ETV Bharat / state

গেলিছে ৰাজপথ, খবৰ নাই বিধায়কৰ : মৰিয়নীত কৃষক মুক্তিৰ প্ৰতিবাদ - Poor Road Condition in Jorhat

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:37 PM IST

KMSS protest in Jorhat : বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পিঠি দিলে সমষ্টিৰ উন্নয়নলৈ ৷ সেয়ে বিধায়কক উচিত সময়ত উচিত শিক্ষা দিবলৈ সাজু মৰিয়নীবাসী । এয়া মৰিয়নীবাসীৰ মন্তব্য ৷

KMSS protest in Jorhat
ৰাজপথৰ মাজত পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁত (ETV Bharat Assam)

যোৰহাট, ২৫ জুন : পথ নে পথাৰ ধৰিবই নোৱাৰি ৷ কিয়নো ৰাজপথৰ মাজত পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁত ৷ পথৰ ওপৰতে ভূঁই ৰুব পৰা অৱস্থা ৷ বাহিৰৰ মানুহতো বাদেই গাঁৱৰ মানুহেও অহা-যোৱা কৰিব নোৱাৰে সেই পথেৰে ৷ এই অভিযোগ মৰিয়নীবাসীৰ ৷

যোৰহাটত প্ৰতিবাদ (ETV Bharat Assam)

কিয়নো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাঁহচৰা চাৰিআলিৰ পৰা পদুমণি ধোদৰ আলি সংযোগী বৈচাহাবি পথটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ এতিয়া যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে । বিধস্ত পথটো মেৰামতি কৰি দিবলৈ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক অৱগত কৰা হৈছিল ৷

কিন্তু সকলোৰে যেন গঁড়ৰ ছালৰ দৰে অৱস্থা ৷ ৰাইজৰ কথালৈ ভ্ৰূক্ষেপ নাই কাৰো ৷ খবৰ ল’বলৈ আহৰি নাই বিধায়কৰো ৷ এয়া অঞ্চলবাসীৰ ভাষ্য ৷

উপায়ন্তৰ হৈ সোমবাৰে হাঁহচৰা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজৰ সহযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগ হাই হাই, বিজেপি চৰকাৰ হুচিয়াৰ, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কাম নাই ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : পৌৰসভাৰ অনুমতি নোলোৱাকৈয়ে ঠিকাদাৰে কৰিছে জল জীৱন আঁচনিৰ কাম - Poor Road Condition in Sarupathar

প্ৰতিবাদস্থলীত কৃষক নেতা অৰিন্দম গগৈ উপস্থিত হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ফচহু আখ্যা দিয়াৰ লগতে সমষ্টি উন্নয়নত ব্যৰ্থ বুলি অভিহিত কৰে ।

উল্লেখ্য যে এই পথৰ নিৰ্মাণকাৰ্যৰ বাবে ৰাইজক আভূৱা ভাৰিবলৈ ছমাহ পূৰ্বে এখন তদাৰকী সমিতি গঠন কৰিছিল যদিও আজি পৰ্যন্ত পথটোৰ মেৰামতিহে নহ’ল । প্ৰতিবাদস্থলীত টীয়ক ৰাজহ চক্ৰ বিষয়াৰ লগতে গড়কাপ্তানী বিভাগৰ এটি দল উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগক পথটো মেৰামতিৰ বাবে এক সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ দাবী উত্থাপন কৰে ৷

লগতে তেওঁলোকে ৰাজহ চক্ৰ বিষয়াৰ যোগেদি যোৰহাট জিলা আয়ুক্তলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে । তাপৰ্যপূৰ্ণ যে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টি উন্নয়নলৈ পিঠি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়ে উচিত সময়ত বিধায়কগৰাকীক শিক্ষা দিবলৈ মৰিয়নীবাসী সাজু হৈছে বুলিও চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক : জৰাজীৰ্ণ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ - Poor Road in Amguri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.