ETV Bharat / state

বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাক ৰিজাৰ্ভ ক্ল'জ - Suicide In Police Station

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 9:56 AM IST

মঙলবাৰে বৰপেটাৰ মন্দিয়া আৰক্ষী চকীত লক্ আপৰ ভিতৰতে আত্মহত্যা কৰিছিল লুটফুৰ ৰহমান নামৰ এজন অভিযুক্তই । উক্ত ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া । তদন্ত অব্যাহত থকাৰ মাজতে ৰিজাৰ্ভ ক্ল'জ কৰা হ'ল মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাক ।

OC Sushmita Bora Reserve Clause in the suicide case of accused in lock-up in Barpeta
মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাক ৰিজাৰ্ভ ক্ল'জ

বৰপেটা,২৫ এপ্ৰিল: বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ লক্ আপত অভিযুক্তৰ আত্মহত্যাৰ ঘটনাক লৈ অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া । এইবাৰ মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাক ৰিজাৰ্ভ ক্ল'জ ৷ ইফালে আৰক্ষীৰ এল চি ৰোছন আলীক নিলম্বন কৰাৰ লগতে আৰক্ষী চকীত কৰ্মৰত এগৰাকী গৃহৰক্ষীক কৰ্তব্যৰ পৰা অব্যাহতিৰো নিৰ্দেশ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ ৷ মন্দিয়া আৰক্ষী চকীত আটকাধীন অৱস্থাত অভিযুক্তৰ আত্মহত্যাৰ ঘটনাৰ পিছতে শাস্তিমূলক ব্যৱস্থা আৰক্ষী অধীক্ষকৰ ৷

চুৰিৰ গোচৰত অভিযুক্ত লুটফুৰ ৰহমান নামৰ যুৱক এজনে মঙলবাৰে আৰক্ষী চকীৰ ভিতৰতে কৰিছিল আত্মহত্যা ৷ মঙলবাৰে মন্দিয়াৰ সত্ৰকনৰাত গ্ৰাহক সেৱা কেন্দ্ৰ এটাত ধন চুৰিৰ অভিযোগত আটক হৈছিল লুটফৰ ৰহমান ৷ পৰৱৰ্তী সময়ত অভিযুক্ত যুৱকজনে আৰক্ষী চকীৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰিছিল ৷ ইয়াকে কেন্দ্ৰ কৰি মঙলবাৰে নিশা মন্দিয়া আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল স্থানীয় ৰাইজে ৷

ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বৰপেটাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে তাৎক্ষণিকভাৱে গ্ৰহণ কৰে এই পদক্ষেপ । ইতিমধ্য়ে এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত জামালউদ্দিনৰ লগতে মুঠ ৯ অভিযুক্তৰ বিৰুদ্ধে লুটফুৰৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল । লুটফুৰৰ পত্নীয়ে জামালউদ্দিনে লুটফুৰক ফোন কৰি মাতি নি তেওঁৰ হতুৱাই নিজ কেন্দ্ৰত চুৰি কৰাই লুটফুৰৰ ওপৰত চুৰিৰ সমস্ত অভিযোগ জাপি দিয়াৰ বাবেই তেওঁৰ স্বামীয়ে আত্মহত্যা কৰিব লগা হয় বুলি অভিযোগ উত্থাপন কৰে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য ।

লগতে পঢ়ক: লক্ আপৰ ভিতৰতে লুটফুৰৰ আত্মহত্যাই লৈছে নতুন মোৰ - Suicide In Police Station

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.