ETV Bharat / state

বৰপেটাৰ কেঞ্চাৰ হাস্পতালত অত্যাধুনিক পেট-চিটি স্কেন সেৱা মুকলি - Barpeta Cancer Care Institute

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 9:20 PM IST

Cancer Hospital in Barpeta: বৰপেটাৰ কেঞ্চাৰ হাস্পতালত মুকলি কৰা হ'ল অত্যাধুনিক পেট-চিটি স্কেন মেচিন । পেট- চিটি স্কেনটো মেচিনটো মুকলি কৰে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ চীফ অপাৰেচনেল অফিচাৰ ডাঃ জয় প্ৰকাশ প্ৰসাদে ।

Pet-CT scan machine launched at Cancer Care Institute, Barpeta
অত্যাধুনিক পেট-চিটি স্কেন মেচিন মুকলি (ETV Bharat Assam)

বৰপেটা,২২ আগষ্ট: টাটা ন্যাস আৰু অসম চৰকাৰৰ উদ্যোগত বৰপেটাত স্থাপন কৰা কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউটত বৃহস্পতিবাৰে অত্যাধুনিক পেট-চিটি স্কেন মেচিন স্থাপন কৰা হয় ।‌ কেঞ্চাৰৰ উপৰি দীৰ্ঘদিন ধৰি ভূগি থকা ৰোগৰ সঠিক আৰু দ্ৰুত চিনাক্তকৰণৰ বাবে ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা মেচিনটো বৃহস্পতিবাৰে উদ্বোধন কৰে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ চীফ অপাৰেচনেল অফিচাৰ ডাঃ জয় প্ৰকাশ প্ৰসাদে ।

এই উদ্বোধন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ডাঃ প্ৰসাদে জনাই যে সমগ্ৰ পশ্চিম অসমৰ ভিতৰত একমাত্ৰ বৰপেটাৰ কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউটত এই মেচিনটো আজি উদ্বোধন কৰা হয় ।‌ গতিকে ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোৰ বৃহৎ সংখ্যক ৰাইজ ইয়াৰ জৰিয়তে উপকৃত হ'ব । কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্তসকলে এক সকাহ লাভ কৰিব । বিশেষকৈ দুখীয়া লোকসকলৰ চিকিৎসা ব্যৱস্থা অধিক সহজ হ'ব বুলি ডাঃ প্ৰসাদে উল্লেখ কৰে ।

আনহাতে বৰপেটা কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউটৰ মূৰব্বী ডাঃ নিৰ্মল কুমাৰ সিঙে মন্তব্য কৰে যে প্ৰতিষ্ঠাৰ মাত্ৰ দুবছৰৰ ভিতৰত বৰপেটাৰ প্ৰতিষ্ঠানখনত এনে এটা অত্যাধুনিক মেচিন স্থাপন কৰিবলৈ সক্ষম হোৱাটোৱে ৰাজ্যৰ চিকিৎসা খণ্ডক নতুন মাত্ৰা দিব । কাৰণ মেচিনটোৰ জৰিয়তে ৰোগ চিনাক্তকৰণ, সঠিক নিৰূপণ আৰু চিকিৎসা ব্যৱস্থা ত্বৰান্বিত হ'ব ।‌ ইয়াৰ জৰিয়তে পশ্চিম অসমৰ ৰাইজ ব্যাপকভাৱে উপকৃত হ'ব । আজিৰ অনুষ্ঠানটোত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক হাছমত আলীকে আদি কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ পৰা ২০২৪ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা গ্ৰহণ কৰিলে ড৹ পূৰৱী শইকীয়াই - 2024 Shanti Swarup Bhatnagar Award

দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল গোচৰ - DB Stock Consultancy case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.