ETV Bharat / state

গৰাখহনীয়াৰ কবলত ঢকুৱাখনাবাসী : ভৰ বাৰিষা হোৱা নাই বাবেই নিদ্ৰাৰত জনপ্ৰতিনিধি - Brahmaputra Erosion - BRAHMAPUTRA EROSION

Erosion in Dhakuakhana : প্ৰৱল গৰাখহনীয়াৰ কবলত পৰিছে ব্ৰহ্মপুত্ৰ ৷ আতংকিত হৈ পৰিছে ঢকুৱাখনাৰ ৰাইজ ৷ ভৰ বাৰিষালৈ বাট চাইছে জনপ্ৰতিনিধিয়ে ৷

SISI TEKELIPHUTA EMBANKMENT
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত ঢকুৱাখনাবাসী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:32 PM IST

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত ঢকুৱাখনাবাসী (ETV Bharat Assam)

ধেমাজি, 2 মে’: ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ নাচি-বাগি, প্ৰতিশ্ৰুতিৰ উজান উঠাই ঘূৰি ফুৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ জলসম্পদ মন্ত্ৰীগৰাকীৰেও ভাষণ দি দি আহৰি পোৱা নাই ৷ কাৰণ ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী পৰিৱেশ ৷ সেই সময়তে প্ৰৱল গৰাখহনীয়াই আতংকিত কৰিছে ঢকুৱাখনাৰ নদীপৰীয়াক ৷

উল্লেখ্য যে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বান্দেনাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈছে কালৰূপ ৷ সমাগত বাৰিষাৰ পূৰ্বেই ব’হাগতে অহা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত জাহ গৈছে ঢকুৱাখনাৰ সুৰক্ষা কৱচ চিচি-টেকেলীফুটা মথাউৰিৰ বান্দেনা অংশৰ এচোৱা চেক বান্ধ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নদীখনে বান্দেনা অংশত সৃষ্টি কৰা খহনীয়াত জাহ গ’ল বান্দেনাৰ চেক বান্ধৰ জিঅ’বেগ ৷ ২০২১-২০২২ বৰ্ষৰ এছ অ পি ডি আচঁনিৰ জৰিয়তে কোটি টকা ব্যয় সাপেক্ষে উক্ত চেক বান্ধ খহাই নিয়াত স্বাভাৱিকতেই আতংকিত হৈছে নৈপৰীয়া ৰাইজ ৷

ইফালে ২০২৩-২০২৪ বিত্তীয় বৰ্ষত নাবাৰ্ডৰ আচঁনিৰ ১৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰা বাঘচুক বালিগাঁৱৰ খহনীয়া প্ৰতিৰোধ আচঁনিলৈকো ভাবুকি সৃষ্টি কৰিছে ৷ অনতিপলমে বান্দেনা চেক বান্ধত হোৱা গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে নৈপৰীয়া সাধাৰণ জনতাই ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰ্তমানৰ চৰকাৰখনে উক্ত খহনীয়া ৰোধৰ কেৱল প্ৰতিশ্ৰুতুহে প্ৰদান কৰিলে ৷ কাৰ্যক্ষেত্ৰত সেয়া হৈ উঠা পৰিলক্ষিত নহ’ল ৷ স্থানীয় বিধায়ক নৱ কুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ গুৰুত্বহীনতাকো ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে ৷ কেৱল বাৰিষাৰ সময়ত বিষয়টো গুৰুত্ব দি খৰালি গাপ দি নথ’বলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: ডিমা হাছাও জিলাত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, বিপৰ্যস্ত জনজীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.