ETV Bharat / state

ৰাজগড় পাৰ্লাৰকাণ্ড: এইবাৰ আৰক্ষীৰ জালত পৰিল সাংবাদিক

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:20 PM IST

Rajgarh parlor incident : ৰাজগড়স্থিত পাৰ্লাৰকাণ্ডত নাম সাঙোৰ খাইছে ইজনৰ পিচত সিজন সাংবাদিকৰ ৷ পুনৰ আৰক্ষীৰ জালত পৰিল মহিলা সাংবাদিক ৷ নাটকীয় ৰূপত ঘটনাৰ বৰ্ণনা...

Rajgarh parlor incident
এইবাৰ আৰক্ষীৰ জালত পৰিল সাংবাদিক
এইবাৰ আৰক্ষীৰ জালত পৰিল সাংবাদিক

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : মহানগৰৰ ৰাজগড়ৰ পাৰ্লাৰকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ চানমাৰি আৰক্ষীৰ । পাৰ্লাৰৰ CCTV ৰ ভিজুৱেলৰ ভিত্তিত প'ৰ্টেলৰ সাংবাদিক এগৰাকীক গ্ৰেপ্তাৰ আৰক্ষীৰ । এটা ব্যক্তিগত প’ৰ্টেলত কৰ্মৰত মহিলা সাংবাদিকগৰাকী ৷ উত্তৰ লখিমপুৰত কাৰ্যালয় থকা প’ৰ্টেলটোৰ স্বত্বাধিকাৰী হৈছে জনৈক ৰফিকুল ইছলাম । মহিলাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, ভালেকেইটা প’ৰ্টেলত কৰ্মৰত মহিলা সাংবাদিকগৰাকী ৷

আনহাতে ৰাজগড়ৰ পাৰ্লাৰকাণ্ডৰ লগত জড়িত আন দুই অভিযুক্ত হৈছে অমৰজ্যোতি ডেকা আৰু ৰুবুল বৰ্মন ৷ দুয়ো মহানগৰৰ এটা ব্যক্তিগত প’ৰ্টেলত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ মহানগৰীৰ বহু ঠাইত ধন দাবীৰ অভিযোগ আছে ধৃত মহিলা সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৷ লগতে এই ঘটনাত জড়িত থৰা আন লোকসকলৰো সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, যোৱা 21 ফেব্রুৱাৰীত পোহৰলৈ আহিছিল ৰাজগড়ত সংঘটিত হোৱা সাংবাদিকৰূপী ব্লেকমেইলিং গেঙৰ সন্ত্রাসৰ ঘটনা । ঘটনাটো সংঘটিত হোৱাৰ দিনা সন্ধিয়া প্রায় 5.20 ত ৰাজগড়ৰ 'ষ্ট্ৰেণ্ডছ' নামৰ স্পা এখনত সোমাইছিল এদল যুৱক । হাতত মোবাইল ফোনৰ কেমেৰা অন কৰি প্রৱেশ কৰা 10-15 জনীয়া যুৱকৰ দলটোত আছিল এগৰাকী যুৱতীও। নিজকে সাংবাদিক বুলি পৰিচয় দি তেওঁলোকে স্পাখনৰ এটা 'মাছাজ' কোঠাত প্রৱেশ কৰিছিল ।

সেই সময়ত সেই কোঠাটোত ব্লেকমেইলিং গেংটোৰে এজন সদস্যই আগতীয়াকৈ প্রৱেশ কৰি স্পাখনৰ 'মাছাজ' থেৰাপিষ্টগৰাকীৰ সৈতে আছিল । অভিযোগ অনুসৰি, যুৱকজনে স্পাখনৰ কর্মচাৰী যুৱতীগৰাকীক টকাৰ টোপ দি বলপূর্বকভাৱে বিবস্ত্ৰ হ’বলৈ দিছিল । ইয়াৰ পিচত তেওঁ ফোনযোগে বাহিৰত থকা দলটোক ভিতৰলৈ আহিবলৈ সংকেত দিছিল ।

সেইমর্মে এই দলটোৱে প্রৱেশ কৰি বিবস্ত্র যুৱতীগৰাকীৰ ভিডিঅ' সংগ্রহ কৰে । আনকি স্পাখনৰ স্বত্বাধিকাৰীগৰাকীকো অপদস্ত কৰে দুর্বৃত্তৰ দলটোৱে বুলি অভিযোগ উত্থাপন হয় । ইয়াৰ পিচতে স্পাখনত সংগ্রহ কৰা ভিডিঅ’ প'র্টেল আদিত প্রকাশ নকৰাৰ কথা কৈ তিনি লাখ টকা দাবী কৰে । তাৰ পিচতে স্বত্বাধিকাৰীগৰাকীয়ে টকা দিব নোৱাৰো বুলি কোৱাত এই দলটোৱে শেষত 1-1.5 লাখ টকালৈ দৰ-দাম কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক: ড্ৰাগছ সৰবৰাহত আৰক্ষীৰ পুত্ৰ: গ্ৰেপ্তাৰ ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.