ETV Bharat / state

জৰাজীৰ্ণ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ - Poor Road in Amguri

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 12:16 PM IST

Protest In Amguri : পথ নে পথাৰ ধৰিব নোৱাৰা এটা ৰাজপথ ৷ পথত ভূঁই ৰুই প্ৰতিবাদ স্থানীয় মহিলাৰ ৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে দিকচু গাঁও পঞ্চায়তৰ বামুণবাৰী ৰঙাই আলি পথটো ৷

Protest In Amguri
ভূঁই ৰুই মহিলাৰ প্ৰতিবাদ (ETV Bharat Assam)

আমগুৰি, 24 জুন : ৰাজ্যত পঞ্চায়তীৰাজ ব্যৱস্থাৰ যোগেদি গ্ৰামাঞ্চলৰ উন্নয়নৰ জয়-ঢোল বজোৱাৰ সময়তে আমগুৰিত বোকাময় পথত ভূঁই ৰুই গাঁৱৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে । গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ দিকচু গাঁও পঞ্চায়তত বামুণবাৰী ৰঙাই আলিত কোৰ মাৰি ভূঁই ৰুলে প্ৰতিবাদী পুৰুষ-মহিলাই ।

আহাৰমহীয়া পথাৰতকৈও অধিক বোকাময় হৈ পৰা পথটো স্বাধীনতাৰ 76 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখাত অৱশেষত গাঁৱৰ ক্ষোভিত পুৰুষ-মহিলাই পথত ভূঁই ৰুই চৰকাৰ আৰু জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰাৰ যত্ন কৰে ।

লগতে পঢ়ক: জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে চৰবাসীক; মেৰামতিৰ আহ্বান - Poor communication in dhubri

জানিব পৰা মতে, মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা পথটোৰ দুৰৱস্থাৰ বাবেই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা ৰোগীসকলেও প্ৰতিদিনে সন্মুখীন হ’বলগীয়া হৈ আহিছে বিভিন্ন সমস্যাৰ । গাঁওখনৰ কোনো লোকৰ অসুখ হ'লে চিকিৎসালয়লৈ ঠেলাত লৈ যাবলগীয়া হয় বুলি ক্ষোভিত লোকে জনায় সংবাদ মাধ্যমৰ আগত ।

স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধিক শতাধিকবাৰ এই সন্দৰ্ভত আবেদন-নিবেদন জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণৰ সু-ব্যৱস্থা নকৰিলে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে । দীৰ্ঘদিনীয়া এক অন্তহীন সমস্যা দূৰ কৰাৰ কাৰণে গাঁৱৰ জ্যেষ্ঠ মহিলাসকলে পথৰ ওপৰতে প্ৰাৰ্থনা কৰি জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্ঠা কৰে ।

লগতে পঢ়ক: চলি আছে অমৃতকাল; তথাপিও গাঁওবাসী বঞ্চিত সকলো সা-সুবিধা লাভৰ পৰা ! - Deprived of all facilities

উল্লেখ্য যে, তিনিখন গাঁৱৰ সংযোগস্থল ৰঙাই আলি অঞ্চলটোৰ লোকৰ যাতায়তৰ বাবে এটা যথেষ্ট গুৰুত্বপূৰ্ণ পথ ৷ গুৰুত্বপূৰ্ণ পথটি পকীকৰণৰ বাবে বিভাগীয় কাৰ্যালয় আৰু জনপ্ৰতিনিধিক বহুবাৰ আহ্বান জনোৱা হ’ল যদিও কোনেও গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ । যাৰ ফলত উন্নয়নৰ শ্ল'গান আওৰোৱা চৰকাৰখনৰ সুমতিৰ কাৰণে পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক: বিধায়কৰ বিৰুদ্ধে ক্ষোভ : পথ নিৰ্মাণৰ কামত লাগিল ৰাইজ - Pathetic Road Condition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.