ETV Bharat / state

নিৰ্বিকাৰ চৰকাৰ : সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া - Poor Road in Tihu - POOR ROAD IN TIHU

Protest in Tihu: পথৰ বিধস্তৰূপে সমস্যাত পেলাইছে ৰাজ্যৰ এটা অংশৰ ৰাইজক ৷ ক্ষোভিত স্থানীয় লোকে পথকে খেতিপথাৰলৈ পৰিৱৰ্তিত কৰাৰ বাবে জৰাজীৰ্ণ পথত ৰুলে কঠীয়া । ক’ৰ এই ঘটনা ? জানিবলৈ পঢ়ক বিস্তৃত প্ৰতিবেদন -

people protest in Tihu demanding repairment of poor road
নিৰ্বিকাৰ চৰকাৰ: সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 12:07 PM IST

নলবাৰী, 15 জুলাই : পথৰ দাবীত নহয় বছৰ বছৰ ধৰি যোগাযোগৰ সমস্যাত ভুগি থকা একাংশ লোকে পথ নিৰ্মাণ নকৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগী লোকসকলে "আমাক ৰাস্তা নালাগে, ভূঁই ৰুই ধান গজাম" বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

নিৰ্বিকাৰ চৰকাৰ: সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া (ETV Bharat Assam)

এই ঘটনা নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত । পূৰ্বৰ ধৰ্মপুৰ বৰ্তমানৰ টিহু বিধানসভা সমষ্টিৰ চামতাৰ পৰা সাহপুৰ-বৰপীত-সন্ধেলী-হাৰিভাংগা হৈ টিহু নগৰ পৰ্যন্ত সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই এতিয়া বোকাময় হৈ পৰে ৷ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । বছৰ বছৰ ধৰি পথটো মেৰামতি নকৰাৰ ফলত শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহা-যোৱা কৰাত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰিছে ।

বিধ্বস্ত অৱস্থাৰ বাবে প্ৰায়ে সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ অহাৰ লগতে বৰষুণ দিলেই ৰোগী নিবলৈ 108 মৃত্যুঞ্জয় সেৱা গ্ৰহণৰ পৰাও বঞ্চিত হৈ পৰে স্থানীয় লোক । বিগত প্ৰায় বিশ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, পূৰ্বৰ বিধায়ক নীলমণি সেন ডেকা, মধুপুৰ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সভাপতি, জিলা পৰিষদৰ সদস্য আদিকে ধৰি চৰকাৰ-প্ৰশাসনৰ বিভিন্ন মন্ত্ৰী-বিষয়াক পথটো মেৰামতি কৰি দিবলৈ আবেদন নিবেদন জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

আনকি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও পথটো পৰিদৰ্শন কৰি মেৰামতি কৰাৰ আশ্বাস দিছিল যদিও আজিলৈকে সেয়া হৈ নুঠিল বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰে স্থানীয় লোকসকলে । বাৰাম্বাৰ সুচল যাতায়ত ব্যৱস্থাৰ দাবী জনায়ো কোনো সুফল লাভ নকৰাত এতিয়া ভুক্তভোগী ৰাইজে পথটোত ভূঁই ৰুই চৰকাৰ তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে ।

লগতে পঢ়ক: জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ - Dilapidated road in Jonai

ভৱেশ কলিতাৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ : পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ - Protest for Road construction

বিজেপিৰ কাৰ্যালয়ৰ সমীপতে আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ পৰিৱেশ - Bhutan Road Condition

জনপ্ৰতিধিৰ আশ্বাসলৈ ৰৈ নাথাকি ৰাইজে মেৰামতি কৰিলে পথ - Pathetic Road Condition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.