ETV Bharat / state

প্ৰেম, পলায়ন আৰু এনকাউন্টাৰ; যুৱতীক পলুৱাই নিয়া মান্নানক গুলীয়ালে আৰক্ষীয়ে - Police firing

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:27 PM IST

Police firing in Cachar: এগৰাকী যুৱতীক এজন যুৱকে পলুৱাই নিয়াক লৈ দুটা ধৰ্মীয় ফৈদৰ মাজত সংঘাত ৷ তাৰ মাজতেই যুৱকলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ ৷

Police firing
Police firing in Cachar (ETV Bharat Assam)

শিলচৰ, ২৩ জুন: দেওবাৰে পুৱতি নিশা কাছাৰৰ লক্ষীপুৰৰ শিৱপুৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা । আৰক্ষী গুলীত গুৰুতৰভাৱে আহত হৈছে মান্নান আলী নামৰ এজন যুৱক । জানিব পৰা মতে, মান্নান আলী নামৰ যুৱকজন লক্ষীপুৰ বিন্নাকান্দি অঞ্চলৰ বাসিন্দা । নিশা অঞ্চলটোৰ এগৰাকী যুৱতীক পলুৱাই লৈ গৈছিল মান্নান নামৰ যুৱকজনে ৷ পিচে ঘটনাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে অভিযান চলাই নিশাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক ৷

যুৱতীক পলুৱাই নিয়া মান্নানক গুলীয়ালে আৰক্ষীয়ে (ETV Bharat Assam)

পুৱতি নিশা আৰক্ষীয়ে অভিযুক্ত যুৱকজনক লৈ যোৱাৰ সময়ত লক্ষীপুৰ শিৱপুৰ অঞ্চলত আৰক্ষীক আক্ৰমণ কৰি পলাই যোৱাৰ চেষ্টা কৰে যুৱকজনে । তেতিয়াই আৰক্ষীয়ে তেওঁক ৰখিবলৈ নিৰ্দেশ দিয়ে যদিও, যুৱকজনে আৰক্ষীৰ নিৰ্দেশ নমনাত গুলী চালনা কৰে । ভৰিত গুলী লগাত মাটিত ঢলি পৰে মান্নান আলী নামৰ যুৱকজন ।

লগতে পঢ়ক: বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া - ENCOUNTER

আৰক্ষীয়ে গুলীবিদ্ধ যুৱকজনক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰায় । বৰ্তমান যুৱকজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ।

আনহাতে, আৰক্ষীৰ গুলীত আহত মান্নান আলীয়ে উল্লেখ কৰা মতে পলাই যোৱাৰ সময়ত নহয়, আৰক্ষীয়ে তেওঁক গাড়ীৰ পৰা নমাই ভৰিত গুলী মাৰিছে । গুলীবিদ্ধ মান্নান আলীয়ে কেমেৰাৰ সম্মুখত জনায় যে, তেওঁৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । যোৱা পাঁচদিন পূৰ্বে তেওঁ যুৱতী গৰাকীক পলুৱাই লৈ গৈছিল । কিন্তু দুটা ফৈদৰ মাজত ইয়াকে লৈ সংঘাতৰ সৃষ্টি হোৱাত যোৱা নিশা তেওঁ সোনাইৰ স্বাধীনবজাৰ অঞ্চলত আৰক্ষীক ধৰা দিয়ে ।

লগতে পঢ়ক: প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

আৰক্ষীয়ে তেওঁক নিশা প্ৰথমে শিলচৰ সদৰ থানালৈ লৈ আহে । তাতেই যুৱতীগৰাকীক ৰাখি তেওঁৰ লৈ যায় বাশকান্দি আৰক্ষী চকীলৈ । বাশকান্দি আৰক্ষী চকীৰ পৰা পুৱতি নিশা গাড়ীত উঠায় মান্নানক আৰক্ষীয়ে লৈ যায় লক্ষীপুৰলৈ । কিন্তু কিছু দূৰ যোৱাৰ পাচত লক্ষীপুৰৰ শিৱপুৰ অঞ্চলত তেওঁক আৰক্ষীয়ে গাড়ীৰ পৰা নমাই ভৰি গুলীয়াই দিয়ে বুলি কেমেৰাৰ সম্মুখত বিস্ফোৰক মন্তব্য কৰে মান্নান আলীয়ে ৷

ইপিনে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মান্নান এগৰাকী বিবাহিত পুৰুষ । তেওঁ দুই সন্তানৰ পিতৃ । ইয়াৰ মাজতে তেওঁ আন ধৰ্মৰ এগৰাকী যুৱতীক অপহৰণ কৰি লৈ গৈছিল । নিশা আৰক্ষীয়ে তেওঁ গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়ত লক্ষীপুৰৰ শিৱপুৰ অঞ্চলত তেওঁ প্ৰস্ৰাৱ কৰাৰ বাবে গাড়ীৰ পৰা নামে ৷ তেতিয়াই এজন আৰক্ষীক আক্ৰমণ কৰি পলাই যোৱাৰ চেষ্টা কৰে মান্নানে । যাৰ বাবে তেওঁক ৰখোৱাৰ উদ্দেশ্যে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ এই গুলীয়ে মান্নানৰ ভৰিত আঘাত কৰে ৷

লগতে পঢ়ক: ড্ৰাগছ মাফিয়াই পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা - Police encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.