ETV Bharat / state

ৰাস উপলক্ষে ২৫ নৱেম্বৰত নলবাৰীত স্থানীয় বন্ধ ঘোষণা - NALBARI RAAS MAHOTSAV

ৰাস মহোৎসৱ উপলক্ষে ২৫ নৱেম্বৰ, সোমবাৰে নলবাৰীত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ ।

Nalbari Raas Mahotsav
ৰাস উপলক্ষে ২৫ নৱেম্বৰত নলবাৰীত স্থানীয় বন্ধ ঘোষণা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 7:53 AM IST

নলবাৰী : ৰাসোৎসৱৰ আনন্দত এতিয়া উদুলি-মুদুলি নলবাৰী । কেউফালে বিৰ দি বাট নোপোৱা অৱস্থা । কৃষ্ণলীলাৰ লগতে বিভিন্ন ধৰণৰ আমোদ-প্ৰমোদৰ সম্ভাৰেৰে উপচি পৰিছে নলবাৰী ৰাসস্থলী । প্ৰতিদিনে ঘটিছে অগণন ভক্ত তথা দৰ্শকৰ সমাগম ।

ইয়াৰ মাজতে নলবাৰী জিলা প্ৰশাসনে জিলাখনৰ ৰাইজক ৰাস উপভোগৰ সুবিধা প্ৰদানৰ বাবে সোমবাৰে স্থায়ী বন্ধ ঘোষণা কৰিছে । যোৱা ১৫ নৱেম্বৰৰ ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধৰ্মীয় উপাসনাথলী নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ ।

Nalbari Raas Mahotsav
জিলা আয়ুক্তৰ জাননী (ETV Bharat Assam)

এই ৰাস মহোৎসৱৰ বাবে নলবাৰী জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে । শুকুৰবাৰে জিলা আয়ুক্তৰ স্বাক্ষৰ সম্বলিত এক পত্ৰযোগে ৰাস উপলক্ষে বন্ধৰ দিন ঘোষণা কৰা হয় । জিলা আয়ুক্তৰ ঘোষণা অনুযায়ী অহা ২৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, নলবাৰীৰ ৰাস মহোৎসৱক লৈ প্ৰতিবছৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা দিন বন্ধ ঘোষণা কৰি আহিছে । এইবেলিও নলবাৰীত ৯১ সংখ্যক ৰাস মহোৎসৱ ১৩ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে । যাৰ বাবে সকলো কৰ্মচাৰী, শিক্ষাৰ্থীয়ে যাতে এদিনৰ বাবে ৰাস মহোৎসৱ উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ।

নামনি অসমত অনুষ্ঠিত ৰাস মহোৎসৱসমূহৰ ভিতৰত নলবাৰী ৰাস মহোৎসৱ হৈছে অন্যতম । ৰাসৰ দিনকেইটাত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে । এই সংখ্যাই লাখ অতিক্ৰম কৰে । আনহাতে, নলবাৰী ৰাসৰ আন এক বৈশিষ্ট্য হৈছে - ৰাসৰ সময়ত অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ প্ৰায় আটাইকেইটা নাট্যদলে নাট মঞ্চস্থ কৰে । ইয়াৰ উপৰি ৰাসৰ কেইদিনত বিভিন্ন ধৰণৰ কাৰ্যসূচীও গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক :নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱত স্থানীয় শিল্পীৰ দ্বাৰা প্ৰথমবাৰলৈ জীৱন্ত ৰাস প্ৰদৰ্শন
লগতে পঢ়ক :নলবাৰীৰ ৰাসত পুতলা ৰাসে মুহিলে সহস্ৰাধিক দৰ্শকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.