ETV Bharat / state

আৰক্ষীৰ আগত বিশালে দিলে বায়েকৰ 'ডেষ্টিনেশ্যন ৱেডিঙ'ৰ খৰচৰ হিচাপ - Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 10:45 PM IST

Updated : Sep 4, 2024, 10:50 PM IST

Bishal Phukan arrested: বিশাল ফুকনৰ ৬০ কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ ২২ বছৰ বয়সত অনলাইন ট্ৰেডিং কৰি কোটিপতি হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনক জেৰা অব্যাহত ডিব্ৰুগড় আৰক্ষীৰ ৷ চুমী‌ বৰাৰ বিয়াত ৩ কোটি‌ টকা খৰচ কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ বিশালৰ ৷ চুমী বৰা আৰু তেওঁৰ ককায়েকক থানাত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ ৷

Bishal Phukan arrested
বিশালে মুখ খুলিছে আৰক্ষীৰ আগত (ETV Bharat Assam)

ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । একাংশই ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভৱান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও হেৰুৱাবলগীয়া হৈছে গাঁঠিৰ ধন । অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা তথা ডিব্ৰুগড়ৰ বিশাল ফুকনক লৈ ব্যাপক চৰ্চা হৈছে । ২২ বছৰ বয়সতে কোটিপতি হৈছিল বিশাল ফুকন । সামাজিক মাধ্যমত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ নজৰলৈ আহিছিল বিশাল ।

সোমবাৰে প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পাছতে পোহৰলৈ আহিছে ন ন চাঞ্চল্য তথ্য । ২২ বছৰ বয়সত অনলাইন ট্ৰেডিং কৰি কোটিপতি হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনক লৈ ডিব্ৰুগড় আৰক্ষীৰ সংবাদমেল ।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) চিজল আগৰৱালাই সংবাদ মেল সম্বোধন কৰি কয়, ‘‘বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 গোচৰ ৰুজু কৰা হৈছে । Section 316 আৰু 318 BNS Section 21/23 Banning of unregulated deposit scheme Act ৰ অধীনত বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰি তদন্ত কৰা হৈছে । অনলাইন ট্ৰেডিঙৰ ঘটনাক লৈ ডিব্ৰুগড় আৰক্ষীয়ে আজিলৈকে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।’’

ট্ৰেডিঙৰ ঘটনাক লৈ বহু জনক জেৰা কৰা হৈছে । চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰাৰ সৈতে যি ঔষধ কোম্পানী বিশাল ফুকনে আৰম্ভ কৰিছিল সেই চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰাৰ ডিব্ৰুগড়ৰ ঘৰত অভিযান চলোৱা হৈছিল । বহু নথি, বহু বিলাসী সামগ্ৰী, গহনা উদ্ধাৰ হৈছে ৷ কিন্তু চুমী বৰাৰ ভাতৃক আৰক্ষীয়ে লগ পোৱা নাই ।

লগতে পঢ়ক: চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? জানি লওক চাইবাৰ অপৰাধীৰ কৌশলসমূহ - Cyber crime in Assam

চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ - Bishal Phukan Trading Scam

প্ৰযোজকৰ ভূমিকা লোৱা বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? - Online Trading Scam

চুমী বৰাক ডিব্ৰুগড়ৰ সদৰ থানাত হাজিৰ হ'বলৈ জাননী দিয়া হৈছে যদিও গুৱাহাটী আৰক্ষীয়ে চুমী বৰাক জাননী দিব পৰা নাই । চুমী বৰাৰ ভাতৃক আৰক্ষী থানাত হাজিৰ হ'বলৈ দিয়া হৈছিল যদিও আৰক্ষী থানাত হাজিৰ হোৱা নাই । আৰক্ষীৰ প্ৰাথমিক তদন্ত মতে বিশাল ফুকনৰ ৬০ কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছে ।

ইমান কম সময়ত ক'ৰ পৰা ইমান ধন আহিল সেই কথা এতিয়াই উল্লেখ কৰিব নোৱাৰি বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে । লগতে কম সময়ৰ ভিতৰত ৩০ শতাংশ মুনাফা দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল । বিনিয়োগকাৰীক আশ্বস্ত কৰিব পৰাকৈ নটাৰীৰ জৰিয়তে চুক্তি কৰে । ১০০০ পৰা ১৫০০ লোকৰ পৰা বিশাল ফুকনে ধন সংগ্ৰহ কৰিছে । কেৱল অসমৰে নহয় বহিঃৰাজ্যৰো বহু ব্যক্তিয়ে ধন বিনিয়োগ কৰিছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয় ।

অনলাইন ট্ৰেডিং কোম্পানীৰ লাইচেঞ্চ থাকিব লাগে কিন্তু তেনে কোনো লাইচেঞ্চ বিশালৰ ওচৰত নাই । এই ক্ষেত্ৰত বিশালে ভুল কৰিছে বুলি নিজেই স্বীকাৰ কৰিছে আৰক্ষী আগত । বিশাল ফুকনে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে চুমী বৰাৰ বিয়াত ৩ কোটি খৰচ কৰিছিল । আৰক্ষী বিষয়াই বিশাল ফুকনৰ সৈতে আৰু কোনো কোন জড়িত সেই নাম উল্লেখ নকৰাকৈ ক'লে, এইটো এটা ডাঙৰ প্ৰৱঞ্চনাৰ ঘটনা, বহু মানুহ জড়িত আছে ইয়াত ।

লগতে পঢ়ক: বহু ধনৰ লোভত পৰি মূলো গ’ল: অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ জাল অসমত, ৩৬ জনক গ্ৰেপ্তাৰ - Online trading scam

চুমীয়েহে ট্ৰেডিঙৰ জগতলৈ আনিছিল বিশালক ! আৰক্ষীৰ জেৰাত কি কি স্বীকাৰোক্তি বিশালৰ ? - fraudster Bishal Phukan

বিত্তীয় সাক্ষৰতা কি ? ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বাবে বিত্তীয় সাক্ষৰতাৰ কিমান প্ৰয়োজন ? - WHAT IS ONLINE TRADING

Last Updated : Sep 4, 2024, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.