ETV Bharat / state

পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

Munin Barkataki Award: "পৰুৱা পোহনীয়া" শীৰ্ষক গল্প সংকলনৰ বাবে পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ঘোষণা । বঁটা লাভ কৰি উৎফুল্লিত লেখিকাগৰাকী ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Munin Barkataki Award
মুনীন বৰকটকী সাহিত্য বঁটা (Papari Barman FB page)

নলবাৰী, ৮ অক্টোবৰ: ঘোষণা হ’ল 2024 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ৷ নলবাৰীৰ পাপৰি বৰ্মনলৈ এই বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা আগবঢ়াইছে মুনীন বৰকটকী ন্যাসে ৷ "পৰুৱা পোহনীয়া" নামৰ গল্প সংকলনখনৰ বাবে তেওঁ লাভ কৰে 2024 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা । পাপৰি বৰ্মনৰ এই কৃতিত্বৰ বাবে উৎফুল্লিত হৈ পৰিছে নলবাৰীবাসী ৷

এজন খেতিয়কৰ ঘৰত জন্ম তথা ডাঙৰ-দীঘল হোৱা পাপৰি বৰ্মনে সাধাৰণ ঘৰুৱা পৰিৱেশৰ মাজেৰেই গল্প লেখাৰ সৈতে জড়িত হৈ পৰিছিল । লোকসাহিত্য জগতৰ প্ৰতি আকৃষ্ট পাপৰিয়ে লোকসাহিত্যৰ বিভিন্নজন গল্পকাৰৰ গল্পসমূহ পঢ়ি লিখা-মেলাৰ প্ৰতি আগ্ৰহী হৈ পৰে ৷

মুনীন বৰকটকী সাহিত্য বঁটা (ETV Bharat)

পাপৰিয়ে "পৰুৱা পোহনীয়া" গল্প সংকলনখনিত মুঠ 11 টা গল্প সন্নিৱিষ্ট কৰিছে । গল্প সংকলনখনৰ কেইটামান গল্প নলবাৰী আৰু ওদালগুৰিৰ কথিত ভাষাত লিখা হৈছে । নলবাৰীৰ চামতাৰ নদলা বজাৰ, খেতিয়কৰ খেতি কৰা দৃশ্য, পাণ গছৰ পৰা পাণ ছিঙা আদি বিভিন্ন গাঁৱলীয়া কাম-কাজৰ ভিত্তিত গল্প সংকলনখন লিখিছিল লেখিকাগৰাকীয়ে । উক্ত সংকলনখনিত 11 টা গল্পৰ বিভিন্ন অংশত নলবাৰীৰ কথিত ভাষাৰ উপৰিও ওদালগুৰিৰ কথিত ভাষা ব্যৱহাৰ কৰা হৈছে ।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ জীয়াৰী পাপৰি বৰ্মন নলবাৰী এন আৰ এইচ এমত জিলা তথ্য প্ৰৱন্ধক হিচাপে কৰ্মৰত । পাপৰি বৰ্মনে ২০১৭ চনৰ পৰাই আৰম্ভ কৰিছিল লিখা-মেলা । এগৰাকী বিজ্ঞানৰ ছাত্ৰী হৈও লোকসাহিত্যৰ প্ৰতি আগ্ৰহী আছিল পাপৰি । তেওঁক লিখা-মেলাৰ উপৰিও কিতাপ পঢ়াৰ এটা পৰিৱেশ দিয়া বাবে পৰিয়ালক সকলো কৃতিত্ব দিয়াৰ লগতে তেওঁক অনুপ্ৰাণিত কৰা ভালেসংখ্যক গল্পকাৰৰ শলাগ লয় পাপৰিয়ে ।

লগতে পঢ়ক: ড৹ কৰবী ডেকা হাজৰিকাক ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৪ প্ৰদান - Moidul Islam Bora Literary Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.