ETV Bharat / state

শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 3:33 PM IST

Felicitation to teachers in Barpeta : শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে, জ্বলি থকাৰ সময়ত সকলোৱে পোহৰ লয় ৷ নুমাই যোৱাৰ পিছত কোনেও খবৰ নলয় ৷ এয়া এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ক্ষোভভৰা মন্তব্য ৷ শিক্ষকৰ সমস্যাসমূহ আন বিভাগৰ কৰ্মচাৰীৰ লগত একাকাৰ নকৰিবলৈ আহ্বান জনালে বিধায়কে ৷

Felicitation to teachers in Bapeta
অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)

বৰপেটা, ৫ ছেপ্টেম্বৰ : সৰুক্ষেত্ৰীৰ মৰিছা গাঁৱত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ গৃহত গুৰুপ্ৰণামৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছেৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ উপস্থিত হয় । বি এইচ বি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক মুফাজ্জল হুছেইনক নিজগৃহত উপস্থিত হৈ শিক্ষক দিৱসৰ সম্বৰ্দ্ধনা জনালে জাকিৰ হুছেইন শিকদাৰে ।

শিক্ষক দিৱসৰ সম্বৰ্দ্ধনা জনাই জাকিৰ হুছেইন শিকদাৰে কয়, ‘‘প্ৰতিজন শিক্ষাগুৰুক চৰকাৰে সন্মান দিব লাগে । আজি বহু শিক্ষক সংগঠনে পৱিত্ৰ শিক্ষক দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিছে । বহু শিক্ষকে দৰমহা নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰিছে । কোনো শিক্ষক যাতে ৰাজপথত নামিবলগীয়া নহয়, সেই ব্যৱস্থাৰ মাজেৰে চৰকাৰ চলিব লাগে ৷’’

বিধায়কগৰাকীয়ে লগতে কয় যে শিক্ষকৰ সমস্যাৰ সৈতে আনৰ সমস্যা একাকাৰ কৰিব নালাগে । শিক্ষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছ দলে চৰকাৰক সহযোগিতা কৰিব বুলিও মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে । আনহাতে শিক্ষক দিৱসৰ গুৰুপ্ৰণাম অনুষ্ঠানৰ সৈতে ৰাজনীতিৰ কোনো সম্পর্ক নাই বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী অথবা শিক্ষামন্ত্ৰীও এজন ছাত্ৰ । সেই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষকৰ সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ।

প্ৰদেশ কংগ্ৰেছে শিক্ষকসকলৰ সন্মানৰ বাবে এই অনুষ্ঠান চলাই যাব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । ইপিনে সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক মুফাজ্জল হুছেইনে কয় যে তেওঁৰ জীৱনৰ উল্লেখযোগ্য দিনৰ ভিতৰত আজিৰ দিনটোও বিশেষ উল্লেখনীয় দিন ৷ তদুপৰি তেওঁ আক্ষেপ কৰি কয় যে শিক্ষকসকল জ্বলি থকা দিয়াচলাইৰ কাঠিৰ দৰে, যেতিয়া তেওঁলোকে জ্বলি থাকে সেই পোহৰত সকলোৱেই মানুহ হয়, কিন্তু জ্বলি শেষ হ’লে পেলাই দিয়ে ৷ ক’ত পৰি থাকে সেয়া কোনেও বিচাৰ নলয় ৷

লগতে পঢ়ক : শিক্ষক দিৱস; জ্ঞানচক্ষু দানকৰ্তাসকলক শ্ৰদ্ধা জনাওঁ আহক

৫ ছেপ্টেম্বৰত কিয় পালন কৰা হয় শিক্ষক দিৱস ?

শিক্ষক দিৱসৰ দিনাই কিয় প্ৰতিবাদ কৰিবলৈ ওলাইছে ৰাজ্যৰ একাংশ শিক্ষকে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.