ETV Bharat / state

শ্ল'গানত সীমাৱদ্ধ উন্নয়ন, ক্ষোভত ওলাই আহিল জনগন - No development in Dhakuakhana

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:49 PM IST

No development in Dhakuakhana: শ্ল'গানতে থমকি ৰ'ল উন্নয়ন । আজিকোপতি চৰকাৰৰ অভিলাসী আঁচনিয়ে ঢুকি নাপালে এটা অঞ্চলৰ ৰাইজক । দীৰ্ঘদিনে চৰম যন্ত্ৰণা ভোগ কৰি অহা ৰাইজ আজিকোপতি লাভ নকৰিলে এটুপি বিশুদ্ধ খোৱাপানী । ক্ষোভত ৰাজপথলৈ ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ ।

People of Dhakuakhana constituency suffering from various problems
শ্ল'গানত সীমাৱদ্ধ উন্নয়ন, ক্ষোভত ওলাই আহিল জনগন (ETV Bharat Assam)

ধেমাজি,২০ জুন: তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ গাদীত বহা মোদীৰ পৰিৱৰ্তনৰ বতাহে স্পৰ্শ নকৰিলে অসমৰ বিভিন্ন ৷ সমস্যাৰে ভাৰাক্ৰান্ত এখন গাঁও । যিখন গাঁৱত সমস্যাৰ অন্ত নাই ৷ ঢকুৱাখনা বিধানসভা সমষ্টিৰ এখন গাঁৱৰ কথা । উন্নয়ন ধোঁৱাচাঙত উঠা এইখন গাঁও হৈছে ঢকুৱাখনা বিধানসভা সমষ্টিৰ মৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগপুৰ গাঁও । যিখন গাঁৱত বিশুদ্ধ খোৱা পানীৰ সমস্যা, অনিয়মীয়া বিদ্যুৎ সেৱাৰ লগতে দুখনকৈ বাঁহৰ দলঙে জলা-কলা খুৱাইছে ৪ শতাধিক ৰাইজক ।

ইফালে আকৌ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ঠিকা লোৱা চৰকাৰৰ দিনত বঞ্চিত হৈছে এটুপি বিশুদ্ধ পানীৰ পৰা । এবছৰ ধৰি অনিয়মীয়াভাৱে লাভ কৰিছে আইৰণযুক্ত লেতেৰা পানী । ব্যৱহাৰৰ অনুপযোগী দৈনন্দিন ৰঙাপানী লাভ কৰি ৰাইজে খোৱা-বোৱা বা কাপোৰ ধোৱাকে আদি কৰি একো কামতেই ব্যৱহাৰ কৰিব নোৱাৰে । চৰকাৰী আঁচনি প্ৰহসনত পৰিণত এই জল জীৱন আঁচনিত এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ নথকাৰ বাবে নিশা হ'লেই দেখা দিয়ে বিভিন্ন সমস্যাই । বিভাগীয় লোকক এই সন্দৰ্ভত অৱগত কৰে যদিও কানসাৰ নাই সংশ্লিষ্ট বিভাগৰ ।

ইয়াৰোপৰি বিদ্যুতৰ সঘন লুকাভাকু তথা বিদ্যুৎ কৰ্তন কৰিলে ৩/৪ দিনলৈকে অন্ধকাৰত ডুব যায় গাঁওবাসী ৷ সেইদৰে যাতায়তৰ ক্ষেত্ৰতো হাৰাশাস্তি সন্মুখীন হৈ আহিছে ৰাইজে ৷ ইপাৰ সিপাৰ হ'বলৈ পাৰ হ'ব লাগে দুখনকৈ জৰাজীৰ্ণ বাঁহৰ দলং । ৰাইজে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰি কষ্টৰে বাঁহৰ দলং নিৰ্মাণ কৰে । এনেদৰে সাঁকো অথবা দলঙেৰে বিপদজনকভাৱে পাৰাপাৰ হয় ছাত্র-ছাত্ৰী ‌। বাৰিষা হ'লে বিপদৰ আশংকাত ছাত্র-ছাত্ৰীৰ ক্ষতি হয় বিদ্যালয় । নিৰ্বাচনৰ আগতে জনপ্ৰতিনিধিয়ে এই ঠাইত এটা কালভাৰ্ট দিয়াৰ কথা আছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল । যাৰ বাবে ক্ষোভ প্ৰকাশ কৰি সকলো সমস্যা সমাধান কৰি ৰাইজৰ কল্যাণ সাধন কৰিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে ।

লগতে পঢ়ক: ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত দুমাহেই অচল গাঁও পঞ্চায়ত - Irregularities Alleged In Panchayat

খোৱাটো বাদেই, হাতেৰেও চোৱাৰ অনুপযোগী এইখন নগৰ পানী যোগান আঁচনিৰ পানী - drinking water Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.