ETV Bharat / state

ডিগবৈৰ বালিজানত গেছ-তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমন; ভয়াৱহ দুৰ্ঘটনাৰ আশংকা - OIL EMISSION IN DIGBOI

দ্বিতীয় বাঘজানলৈ পৰিণত হ'ব নেকি ডিগবৈৰ বালিজান ? গুৰুত্ব নিদিয়াৰ অভিযোগ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ।

Oil emission in Digboi
ডিগবৈৰ বালিজানত গেছ-তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 12:53 PM IST

তিনিচুকীয়া : দ্বিতীয় বাঘজানত পৰিণত হোৱাৰ আশংকাত তিনিচুকীয়া জিলাৰ ডিগবৈৰ বালিজানবাসী । কিয়নো তিনিচুকীয়া জিলাৰ ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিৰ বালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপত অইল ইণ্ডিয়া লিমিটেডৰ গেছ-তেল পৰিবাহী পাইপৰ পৰা বিগত তিনিদিন ধৰি অহৰহৰ তেল নিৰ্গত হৈ আছে । বিপদ অহাৰ সম্ভাৱনা আছে বিদ্যালয়খনলৈ ।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, "আজি চাৰিদিন ধৰি সেই স্থানৰ পৰা নিগৰিত হৈ আছিল পানী । অইলৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াই আহি কেৱল পানী ওলাইছে বুলি কৈ সেই ঠাইৰ পৰা গুচি যায় । কিন্তু শুকুৰবাৰে সন্ধিয়াৰ পৰা অহৰহ গেছ-তেল নিৰ্গত হৈ আছে ।"

ডিগবৈৰ বালিজানত গেছ-তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমন (ETV Bharat Assam)

এই ঘটনাত এতিয়া অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ পূৰ্বেও একে স্থানতে এনে ঘটনা হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । কিন্তু আজি পৰ্যন্ত কোনো স্থায়ী সমাধান কৰা নাই অইল কৰ্তৃপক্ষই ।

উল্লেখ্য যে, অইল কৰ্তৃপক্ষক ঘটনাৰ কথা জনোৱাৰ পাছতো উপস্থিত হোৱা নাছিল কোনো বিষয়া । ইয়াৰ পৰিৱৰ্তে উক্ত পাইপডাল অইলৰ নহয় বুলি গেছ কোম্পানীলৈ দায়িত্ব ঠেলি গা এৰা দি গুচি যায় । ইফালে গেছ কোম্পানীৰ এটা দল উপস্থিত হৈ পৰ্যবেক্ষণ কৰি কয় যে সেই পাইপডাল অইল ইণ্ডিয়া লিমিটেডৰ ৷ পৰৱৰ্তী সময়ত গেছ কোম্পানীৰ বিষয়ববীয়াই ঘটনাৰ ঠাইখিনিত বিপদ চিহ্নৰ ফিটাৰে বেৰিকেড কৰি দিয়ে ।

আনহাতে, উক্ত ঘটনাৰ পাছতে অইল ইণ্ডিয়াৰ ওপৰত স্থানীয় ৰাইজ উত্তপ্ত হৈ পৰে । কিয় অইল ইণ্ডিয়া লিমিটেডে বিষয়টোক এনেদৰে গা এৰিছে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তেওঁলোকৰ অভিযোগ, অন্য এখন বাঘজানলৈ পৰিণত হোৱালৈ বাট চাই আছে নেকি অইল ইণ্ডিয়া লিমিটেডৰ বৰমূৰীয়াসকলে ।

ইফালে স্থানীয় ৰাইজ বৰ্তমানো আতংকত ভুগি আছে । অৱশ্যে বাতৰি যুগুতোৱাৰ কিছু সময় পূৰ্বে অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া-কৰ্মচাৰীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ।

লগতে পঢ়ক :ভূমিকম্পত বিধ্বস্ত অট্টালিকাৰ পৰা উদ্ধাৰ আহতক
লগতে পঢ়ক :চাবুৱাত নিগৰিছে ক্ৰুড অইল: অন্য এক বাঘজান কাণ্ডৰ সম্ভাৱনা - Crude oil emission in Chabua

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.