ETV Bharat / state

তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ বাবে শোণিতপুৰৰ কেইবাখনো বজাৰ বন্ধৰ নিৰ্দেশ - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 2:54 PM IST

ADRE guideline for Sonitpur district : অসম চৰকাৰৰ তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শোণিতপুৰ জিলা প্ৰশাসনে । এই পৰীক্ষাত এইবাৰ জিলাখনত মুঠ ৬১,৭০৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । আনহাতে, পৰীক্ষা সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে কেইবাটাও সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

ADRE Guideline For Sonitpur District
তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ বাবে শোণিতপুৰৰ কেইবাখনো বজাৰ বন্ধৰ নিৰ্দেশ (ETV Bharat Assam)

তেজপুৰ, ১৩ ছেপ্টেম্বৰ : অহা ১৫ তাৰিখে মাধ্যমিক শিক্ষা ব’ৰ্ড অসমৰ (ছেবা) দ্বাৰা শোণিতপুৰ জিলাৰ ১৫৫ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পদত প্ৰত্যক্ষ নিযুক্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব । মুঠ ৬১,৭০৬ গৰাকী পৰীক্ষাৰ্থী এই বাছনি পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব । এই পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশ জাৰি কৰিছে । নগাঁও, মৰিগাঁও আৰু অন্য জিলাৰ পৰা পৰীক্ষাৰ্থীসকল শোণিতপুৰলৈ কেনেকৈ আহিব তাৰো নিৰ্দেশনা জাৰি কৰা হৈছে । আনহাতে, নিৰ্ধাৰিত সময়ৰ ২ ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত অৰ্থাৎ পুৱা ৮.৩০ বজাত উপস্থিত হৈ পৰীক্ষাৰ্থীসকলে সুৰক্ষা নিশ্চিত কৰিব লাগিব ।

শোণিতপুৰৰ আয়ুক্তৰ সংবাদমেল (ETV Bharat Assam)

এই সন্দৰ্ভত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ ৰ ১৬৩ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশ অনুসৰি, পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা বৈধ এডমিট কাৰ্ডত যথাযথভাৱে কৰ্তৃপক্ষৰ স্বাক্ষৰ থকা প্ৰাৰ্থী, পৰীক্ষাৰ সৈতে জড়িত তত্ত্বাৱধায়ক, কৰ্মচাৰী আৰু পৰীক্ষাকাৰী দল, আইন-শৃংখলা তথা অত্যাৱশ্যকীয় সেৱাসমূহৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত চৰকাৰৰ সংস্থাসমূহ আৰু পৰীক্ষা পৰিচালনাত নিয়োজিত যিকোনো চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ব্যতিৰেকে অন্য লোকৰ উপস্থিতিত বাধা আৰোপ কৰা হৈছে । লগতে মোবাইল ফোন আৰু যিকোনো ইলেক্ট্ৰ'নিক সামগ্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে ।

ADRE Guideline For Sonitpur District
ৰোড মেপ (ETV Bharat Assam)

সৰ্বমুঠ পৰীক্ষাৰ্থী

শোণিতপুৰ জিলা আয়ুক্তই কয়, "শোণিতপুৰ জিলাত মুঠ ৬১,৭০৬ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব । ইয়াৰ ভিতৰত একমাত্ৰ শোণিতপুৰ জিলাৰ ২৯,৬১২ গৰাকী আৰু নগাঁও জিলাৰ পৰা ২৭ হাজাৰ আৰু মৰিগাঁও জিলাৰ পৰা ১৭,০০০ পৰীক্ষাৰ্থী জিলাখনলৈ আহিব ।"

কি কি কৰিব নোৱাৰিব

নিষেধাজ্ঞা সন্দৰ্ভত জিলা আয়ুক্তই কয়, "পৰীক্ষাৰ সময়ছোৱাত কৰ্তব্যৰত তথা অনুমোদিত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন পাৰ্কিং আৰু চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কেলকুলেটৰ আৰু আন যিকোনো ইলেক্ট্ৰ'নিক যোগাযোগৰ সজুঁলি যেনে ব্লুটুথ যন্ত্ৰ (Device), স্মাৰ্টৱাচ, ইয়াৰফোন আদি লগত আনিব নোৱাৰিব ।"

তেওঁ লগতে কয়, "পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো খাদ্যৰ বিপণী বা অন্য দোকান খোলাৰ অনুমতি দিয়া নহ'ব । পৰীক্ষা কেন্দ্ৰৰ তত্তাৱধায়ক কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিয়ে আবণ্টিত আসনত বহিবলৈ পৰীক্ষাৰ্থীক পথ প্ৰদৰ্শন কৰিব নোৱাৰিব ।"

উল্লেখ্য যে এই নিৰ্দেশাৱলী পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰদৰ্শিত হ'ব লাগিব আৰু এই আদেশ ১৫/০৯/২০২৪ তাৰিখে পুৱা ৬ বজাৰ পৰা বলৱৎ কৰা হৈছে আৰু পৰীক্ষা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে ই কাৰ্যকৰী হৈ থাকিব ।

পথ নিৰ্দেশনা

নগাঁও, মৰিগাঁও জিলাৰ পৰা আহিবলগীয়া পৰীক্ষাৰ্থীৰ যিসকলে নদুৱাৰ জামুগুৰিহাটলৈ যাব তেওঁলোকে দোলাবাৰী বাইপাছ হৈ যাব লাগিব । ঢেকীয়াজুলি, হুগ্ৰাজুলিলৈ যাবলগা পৰীক্ষাৰ্থীসকলে নগাঁও দিশৰ পৰা মিছন চাৰিআলি হৈ পোনে পোনে যাব লাগিব । আনহাতে, তেজপুৰ চহৰৰ দিশে আহিবলগীয়া পৰীক্ষাৰ্থীসকল ভোজখোৱা, দোলাবাৰী, পৰুৱা আৰু মিছন চাৰিআলিৰ পৰা তেজপুৰ চহৰলৈ আহিব পাৰিব ।

তেজপুৰলৈ আহিবলৈ প্ৰতিটো পথৰ প্ৰৱেশদ্বাৰত থাকিব পথ নিৰ্দেশনা আৰু গৃহৰক্ষী বাহিনী । মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ কাম শনিবাৰে নিশা ১০ বজাৰ পৰা বন্ধ থাকিব । ইতিমধ্যে শোণিতপুৰ আৰক্ষীয়ে সাংকেতিক নিৰ্দেশনাৰ মেপ প্ৰচাৰ কৰিছে ।

ফ্লায়িং স্কোৱাড

সুৰক্ষাৰ ক্ষেত্ৰত জিলাখনৰ পাঁচটা ৰাজহ চক্ৰত পাঁচটা ফ্লয়িং স্কোৱাড নিয়োগ কৰা হৈছে । মহিলা পৰীক্ষাৰ্থীসকলক তেজপুৰ চহৰৰ ভিতৰৰ পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষা দিয়াৰ সুবিধা কৰা হৈছে । মহিলা আৰক্ষীৰ লগতে অংগনাবাড়ী কৰ্মী আৰু সহায়িকাক সুৰক্ষাৰ দায়িত্বত নিয়োগ কৰা হৈছে । চিচিটিভি কেমেৰাৰ সুবিধা নথকা কেন্দ্ৰত ভিডিঅ' ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰা হৈছে ।

বজাৰ বন্ধৰ নিৰ্দেশ

সূচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত উক্তদিনা অৰ্থাৎ দেওবাৰে পৰীক্ষা কেন্দ্ৰৰ আশেপাশে থকা দৈনিক/সাপ্তাহিক বজাৰসমূহ জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে । সেই অনুসৰি ঢেকীয়াজুলিৰ দেওবৰীয়া সাপ্তাহিক বজাৰ, জামুগুৰিহাটৰ দেওবৰীয়া সাপ্তাহিক বজাৰ, ঠেলামৰা উলুবাৰীৰ সাপ্তাহিক বজাৰ, খেলমাতি আদাবাৰী সাপ্তাহিক বজাৰ, মহাভৈৰৱ বজাৰ, চান্দমাৰী বজাৰ, বৌ বজাৰ, লাচিত চ'ক আৰু দোলাবাৰী বজাৰ বন্ধ থাকিব বুলি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ঘোষণা কৰে ।

নিয়ন্ত্ৰণ কক্ষ স্থাপন

পৰীক্ষা শান্তিপূৰ্ণ আৰু সূচাৰুৰূপে পৰিচালনাৰ লগতে পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শোণিতপুৰ জিলা প্ৰশাসনে ১৫ ছেপ্টেম্বৰৰ পৰীক্ষাৰ দিনটোৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সভাকক্ষত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে । নিয়ন্ত্ৰণ কক্ষটোৰ যোগাযোগ নম্বৰ হৈছে ৯৪৩৫৩৭১৬৭২ (মোবাইল) আৰু ০৩৭১২২৬১০০০ (লেণ্ড লাইন) ।

লগতে পঢ়ক :ADRE ৰ পৰীক্ষা কেন্দ্ৰলৈ নগাঁৱৰ পৰা কি দৰে সুচল যাতায়ত কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ? - ADRE 2024
লগতে পঢ়ক :তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ 12 খন বিশেষ ৰে'লৰ ব্যৱস্থা - Assam govt ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.