ETV Bharat / state

নীতি-নিয়ম ভাঙি দিছপুৰৰ লোকসেৱা ভৱনত বিজেপি বিধায়িনী দলৰ বৈঠক কেনেকৈ ? - Opposition Leader Debabrata Saikia

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 4:17 PM IST

Opposition Leader Debabrata Saikia: দিছপুৰ সচিবালয়ৰ লোকসেৱা ভৱনৰ সভাগৃহত বিজেপি বিধায়িনী দলৰ বৈঠক কিয় ? চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

Opposition Leader Debabrata Saikia
বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

গুৱাহাটী, ৬ আগষ্ট: গুৱাহাটীবাসীয়ে সোমবাৰে কৃত্ৰিম বানত ককবকাই থকা সময়ত দিছপুৰ সচিবালয়ৰ লোকসেৱা ভৱনৰ সভাগৃহত বিজেপি বিধায়িনী দলৰ বৈঠকত ব্যস্ত আছিল মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ আন মন্ত্ৰী-বিধায়কসকল । এই লৈ এতিয়া সমালোচনাৰ সন্মুখীন হৈছে বিজেপি ৷ বিজেপি বিধায়িনী দলৰ বৈঠকখনে সাংবিধানিক নিয়ম-নীতিক উলংঘা কৰিছে বুলি অভিযোগ তুলিছে বিৰোধীয়ে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই অভিযোগেৰে পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্য সচিবলৈ ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি শইকীয়াই এই পত্ৰখনত কয়, "কালি মুখ্যমন্ত্ৰীৰ সভাপতিত্বত দিছপুৰত অনুষ্ঠিত হৈ যোৱা বিজেপি বিধায়িনী দলৰ বৈঠকখনে সাংবিধানিক নিয়ম-নীতিক উলংঘা কৰিলে । বিধায়িনী দলৰ বৈঠকৰ বাবে বিধানসভাৰ কাৰ্যালয়ত সকলো দলৰ বাবে সংৰক্ষিত কক্ষ থকাৰ পিচতো বিজেপিয়ে কালি অৰ্থাৎ সোমবাৰে লোকসেৱা ভৱনত তেওঁলোকৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিলে । এই কাৰ্যকলাপে পুনৰবাৰ উদঙাই দিলে যে, বিজেপিয়ে সাংবিধানিক নীতি আদৰ্শক প্ৰত্যাখ্যান কৰে আৰু তেওঁলোকৰ নিজৰ ইচ্ছা অনুসৰিয়ে সকলো কাম কৰিব বিচাৰে ।"

লগতে পঢ়ক: বৰষুণ নহয় যেন সীমাহীন দুদৰ্শাহে : কৃত্ৰিম বানত মহানগৰীৰ ৰাজপথত উপঙিল বিলাসী বাহন - Guwahati Artificial Floods

লগতে দেৱব্ৰত শইকীয়াই কয়, "কালিৰ এই সভাখন অনুষ্ঠিত কৰাৰ পূৰ্বে অনুমতি গ্ৰহণ কৰা হৈছিল নে নাই সেয়াও জনসংযোগ বিভাগে ৰাজহুৱা কৰিব লাগে ৷ এই বিষ‌য়ক লৈ ইতিমধ্যে মই মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো । কিয়নো কালিৰ বৈঠকখনত চৰকাৰী প্ৰশাসনিক বিষয়া সকলো উপস্থিত থকা দেখিবলৈ পোৱা গৈছে ।"

গুৱাহাটী কৃত্ৰিম বানে উদঙাই দিলে চৰকাৰৰ আচল স্বৰূপ :

গুৱাহাটীবাসী জলবন্দী হ’ল বিয়লিৰ পৰা ওৰে ৰাতি ৷ বিজেপি মন্ত্ৰী-বিধায়ক কাৰোৰে সময় নহ’ল মহানগৰীৰ দুৰ্গত জনতাৰ খবৰ লোৱাৰ ৷ সোমবাৰৰ বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানক লৈয়ো চৰকাৰক সমালোচনা বিৰোধীৰ দলপতিগৰাকীৰ । মহানগৰবাসীয়ে কৃত্ৰিম বানত ককবকাই থকাৰ সময়ত ৰজাঘৰীয়া ব্যস্ত আছিল দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত লোকসেৱা ভৱনৰ সভাগৃহত বিজেপি দলৰ ৯ ঘন্টাজোৰা বিধায়িনী দলৰ বৈঠকত । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পৰা যোৱা লোকসভা নিৰ্বাচনত, বিজেপিক ভোট দি গুৱাহাটীক বানমুক্ত কৰাৰ প্ৰলোভন দি ৰাইজৰ পৰা ভোট লোৱা বিজেপিৰ এজনো বিধায়ক, সাংসদ তথা বিভাগীয় মন্ত্ৰীৰ অলপো সময় নহ'ল গুৱাহাটীৰ কৃত্ৰিম বানৰ ফলত ককবকাই থকা ৰাইজৰ অসুবিধাৰ খবৰ ল’বলৈ । গুৱাহাটীক স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰাৰ সপোন দেখুওৱা চৰকাৰখনৰ আচল স্বৰূপ কালিৰ কৃত্ৰিম বানে উদঙাই দিলে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ ।

লগতে পঢ়ক: আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.