ETV Bharat / state

কলগাছিয়াৰ পশ্চিম মইনবড়ীত 12 খনকৈ সৌৰশক্তি প্ৰকল্পৰ চোৰাং ছোলাৰ জব্দ - Theft in Barpeta - THEFT IN BARPETA

Crime in Barpeta: অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বৰপেটা জিলাৰ কলগাছিয়া । এইবাৰ চোৰৰ লক্ষ্য় সৌৰশক্তি প্ৰকল্পৰ ছোলাৰ ।

Crime in Barpeta
সৌৰ শক্তি প্ৰকল্পৰ ছোলাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 12:13 PM IST

জনিয়া, ৭ আগষ্ট: ৰাজ্য়ত অব্য়াহত সৌৰশক্তি প্ৰকল্পৰ ছোলাৰ ছেটৰ চোৰাং বেহা । ৰাজ্য়খনৰ বিভিন্ন ঠাইত দুষ্টচক্ৰই এই সৌৰশক্তি প্ৰকল্পৰ ছোলাৰ ছেট চুৰি কৰি গোপনে বিক্ৰী কৰি আহিছে । বিশেষকৈ ভিতৰুৱা অঞ্চলৰ পৰা এই শক্তি প্ৰকল্পৰ ছোলাৰ ছেটসমূহ সঘনাই চুৰি হৈ থকাৰ বাতৰি প্ৰকাশ পাই আহিছে ।

সৌৰ শক্তি প্ৰকল্পৰ ছোলাৰ (ETV Bharat Assam)

আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও ইয়াৰ মাজতেই চুৰি চক্ৰটোৱে চলাই আছে এনে কাৰ্য । ইয়াৰ মাজতেই বৰপেটা জিলাৰ কলগাছিয়াত আৰক্ষীৰ জালত পৰিল এই চুৰি কাৰ্যৰ সৈতে জড়িত এটা গভাইত চোৰ । আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছে ১২ টাকৈ ছোলাৰ । জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মইনবড়ীত আৰক্ষীয়ে জব্দ কৰে চোৰাং ছোলাৰ । পশ্চিম মইনবড়ীৰ নুৰুল অমিনৰ ঘৰত মজুত আছিল সৌৰশক্তি প্ৰকল্পৰ ছোলাৰসমূহ ।

জানিব পৰা মতে, মঙলবাৰে নিশাৰ ভাগত হঠাৎ বৰপেটা আৰু সৰভোগ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পশ্চিম মইনবড়ীৰ নুৰুল আমিনৰ ঘৰত অভিযান চলায় । উক্ত অভিযানত ১২ টাকৈ ছোলাৰৰ পেনেলৰ উপৰি কেইবাটাও বেটাৰী জব্দ কৰে । আৰক্ষীয়ে লগতে আটক কৰে নুৰুল আমিনক ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জিলাখনৰ বিভিন্ন অঞ্চলত তিনিশৰো অধিক ছোলাৰ চুৰি হৈছিল যদিও তাৰে ১২ টাকৈ ছোলাৰহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জব্দ কৰা এই ছোলাৰ সমূহ চোৰাং বুলি স্থানীয় ৰাইজে মন্তব্য় কৰিছে । নুৰুল আমিন নামৰ লোকজনে ক'ৰ পৰা কেনেকৈ ছোলাৰসমূহ আনিলে আৰু এই চুৰিকাৰ্যৰ লগত কোন কোন জড়িত আছে, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক:ৰঙিয়াৰ বাৰাংহাটীত টেলিফোন টাৱাৰত চুৰি: গ্ৰেপ্তাৰ দুই - Theft Incident In Rangia

পানী যোগান আঁচনিৰ কৰ্মচাৰীক আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান - Theft at Hatigaon

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.