গুৱাহাটী, ১৯ জুলাই : কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া' আদালতত হাজিৰ হ'ব লাগিব আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা । ৩ আগষ্টত নিয়াৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে পৰেশ বৰুৱাক । নিয়াৰ গোচৰ নম্বৰ 2/2024ত এই নিৰ্দেশ ।
উল্লেখ্য যে আদালতৰ বাৰম্বাৰ পৰোৱানাৰ পিচতো আদালতত হাজিৰ হোৱা নাছিল পৰেশ বৰুৱা । সেইবাবেই পৰেশ বৰুৱালৈ বিজ্ঞাপনৰ জৰিয়তে নিয়াই আদালতত হাজিৰ হোৱাৰ এই নিৰ্দেশনা জাৰি কৰিছে ৷ নিয়াৰ আদালতত নিয়াই দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিতেই এই নিৰ্দেশ দিয়া হৈছে ।
এই নিৰ্দেশত পৰেশ বৰুৱাৰ লগতে সুৰেশ গগৈ, অৰুণোদয় দহোটীয়া আৰু অভিজিৎ গগৈক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । ৩ আগষ্টৰ পুৱা ১০ বজাত নিয়াৰ গুৱাহাটীৰ আদালতত পৰেশ বৰুৱাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । সেইদৰে আন এক বিজ্ঞাপনযোগে আলফা স্বাধীনৰ অৰুণোদয় দহোটীয়াকো নিয়াৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । অৰুণোদয় দহোটীয়াকো ৩ আগষ্টৰ পুৱা ১০ বজাত নিয়াৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ।
ইফালে আলফা স্বাধীনৰ সুৰেশ গগৈকো ৩ আগষ্টৰ পুৱা ১০ বজাত নিয়াৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে । আনহাতে আলফা স্বাধীনৰ অভিজিৎ গগৈক ১৪ আগষ্টৰ পুৱা ১০ বজাত নিয়াৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ।
পৰেশ বৰুৱাক আই পি চিৰ ধাৰা ১২০ বি আৰু ১২১এ, ধাৰা-৩ ৰ অধীনত দণ্ডনীয় অপৰাধ, বিস্ফোৰক পদাৰ্থ আইন আই পি চিৰ ধাৰা-১২০(বি) আৰু ধাৰা ১৬, ১৮, ১৮ (এ), ১৮(বি), ২০, ৩৮ আৰু ইউ এ(পি) আইন, ১৯৬৭-ৰ ৩৯ৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে । অৱশ্যে ইয়াৰ পূৰ্বেও কেবাবাৰো এনেদৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ নিয়াৰ পৰা জাৰি কৰা হৈছিল ৷
লগতে পঢ়ক : সেনা শিবিৰত সংঘটিত গ্ৰেণেড আক্ৰমণৰ সন্দৰ্ভত পৰেশ বৰুৱাৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট দাখিল