰৰ অন্তত হ্ৰাস পাইছিল পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য । নিৰ্বাচনৰ পিছত দাম বাঢ়িল তিনিবাৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 1:32 PM IST

Petrol Price
পুনৰ পেট্ৰ'লৰ মূল্য বৃদ্ধি (ETV Bharat Assam)

গুৱাহাটী, ১৪ অক্টোবৰ: উৎসৱৰ বতৰত ৰাইজক পুনৰ ৰামটাঙোন শোধালে চৰকাৰে । চাৰি মাহ পূৰ্বে চৰকাৰে অন্তিমবাৰৰ বাবে বৃদ্ধি কৰিছিল ইন্ধনৰ মূল্য় । যোৱা ৫ জুনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য় বৃদ্ধি কৰাৰ পিচত চৰকাৰে ৰাইজক মাধমাৰ শোধাই পুনৰ বঢ়ালে পেট্ৰ'লৰ মূল্য ।

৫ জুনত ৯৬.১৪ টকা আছিল পেট্র'লৰ দাম

প্রতিলিটাৰ পেট্ৰ'লত পুনৰ বৃদ্ধি হ'ল ১ টকা ১ পইচাকৈ । ১০ অক্টোবৰত প্রতিলিটাৰ পেট্র'লৰ বিপৰীতে চৰকাৰে বৃদ্ধি কৰিলে 'ভেট' । ইয়াৰ লগে লগে গুৱাহাটীত ৯৭.১৪ টকাৰ প্ৰতিলিটাৰ পেট্র'লৰ দাম হ'লগৈ ৯৮.১৫ টকা । যোৱা ৫ জুনত প্রতিলিটাৰ পেট্র'লত ১ টকা ১ পইচাকৈ আৰু ডিজেলৰ দাম বৃদ্ধি হৈছিল এটকাকৈ । ৫ জুনত ৯৬.১৪ টকাৰ প্রতিলিটাৰ পেট্র'লৰ দাম হৈছিলগৈ ৯৭.১৪ টকা আৰু ৮৮.৩৮ টকাৰ প্রতিলিটাৰ ডিজেলৰ দাম হৈছিল ৮৯.৩৮ টকা ।

সোমবাৰে গুৱাহাটীকে ধৰি দেশৰ প্ৰধান নগৰসমূহত পেট্ৰল-ডিজেলৰ নতুন মূল্য-

নগৰ পেট্ৰ'লৰ মূল্য ডিজেলৰ মূল্য
গুৱাহাটী98.1589.38
দিল্লী94.7287.62
মুম্বাই 103.4489.97
চেন্নাই100.75 92.56
কলকাতা 104.9591.76
নয়ডা94.8187.93
লক্ষ্ণৌ 94.6587.76
বেংগালুৰু102.8688.94
হায়দৰাবাদ 107.4195.65
জয়পুৰ104.8890.36
ভুৱনেশ্বৰ100.97 92.46

ইয়াৰ পূর্বে যোৱা এপ্রিলতো বৃদ্ধি হৈছিল পেট্র'লৰ দাম । চলিত বর্ষত ক্রমাগতভাবে বৃদ্ধি হোৱা পেট্র'লৰ দামে স্বাভাৱিকতে বিপাঙত পেলাইছে সর্বসাধাৰণক। কাৰণ পেট্র'ল-ডিজেলৰ দামৰ সৈতে অত্যাবশ্যকীয় খাদ্য-সামগ্রীৰ মূল্যবৃদ্ধিৰ সম্পর্ক আছে । পেট্র'ল-ডিজেলৰ দাম বৃদ্ধি হ'লে সকলো সামগ্ৰীৰে পৰিবহণ ব্যয় বৃদ্ধি হয়। লগে লগে সেইসমূহ সামগ্ৰীৰ দামো বৃদ্ধি হয় ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে হ্ৰাস পাইছিল মূল্য়

বিশেষকৈ ৰাজ্যত মাত্র ৬ মাহত তিনিবাৰকৈ ভেট বৃদ্ধিৰে পেট্র'লৰ দাম বৃদ্ধি কৰা কাৰ্যই ৰাইজক বিপাঙত পেলাইছে । উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২ টকাকৈ হ্ৰাস কৰিছিল । ১৫ মাৰ্চৰ পৰা এই নতুন মূল্য কাৰ্যকৰী হৈছিল । ২ টকাকৈ হ্ৰাস পোৱাত জনসাধাৰণে কিছু সকাহ পাইছিল যদিও পুনৰ পেট্ৰ'লৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে ।

পেট্ৰ'লৰ মূল্য বৃদ্ধি প্ৰত্যাহাৰৰ দাবী আপৰ

আজি পেট্ৰ'লৰ মূল্য বৃদ্ধিৰ পিচতেই ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আপ । পেট্ৰ'লৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাই এক বিবৃতি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয়,"আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচতো বিজেপি চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ দাম কমোৱা নাই । ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে অসমত পুনৰ পেট্ৰ'লৰ দাম বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ সোধাইছে । দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ মাজতে ভেট বৃদ্ধি কৰি পুনৰ প্ৰতি লিটাৰত ১ টকা ১ পইচাকৈ পেট্ৰ'লৰ দাম বৃদ্ধি কৰিলে। আমি আম আদমী পাৰ্টিয়ে চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছো। "

চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ সভাপতি ধানোৱাৰে কয়," ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ লগে লগে সকলোধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব । উৎপাদন আৰু পৰিবহণ ব্যয় বৃদ্ধি পাব । ফলত সাধাৰণ মানুহে দৈনন্দিন জীৱনত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব । ৰাজ্য চৰকাৰে সকলো দিশ চালি জাৰি চাই পেট্ৰ'লৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা উচিত । ৰাইজৰ ওপৰত অত্যধিক কৰৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত আপে সমৰ্থন নকৰে । "

হাজাৰ হাজাৰ কোটি টকাৰ ঋণৰ বোজা বহন কৰিব নোৱৰা ৰাজ্য চৰকাৰে জনসাধাৰণৰ ওপৰত কৰ সন্ত্ৰাস চলোৱা বুলিও অভিযোগ কৰে আপৰ নেতাগৰাকীয়ে। বিগত দিনত ৰাজ্যত দৈনন্দিন প্ৰয়োজনীয় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় আপ,অসমৰ সভাপতি মনোজ ধানোৱাৰে ।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে দেশবাসীক উপহাৰ, আজিৰে পৰা অসমকে ধৰি দেশত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ পাছত এইবাৰ বৃদ্ধি পাব পাকঘৰৰ এইবিধ সামগ্ৰীৰ দাম - Edible oil import tax hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.