ETV Bharat / state

কলিয়াবৰত আৰক্ষীৰ জালত বৃহৎ তেলচোৰ চক্ৰ - Five held for stealing oil

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 6:23 PM IST

Oil Theft Gang busted in kaliabor: কলিয়াবৰত তেল চুৰি চক্ৰৰে জড়িত পাঁচ অভিযুক্ত আটক ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত চলা অভিযানত কলিয়াবৰ আৰক্ষীয়ে আটক কৰে তেলচোৰৰ এই বৃহৎ চক্ৰটোক ৷

Oil Theft Gang busted in kaliabor
কলিয়াবৰত আৰক্ষীৰ জালত বৃহৎ তেল চোৰ চক্ৰ (Etv Bharat Assam)

কলিয়াবৰ, ৩ আগষ্ট: কলিয়াবৰ আৰক্ষীয়ে শনিবাৰে তেলচোৰৰ এটা বৃহৎ চক্ৰক উৎখাত কৰে ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত চলা এক অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে তেলচোৰৰ এই চক্ৰটোক উৎখাত কৰে ৷ উল্লেখ্য যে, কলিয়াবৰ ৰাষ্ট্ৰীয় পথত যোৱা সময়ছোৱাত এক তেলচোৰ চক্ৰ সক্ৰিয় হৈ আছিল । সমান্তৰালকৈ এই চক্ৰটোৰ সন্ধানত কলিয়াবৰ আৰক্ষীয়ে মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ধাৰাবাহিকভাৱে গোপনে চলাই আছিল অভিযান ।

লগতে পঢ়ক: আৰক্ষী-অসামৰিক যোগান বিভাগৰ অভিযানত উৎখাত চোৰাং তেলৰ ঘাটি - Smuggled oil seized

এই তেলচোৰ গেঙৰ বিৰুদ্ধে উঠা অভিযোগৰ ভিত্তিত চলা অভিযানৰ ফলতেই কলিয়াবৰ আৰক্ষীয়ে তেল চুৰি কাণ্ডৰ লগত জড়িত পাঁচটা অভিযুক্তক আটক কৰে । আটকাধীন পাঁচ অভিযুক্ত ক্ৰমে তেজপুৰ কছাৰী পামৰ আলম আলি, তেজপুৰৰ ভোমোৰাগুৰিৰ আব্দুল খলিল, বাগৰিৰ জামালউদ্দিন, বাগৰি হাৰমতিৰ তাহেৰ আলি আৰু চামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলি বুলি চিনাক্ত কৰা হৈছে ।

কলিয়াবৰ আৰক্ষীয়ে তেলচোৰ গেঙৰ পাঁচ সদস্যৰ লগতে দুখন বিলাসী বাহন আৰু নগদ এক লাখ টকা জব্দ কৰে । তেল চুৰি চক্ৰটোৱে এ এছ ১২ এ এ ২৬৪৮ (AS 12 AA 2648) নম্বৰৰ চুইফট বাহন আৰু এ এছ ১২ এ ই ৮৯৭৭ (AS 12 AE 8977) নম্বৰৰ কিয়া বাহন দুখন এই চুৰি কাণ্ডৰ সময়ত ব্যৱহাৰ কৰিছিল বুলি কলিয়াবৰ আৰক্ষীয়ে সদৰী কৰে ।

লগতে পঢ়ক: বাহনত তেল ভৰাওতে সাৱধান, প্ৰৱঞ্চনাৰ বলি হ'ব পাৰে আপুনিও - Fraud at petrol pump

কলিয়াবৰৰ আমনিৰ পৰা নলতলি এলেকাৰ মাজত কৰিছিল তেল চুৰি কাণ্ড । সম্প্ৰতি উলুৱনী আৰক্ষী নিৱেশত ধৃত পাঁচটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.