ETV Bharat / state

বিজেপিৰ ৱাছিং মেছিনত গা ধুবলৈ গৈছে দুই-এজন বিধায়ক : দেৱব্ৰত শইকীয়া - congress

Debabrata saikia reaction :"বিজেপিয়ে কংগ্ৰেছৰ বিধায়কসকলক নিয়াৰ বাবে চেষ্টা কৰিছে ৷ দুই-এজনে বিজেপিৰ ৱাছিং মেছিনত গা ধুবলৈ গৈছে যদিও বিজেপিৰ প্ৰৰোচনা নাইবা প্ৰলোভনত পৰি কংগ্ৰেছৰ আন বিধায়কে দলত্যাগ কৰিব বুলি মই নাভাবো ৷" -বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

Debabrata saikia reaction
বিজেপিৰ ৱাছিং মেছিনত গা ধুবলৈ গৈছে দুই-এজন বিধায়ক : দেৱব্ৰত শইকীয়া
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 9:24 PM IST

বিজেপিৰ ৱাছিং মেছিনত গা ধুবলৈ গৈছে দুই-এজন বিধায়ক : দেৱব্ৰত শইকীয়া

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: "স্বীকাৰ নকৰিলেও এইটো কথা সত্য যে বিজেপিয়ে কংগ্ৰেছ দলক শক্তিশালী বিৰোধী দল বুলি মানিবলৈ বাধ্য। ৰাহুল গান্ধীৰ যাত্রা পথত বাধা দিবলৈ অসম চৰকাৰে কৰা চক্ৰান্তৰ পৰাই এই কথা প্ৰমাণ হয়। বিজেপিয়ে কংগ্ৰেছৰ বিধায়কসকলক নিয়াৰ বাবে চেষ্টা কৰিছে ৷ দুই-এজনে বিজেপিৰ ৱাছিং মেছিনত গা ধুবলৈ গৈছে যদিও বিজেপিৰ প্ৰৰোচনা নাইবা প্ৰলোভনত পৰি কংগ্ৰেছৰ আন বিধায়কে দলত্যাগ কৰিব বুলি মই নাভাবো ৷" বৃহস্পতিবাৰে বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শইকীয়াই লগতে কয় যে, কংগ্ৰেছৰ পৰা লোক নিয়াৰ চেষ্টা বিজেপিয়ে অব্যাহত আছে ৷ যাৰ বাবে তেওঁলোকে বিভিন্ন অপপ্ৰচাৰো চলাই থাকে ৷

আনহাতে কংগ্ৰেছত মুখ্যমন্ত্রীৰ বিনিয়োগ আছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাৰ প্ৰসংগত দলপতিগৰাকীয়ে কয় যে, মুখ্যমন্ত্রীৰ চলিবলে দিগদাৰ হোৱা বাবেই হয়তো সেই এফ ডিবোৰ ভাঙিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈ থাকে এই কথা ৷

ইয়াৰোপৰি কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত উপস্থিত নথকাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত দলপতিগৰাকীয়ে কয় যে, তেওঁৰ দলীয় বহুত কাম থাকে আৰু বৈঠকত লোৱা সিদ্ধান্তসমূহ তেওঁক অৱগত কৰোৱা হয়। গতিকে সকলো বৈঠকত থাকিব লাগিব বুলি কথা নাই । দলৰ বিৰুদ্ধে যোৱা বিধায়কসকলৰ প্ৰসংগত দেৱব্ৰত শইকীয়াই কয় যে, তথ্য প্ৰমাণ পোৱা সকলৰ বিৰুদ্ধে অযোগ্য ঘোষণা কৰাৰ বাবে কাগজ-পত্র প্ৰেৰণ কৰা হৈছে ৷

লক্ষ্যণীয় যে ৰাজ্যত গৰম নিৰ্বাচনী বতাহ ৷ ইজনৰ পিচত সিজনকৈ কংগ্ৰেছী নেতাই বিজেপি যোগদান কৰাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ৷

লগতে পঢ়ক: অসমতো কেজৰিৱাল; ১ মাৰ্চৰ পৰা ৰাজ্যত আপৰ নিৰ্বাচনী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.