ETV Bharat / state

ম'বাইল আছে নেটৱৰ্ক নাই, নেটৱৰ্ক বিছাৰি উঠিল গছত - Network problem in Dibrugarh

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 12:20 PM IST

Network problem in Dibrugarh : ডিজিটেল ইণ্ডিয়াই ঢুকি নোপোৱা ডিব্ৰুগড়ৰ এখন গাঁও ৷ ম’বাইলৰ নেটৱৰ্ক বিচাৰি গ্ৰাহক ৰাইজৰ হাহাঁকাৰ । ফোনৰ নেটৱৰ্ক বিচাৰি উঠিব লগা হৈছে গছত । গছৰ ডালত বহিহে ফোনত পাতিব লগা হয় জৰুৰী কথা । অভিযোগ দিলেও দায়িত্ব নলয় নেটৱৰ্ক কোম্পানীয়ে, গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ ।

A village in Dibrugarh district is struggling to find mobile network
ম'বাইল আছে নেটৱৰ্ক নাই (ETV Bharat Assam)

ডিব্ৰুগড়, ২৩ জুন : বিজ্ঞান-প্ৰযুক্তিৰ উত্তৰণে মানৱ জাতিক আগুৱাই নিছে বহু দূৰলৈ । অন্যান্য দেশৰ দৰে ভাৰতবৰ্ষতো সকলো প্ৰক্ৰিয়া ডিজিটেল মাধ্যমেৰে কৰাৰ উদ্দেশ্যেৰে এতিয়া চলিছে ডিজিটেল ইণ্ডিয়াৰ ব্যৱহাৰ । বৰ্তমান সময়ত সকলো কাম-কাজ ডিজিটেল নহ'লে যেন বহু ক্ষেত্ৰত পিচপৰি ৰ'ব লগা হয় ।

তেনেস্থলত ডিজিটেল ইণ্ডিয়াৰ যুগত বৰ্তমান ম'বাইল ফোনবিহীন জীৱন এটা আপুনি কল্পনা কৰিব পাৰেনে ? আৰু হাতে হাতে ম'বাইল ফোনটো থাকিও যদি নেটৱৰ্ক নাপায় তাতোকৈ বিড়ম্বনা থাকিব পাৰেনে ? স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীলৈ, প্ৰতিটো চৰকাৰী বিভাগৰ পৰা ঘৰৰ গৃহিনীগৰাকীলৈ ম'বাইল ফোনৰ অবিহনে যেন সকলো অচল ৷

তেনে এক অচলাৱস্থাৰ মাজেৰে এতিয়া দৈনন্দিন জীৱন কটাইছে ডিব্ৰুগড় জিলাৰ খোৱাং গৰৈমাৰী গাঁৱৰ ৰাইজে ৷ যিকোনো জৰুৰীকালীন ফোন ক’ল অথবা ফটো-ভিডিঅ' প্ৰেৰণৰ বাবে এতিয়া ম’বাইলত নেটৱৰ্ক বিচাৰি ঢপলিয়াই ফুৰিব লাগে গাঁওখনৰ ম'বাইলৰগৰাকীসকলে ৷ গছৰ ডালত বহি বহু যুৱকে ফোন কৰা দৃশ্য প্ৰায় দেখা যায় গাঁওখনত । ৰাইজৰ অভিযোগ জিঅ', এয়াৰটেল, বিএচএনএল একো চিমকাৰ্ডৰে নেটৱৰ্ক ভালদৰে নাপায় গৰৈমাৰী গাঁৱত ৷

ৰাইজৰ ৰিচাৰ্জৰ টকাও হেনো নষ্ট হৈছে অবাবতে ৷ ৰাইজে ইতিমধ্যে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত নেটৱৰ্ক সেৱা উন্নত কৰিবলৈ আবেদন জনাইছে যদিও কোনো গুৰুত্ব দিয়া নাই মোবাইল চিমৰ কোম্পানীসমূহে ৷ অঞ্চলটোৰ ম'বাইল গ্ৰাহকসকলক লুন্ঠন চলাইছে নেটৱৰ্ক কোম্পানীসমূহে । অঞ্চলটোত নেটৱৰ্কৰ সু-ব্যৱহাৰ কৰিবলৈ দাবী জনাই অঞ্চলটোৰ ৰাইজে । বিষয়টোৰ সন্দৰ্ভত জিলা উপায়ুক্তগৰাকীক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই ৰাইজে ।

লগতে পঢ়ক: অসমৰ শিক্ষামন্ত্ৰীক পুতলা শিক্ষামন্ত্ৰী আখ্যা ছাত্র সন্থাৰ - NEET UG 2024 ROW

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.