ETV Bharat / state

তিনিচুকীয়াত তেল চুৰি কৰা ডাম্পাৰ বিস্ফোৰিত হৈ নিহত এজন, আহত ২ - TINSUKIA DUMPER EXPLOSION

'পুষ্পা' ছবিৰ কায়দাৰে তেল চুৰি কৰা এখন ডাম্পাৰত কাম কৰি থকাৰ সময়ত বিস্ফোৰণ হৈ থিতাতে মৃত্যু হয় এগৰাকী ৱেল্ডিং মিস্ত্ৰীৰ ৷

Tinsukia Dumper Explosion
তেল চুৰি কৰা ডাম্পাৰ বিস্ফোৰিত হৈ নিহত এজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 7:10 PM IST

তিনিচুকীয়া: দক্ষিণ ভাৰতৰ জনপ্ৰিয় ছবি পুষ্পাৰ কায়দাৰে তিনিচুকীয়াত খাৰুৱা তেল চুৰি কৰা এখন বাহনত বিস্ফোৰণ । ডাম্পাৰখনত কাম কৰি থকাৰ সময়তে বিস্ফোৰিত হৈ অগ্নিকাণ্ড সংঘটিত হয় । ফলত থিতাতে এজন ৱেল্ডিং মিস্ত্ৰীৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন দুগৰাকী ব্যক্তি ।

তিনিচুকীয়া-মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শুকানপুখুৰীত সংঘটিত হয় এই কাণ্ড । পুষ্পা কায়দাৰে তেল চুৰি কৰা ডাম্পাৰখনৰ চেম্বাৰৰ ওপৰত উঠি কাম কৰি থকাৰ সময়তে হঠাৎ বিস্ফোৰণ হৈ বাহনখনত অগ্নিকাণ্ড সংঘটিত হয় । ডাম্পাৰখনত নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি খাৰুৱা তেল চুৰি কৰিবলৈ ব্যৱহাৰ কৰিছিল দুষ্টচক্ৰই ।

তেল চুৰি কৰা ডাম্পাৰ বিস্ফোৰিত হৈ নিহত এজন (ETV Bharat Assam)

AS-09-AC-4834 নম্বৰৰ ডাম্পাৰখনৰ ওপৰত উঠি মেৰামতি কৰি থকা তিনিগৰাকীৰ ভিতৰত এগৰাকী থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন দুগৰাকী ৷ থিতাতে নিহত হোৱা ৱেল্ডিং মিস্ত্ৰীগৰাকী হিজুগুৰিৰ আকবৰ আলী বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।

প্ৰতক্ষ্যদৰ্শীৰ ভাষ্য অনুসৰি, ডাম্পাৰখনত প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হোৱাৰ লগতে নিহত লোকজন প্ৰায় ২০ মিটাৰ ওপৰলৈ উৰি গৈ দূৰৈত চিটিকি পৰে । আনহাতে, আহত দুগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যবস্থা কৰা হয় ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে । সমান্তৰালভাৱে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

প্ৰকৃততে উক্ত ডাম্পাৰখন পুনৰ তেল চুৰি কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধভাৱে মেৰামতি কৰিছিল নে তেল চুৰি কৰা চেম্বাৰ আঁতৰাবলৈ কাটিছিল সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব । কিন্তু ডাম্পাৰখনৰ গোপন চেম্বাৰত গোট খাই থকা খাৰুৱা তেলৰ পৰা এটা কথা স্পষ্ট যে সেই বাহনখন ইয়াৰ পূৰ্বে দুষ্টচক্ৰই খাৰুৱা তেল চুৰি কৰিবলৈ ব্যৱহাৰ কৰিছিল ।

লগতে পঢ়ক :ব্যক্তিগত শত্ৰুতাৰ বাবেই গুৰিয়াই-লঠিয়াই ডিব্ৰু নৈৰ বুকুত মৰিবলৈ পেলাই দিছিল মনোজক
লগতে পঢ়ক :এজাক কুকুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বাটৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.