মাজুলী: শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটিমান দিন । ইতিমধ্যে আৰম্ভ হৈছে ৰাসৰ আখৰা । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাস কমিটীসমূহলৈ দিলে ভাল খবৰ । প্ৰতিখন ৰাস কমিটীলৈ আগবঢ়াব অনুদান ।
অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক প্ৰদান কৰিব ৫০,০০০ কৈ টকা । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ অন্যান্য ৰাস কমিটীসমূহৰ সমান্তৰালকৈ আনন্দিত হৈ পৰিছে মাজুলীৰ ৰাস কমিটীসমূহো ।
কিয়নো ৰাস বুলি ক'লেই পোন প্ৰথমে মনলৈ আহে সত্ৰপীঠ মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ লগত আছে এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ ।
কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ-বতাহ । এইবছৰ মাজুলীৰ সত্ৰানুষ্ঠানসমূহকে ধৰি ৬৪ খন মঞ্চত অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱভাগ ।
The Raas Festival of Majuli is a vibrant celebration that truly embodies the spirit and cultural essence of Assam. In honor of this significant event, the Government of Assam is pleased to announce an additional grant of Rs. 50,000 for each Raas Committee. This amount is in…
— Himanta Biswa Sarma (@himantabiswa) November 2, 2024
বান-বাৰিষাৰ সকলো দুখ-দুৰ্ভাৱনা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ । ৰাস বুলি কলেই ব্যস্ততা বাঢ়ে মাজুলীৰ প্ৰতিজন লোকৰ । দেশী-বিদেশী হাজাৰ হাজাৰ লোকক আদৰণি জনাবলৈ সাজু হয় মাজুলীবাসী । আগন্তুক ৰাস মহোৎসৱৰ বাবে সাজু হৈ উঠিছে সত্ৰসমূহৰ লগতে ৰংগমঞ্চসমূহ । ইতিমধ্যে নিশা দুপৰলৈকে চলিছে ৰাসৰ আখৰা ।
ৰাস মহোৎসৱৰ ব্যস্ততাৰ মাজতে ৰাস কমিটিসমূহলৈ ৫০,০০০ কৈ টকা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাছতে ৰাস কমিটীসমূহৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । সকলোৱে মুখ্যমন্ত্ৰীগৰাকী তথা অসম চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনাইছে ।