ETV Bharat / state

ডিব্ৰুগড়ত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Drugs seized in Dibrugarh

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:57 PM IST

Anti Drugs mission : ৰাজ্য়ত আৰক্ষীয়ে তীব্ৰতৰ কৰিছে ড্ৰাগছ বিৰোধী অভিযান ৷ তথাপি বিভিন্ন কৌশলৰে সৰবৰাহ কৰি আছে ড্ৰাগছ ৷ চাওক বিতং খবৰ ...

Anti Drugs mission
ড্ৰাগছ বিৰোধী অভিযান (ETV BHARAT ASSAM)

মৰাণ, ২৫ জুন : ৰাজ্যত পিটপিটাই ফুৰিছে ড্ৰাগছ বেপাৰী ৷ চুবুৰীয়া মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰাৰ ড্ৰাগছ বেপাৰীয়ে ছানি ধৰি ৰাজ্য । বিভিন্ন কৌশলেৰে চলাই আছে এই বেহা । বৰবিহৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে যদিও ডিব্ৰুগড়ত ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা হ্ৰাস পোৱা নাই ।

ডিব্ৰুগড় জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত নিতৌ উদ্ধাৰ হৈ আছে ড্ৰাগছ । আৰক্ষীয়ে দিনে-নিশাই ডিব্ৰুগড় জিলাৰ সীমান্ত পথ সমূহত কটকটীয়া তালাচী চলোৱাৰ পাছতো ডিব্ৰুগড়ত প্ৰতিদিনে ড্ৰাগছ জব্দ হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে । ইয়াৰ মাজতেই মঙলবাৰে জিলাখনৰ লাহোৱালৰ মোহনবাৰী আৰক্ষীয়ে তালাচী চলাই দুটা সৰবৰাহকাৰীক ২৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে মিৰিপথাৰ গাঁৱৰ অৰ্পণ হাজৰিকা (৩২) আৰু জিতু গগৈ (৩৮) ৷ আৰক্ষীয়ে লগতে AS 06 BC 8780 নম্বৰৰ বাহনখনো জব্দ কৰে ৷ এই বাহনখনেৰে ডিব্ৰুগড় অভিমুখে আহি থকা অৱস্থাতে মোহনবাৰী আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰী দুটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: কাছাৰত ৫ কোটি টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

আনহাতে, দেওবাৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী । এক গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই চহৰখনৰ কালিবাৰীৰ পৰা জব্দ কৰে কণ্টেইনাৰসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

ধৃত ড্ৰাগছ বিক্ৰেতা আজাদ আনচাৰীৰ দোকানৰ পৰা ৯৯ টা কণ্টেইনাৰ আৰু ১৫.৫০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । তদুপৰি আনছাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাইছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে । মুঠৰ ওপৰত ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনত নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে ড্ৰাগছৰ সৰবৰাহ ।

লগতে পঢ়ক: বৰপথাৰত চাৰি কোটি টকাৰ মৰফিন জব্দ : আটক মণিপুৰৰ সৰবৰাহকাৰী - Drugs seized in Barpathar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.