ETV Bharat / state

অস্ত্ৰোপচাৰৰ পিচতে চিকিৎসালয়ত আত্মহত্যা ৰোগীৰ ? অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা - Assam Medical College and Hospital

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 7:17 PM IST

Suicide at AMCH: অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ ঘটনা ৷ ছাৰ্জিকেল ৱাৰ্ডৰ ভিতৰতে আত্মহত্যা কৰিলে ৰোগীয়ে ৷ ইয়াকে লৈ পুনৰ বিতৰ্কৰ মাজলৈ আহিছে চিকিৎসা মহাবিদ্যালয়খন ৷

Suicide at AMCH
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV Bharat Assam)

ডিব্ৰুগড়, 13 জুন: বিৰ্তকই যেন লগ নেৰা হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক ! চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত একাংশ দালালে ৰোগীক লৈ দালালী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

অভিযোগ উত্থাপিত হোৱাৰ পিচতেই আৰক্ষীৰ জালত পৰিছিল কেবাটাও দালাল ৷ এনেবোৰ ঘটনাই অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰে-বাহিৰে চাঞ্চল্যৰ সৃষ্টি কৰা সময়ত পুনৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা ।

লগতে পঢ়ক: বিশেষ চিহ্নযুক্ত ই ৰিক্সাহে প্ৰৱেশ কৰিব পাৰিব অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত

চিকিৎসা মহাবিদ্যালয়খনৰ ছাৰ্জিকেল ৱাৰ্ডৰ ভিতৰতে এজন লোকে চীপ লৈ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনা পোহৰলৈ আহিছে ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত চাৰ্জিকেল 4 ৱাৰ্ডত সংঘটিত হয় এই ঘটনা । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই জানিবলৈ দিয়া অনুসৰি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বিহাৰী কৰ্মকাৰ নামৰ লোকজনে ছাৰ্জিকেল ফৰ ৱাৰ্ডৰ ফেনত চীপ লৈ আত্মহত্যা কৰে ৷

ঘটনা সংঘটিত হোৱা ৭ দিনৰ পূৰ্বে গলব্লাডাৰৰ অপাৰেশ্যনৰ বাবে ভৰ্তি কৰোৱা হৈছিল লোকজনক ৷ অপাৰেশ্যন ভালদৰেই সম্পন্ন হৈছিল ৰোগীগৰাকীৰ । কিন্তু নিশা ৱাৰ্ডৰ নাৰ্ছে অন্য এটা কক্ষত ৰোগী চাবলৈ যাওঁতেই ৱাৰ্ডৰ দৰ্জা বন্ধ কৰি এই ঘটনা সংঘটিত কৰে ব্যক্তিজনে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত ছিণ্ডিকেটৰ অভিযোগ বিজেপি নেতাৰ

ঘটনা সংঘটিত হোৱাৰ সময়ত আন কেবাজনো ৰোগী শুই আছিল ৱাৰ্ডটোত । ৰোগী, নাৰ্ছ, চিকিৎসক সকলো উপস্থিত থকা এটা ৱাৰ্ডত এজন ৰোগীয়ে আত্মহত্যা কৰিবলৈ সুবিধা পোৱা বিষয়টোক লৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচোৱাৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ।

ঘটনাৰ পিচতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে ।

লগতে পঢ়ক: তেজৰ নামত চলিছে দালালি; অসম চিকিৎসা মহাবিদ্যালয়ত 6 দালাল আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.