ETV Bharat / state

আমাক উৰণ সেতু নালাগে, গোলাঘাটত চৰকাৰৰ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ - Public protest against flyover

Public protest: গোলাঘাটৰ এৰেঙাপাৰৰ পৰা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপলৈকে প্ৰায় ৪২ কোটিৰে এখন ৰে'লৱে উৰণ সেতুৰ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব ৷ কিন্তু এই উৰণ সেতুৰ বিৰুদ্ধে ইছলামপট্টিত শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে ।

Public protest
গোলাঘাটত চৰকাৰৰ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:31 PM IST

গোলাঘাটত চৰকাৰৰ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ

গোলাঘাট,১৫ ফেব্ৰুৱাৰী : উৰণ সেতু নিৰ্মাণৰ চৰকাৰৰ সিদ্ধান্তক লৈ অসন্তুষ্ট গোলাঘাট নগৰৰ একাংশ লোক । যাৰ বাবে বৃহস্পতিবাৰে গোলাঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে । তেওঁলোকৰ দাবী কোনো কাৰণতে গোলাঘাটৰ এৰেঙাপাৰৰ পৰা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপলৈকে এখন উৰণ সেতু নালাগে । চৰকাৰৰ এই প্ৰকল্প বন্ধ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায় ।

ৰাইজে দাবী কৰা মতে সেতুখন নিৰ্মাণ হ'লে দুই শতাধিক লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বহু বাসগৃহ উচ্ছেদ হ'ব । সেয়ে গোলাঘাট নগৰৰ ইছলামপট্টিত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এগৰাকী কণমানিয়ে কাতৰ আহ্বান জনালে,"মামা আমাৰ ঘৰ নাভাঙিব, আমি ক'লৈ যাম ৷"

উল্লেখ্য যে গোলাঘাটৰ ইছলামপট্টিৰ মাজেৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে প্ৰায় ৪২ কোটিৰে এখন ৰে'লৱে উৰণ সেতুৰ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব ৷ উৰণ সেতুখন নিৰ্মাণ হ'লে গোলাঘাট নগৰৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰা হ'ব ৷ সেয়েহে এই উৰণ সেতুৰ বিৰোধিতাৰে অঞ্চলটোৰ লোকসকলে নিজ নিজ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । কণ কণ শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ, মহিলা সকলোৱে উৰণ সেতু প্ৰকল্প বন্ধ কৰাৰ বাবে দাবী জনায় ।

প্ৰতিবাদকাৰীসকলে দাবী কৰা মতে এই উৰণ সেতুৰ কাম আৰম্ভ হ'লেই বহু পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ হ'ব আৰু পৰিয়াল পোহপাল দিয়াত তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব । লোকসকলে এই বিষয়ত গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্ত মন্ত্ৰী অজন্তা নেওগক অৱগত কৰে যদিও তেওঁ বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ প্ৰতিবাদকাৰীসকলে অৱশেষত গোলাঘাটৰ আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷

লগতে পঢ়ক :সদনত বিভাগীয় মন্ত্ৰীৰ ওলোটা খৰ; আন্দোলনৰ ঘোষণা সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.