ETV Bharat / state

ব্যৰ্থতাৰ প্ৰায়চিত্ত মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ: অখিল গগৈ - Akhil demands resign of CM Sarma

ULFA I bomb plans: স্বাধীনতা দিৱসৰ দিনা কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ 25 টাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰি এক বিবৃতি প্ৰেৰণ কৰে আলফা(স্বা)ই ৷ অৱশ্যে কাৰিকৰী কাৰণত এটাও বোমা বিস্ফোৰণ নঘটাত ৰাইজ ৰক্ষা পৰে ৷ এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে অখিল গগৈয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 8:00 PM IST

Akhil demands resign of CM Sarma
ULFA I bomb plans (ETV Bharat Assam)

গুৱাহাটী, ১৫ আগষ্ট: দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ 25 টাকৈ স্থানত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ বোমা সংস্থাপনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে বিৰোধী ৰাজনৈতিক দল ৰাইজৰ দলে । ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগত মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ লগতে ৰাজ্যজুৰি বোমা সংস্থাপন কৰা আলফা (স্বাঃ)ৰ কাৰ্যক গৰিহণা দিছে অখিল গগৈয়ে ৷

মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে অখিল গগৈয়ে (ETV Bharat Assam)

আলফাৰ দয়াতহে এই বোমা বিলাক বিস্ফোৰিত নহ’ল:

আলফা স্বাধীনে সমগ্ৰ ৰাজ্যৰ 25 ঠাইত বোমা সংস্থাপৰ কথা প্ৰকাশ কৰাৰ পিচতে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ ৰাইজৰ দলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত ৰাজ্যৰ অৱনমিত আইন-শৃংখলাক লৈ উদ্বেগ প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷

অখিল গগৈয়ে কয়, “আমাৰ একমাত্ৰ দাবীটো হ’ল মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক ৷ আজি একমাত্ৰ আলফা (স্বাঃ)ৰ দয়াতহে এই বোমা বিলাক বিস্ফোৰিত নহ’ল । আজি এই ঘটনাৰ দ্বাৰা এইটো প্ৰমাণিত হ’ল যে অসমৰ যিকোনো ঠাইতে যিকোনো সন্ত্ৰাসবাদীয়ে এইদৰে বোমা দি সাধাৰণ ৰাইজৰ জীৱন কাঢ়ি লৈ যাব পাৰে । ইয়াত আইন শৃংখলা বুলি একো নাই ৷ গৃহ বিভাগ ব্যৰ্থ হৈছে ৷ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে ৷ অসম পুলিচ ব্যৰ্থ হৈছে । এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়চিত্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী-গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ।”

হিন্দু-মুছলমানৰ ৰাজনীতি কৰি কৰি জনতাৰ সুৰক্ষাৰ কথাটো পাহৰিছে মুখ্যমন্ত্ৰীয়ে:

অখিল গগৈৰ মুখ্যমন্ত্ৰীক সমালোচনা যে তেওঁ কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰি কৰি জনতাৰ সুৰক্ষাৰ কথাটো পাহৰি গৈছে । ৰাজ্যত সৃষ্টি হোৱা বোমাৰ আতংকক লৈ দিয়া সংবাদমেলত অখিল গগৈয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি থাকোতেই গ'ল ৷ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে ৷ গৃহ বিভাগ ব্যৰ্থ, আৰক্ষী ব্যৰ্থ৷ বিজেপিৰ সময়ত অসম সন্ত্ৰাসবাদৰ পৰা মুক্ত বুলি দাবী কৰি জয়ঢোল কোবাই থাকে মুখ্যমন্ত্ৰীয়ে । কিন্তু আজি বোমাৰ আতংকত দিন কটাব লগীয়া হ'ল অসমবাসী ৷ অসম আৰক্ষীৰ চোৰাংচোৱা ব্যৰ্থ হৈছে ৷ সংবিধানৰ শপত খাই দায়িত্ব লোৱা মুখ্যমন্ত্ৰীয়ে ৰাইজক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে । ”

লগতে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয়, “তেওঁ একমাত্ৰ হিন্দু-মুছলমানৰ ৰাজনীতি কৰি কৰি জনতাৰ সুৰক্ষাৰ কথাটো পাহৰি গৈছে৷ এইদৰে বোমা সংস্থাপন কৰাটোৱেই বুজাই দিলে, কিমান ব্যৰ্থ তেওঁ ! তেওঁৰ হাতত অসমৰ জনগণ সুৰক্ষিত নহয় ৷ উগ্ৰবাদীৰ লগত মিতিৰালি কৰি থকাৰ সুৰুঙাতে উগ্ৰপন্থীয়ে সমগ্ৰ ৰাজ্যতে আজি বোমা সংস্থাপন কৰি আতংকৰ বিপয়াবলৈ সুবিধা পাইছে ৷”

আলফা (স্বা)ক নিন্দা অখিল গগৈৰ:

আলফা (স্বা)ৰ ৰাজ্যজোৰা বোমা সংস্থাপন কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা অখিল গগৈৰ ৷ সংবাদ মেলত গগৈয়ে কয়, “আজি ৰাজ্যৰ 25 ঠাইত বোমা উদ্ধাৰ অথবা আতংক হৈছে ৷ আলফা ((স্বা)ৰ এই কাৰ্যক আমি নিন্দা, গৰিহণা দিছো৷ অসমত আকৌ উগ্ৰপন্থীৰ বাতাবৰণ এটা আৰম্ভ হৈছে ৷ এইটো দুৰ্ভাগ্যজনক কথা । এয়া আমাৰ কাম্য নহয় ৷ কোনো কাৰণতে যাতে আলফা (স্বা)ই বোমা বিস্ফোৰণৰ দৰে এনে কাৰ্য সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছো ।”

লগতে পঢ়ক: আলফা(স্বা)ৰ বিস্ফোৰণৰ পৰিকল্পনা বিফল: অসমৰ বিকাশৰ স্বাৰ্থত পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ - ULFA I Bomb plans failed

আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 25 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.