ETV Bharat / state

গাড়ীৰ ভিতৰ উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ: কিছু দূৰৈত তেজেৰে তুমৰলি হৈ জীৱন্তে পৰি আছিল আন এজন - Sensational Murder

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 12:04 PM IST

Crime in Guwahati : মহানগৰীত পুনৰ হত্যাকাণ্ড ৷ এইবাৰৰ স্থান গড়ভংগা সংৰক্ষিত বনাঞ্চল ৷ তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত উদ্ধাৰ আন এজন যুৱক ৷ কোনে, কিয় হত্যা কৰিলে, এতিয়াও পোহৰলৈ অহা নাই কোনো তথ্য ৷

Crime in Guwahati
মহানগৰীৰ গড়ভংগাত নৃশংস হত্যাকাণ্ড (ETV Bharat)

গুৱাহাটী, 13 ছেপ্টেম্বৰ : ক্ৰমাৎ যেন অপৰাধৰ নগৰীলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰ ৷ প্ৰতিদিনেই উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ মহানগৰীখনত সংঘটিত হ’বলৈ ধৰিছে ন ন ঘটনা ৷ কেতিয়াবা যদি পদপথত ওলাই নৱজাতকৰ মৃতদেহ, আন কেতিয়াবা আকৌ পোহৰলৈ আহে আত্মীই আত্মীয়ক হত্যা কৰা ঘটনা ৷ চুৰি-ডকাইতিৰ ঘটনাৰো যেন লেখ নোহোৱা হৈছে ৷ বৃহস্পতিবাৰেও ব্যতিক্ৰম নহ’ল ৷ বৃহস্পতিবাৰৰ দিনটোতো গুৱাহাটী মহানগৰীত সংঘটিত বহু কেইটা অপৰাধ ৷

  • নৃশংস হত্যাকাণ্ড :

ৰাজ্যৰ ৰাজধানী মহানগৰীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । এইবাৰ মহানগৰীৰ পাৰ্শ্বৱৰ্তী গড়ভংগা সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা । জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ প্ৰায় 4 বজাত অঞ্চলটোৰ কেইবাজনো ছাত্ৰই গড়ভংগাৰ অন্তৰ্গত জালুক পাহাৰ অঞ্চলৰ পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত এখন চাৰিচকীয়া বাহন প্ৰতক্ষ কৰে ৷ ছাত্ৰকেইজনে কাষলৈ গৈ গাড়ীখনৰ ভিতৰত প্ৰত্যক্ষ কৰে এজন যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ ।

কেৱল এয়াই নহয় ৷ ইয়াৰে পৰা কিছু দূৰৈত থকা পাহাৰৰ তলত আন এজন ব্যক্তিক অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় ৷ ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনা স্থলীত গড়চুক আৰক্ষী উপস্থিত হয় ৷

লগতে পঢ়ক : দৰ্শনৰ পত্নীয়ে জামিনৰ কথা নপতাকৈ কেৱল চাৰ্জশ্বীটৰ বিষয়েহে আলোচনা কৰিলে - RENUKASWAMY MURDER CASE

উক্ত অঞ্চলটো যিহেতু পলাশবাৰী আৰক্ষীৰ অন্তৰ্গত, সেয়েহে কিছুসময় পিছতে পলাশবাৰী আৰক্ষীও উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । লগতে নিহত যুৱকজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে আঘাতপ্ৰাপ্ত লোকজনক উদ্ধাৰ কৰি চিকিসালয়লৈ প্ৰেৰণ কৰে ।

ইফালে মৃতদেহটো পোৱা AS 01 QC 3994 নম্বৰৰ বাহনখনো আৰক্ষীয়ে উদ্ধাৰ কৰে । মহানগৰীৰ পৰা 22 কিলোমিটাৰ ভিতৰত এক দুৰ্গম অঞ্চলত কোনে, কি উদ্দেশ্যত এই হত্যাকাণ্ড সংঘটিত কৰিলে বৰ্তমানলৈ সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই । ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও ঘটনাস্থলী অতি দুৰ্গম হোৱাৰ বাবে তদন্ত প্ৰক্ৰিয়া কিছু লেহেমীয়া হৈছে বুলি জানিব পৰা গৈছে ।

  • মহানগৰীৰ লালমাটিত আটক পিষ্টলধাৰী গেং :

ইফালে মহানগৰীৰ লালমাটিত আৰক্ষীৰ অভিযানত এটা .32 পিষ্টল জব্দ কৰাৰ লগতে আটক পিষ্টলধাৰী গেঙৰ কেইবাজনো যুৱকক । জানিব পৰা মতে, এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি আদিত্য শৰ্মা বৰুৱা নামৰ এজন লোকে মহানগৰীৰ দক্ষিণগাঁৱত এজন লোকক খেদি খেদি গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে ।

Crime in Guwahati
পিষ্টলধাৰী গেং আটক (ETV Bharat)

ইফালে এই খবৰ ভগদত্তপুৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে পিষ্টলধাৰী গেংটোক বশিষ্ঠ আৰু হাতীগাঁও আৰক্ষীৰ সহযোগত অৱশেষত লালমাটিৰ গেম ভিলেজৰ সন্মুখৰ পৰা আটক কৰে । লগতে আৰক্ষীয়ে জব্দ কৰে AS 01 FS 6146 নম্বৰ এখন বিলাসী বাহন ।

Crime in Guwahati
অপৰাধ নগৰী ! (ETV Bharat)

এক সূত্ৰৰ খবৰ অনুসৰি, আদিত্য শৰ্মা বৰুৱাৰ ঘৰ লখিমপুৰত । RSS ৰ লখিমপুৰ জিলাৰ শাৰীৰিক প্ৰমুখ আদিত্য শৰ্মা বৰুৱা । লখিমপুৰত RSS ৰ সকলো প্ৰশিক্ষণ দিয়ে আদিত্য শৰ্মা বৰুৱাই ।

লগতে পঢ়ক : শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক - Sensational Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.