ETV Bharat / state

কিয়-কেনেকৈ গুলীবিদ্ধ হ'ল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ? - Constable attempted suicide

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:40 PM IST

Constable tried to commit suicide: কনিষ্টবলৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ গুলীবিদ্ধ হ'ল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া । ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত সংঘটিত হৈছে এই ঘটনা । চাৰ্ভিছ পিষ্টলেৰে আত্মহত্যা কৰিবলৈ উদ্যত হোৱা কনিষ্টবলজনক ৰক্ষা কৰিবলৈ যাওঁতেই সংঘটিত হ'ল এই ঘটনা ।

OC shot while trying to save the life of constable who tried to commit suicide in Bogeebeel
কিয় গুলীবিদ্ধ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ? (ETV Bharat Assam)

ডিব্ৰুগড়,৩১ আগষ্ট: ডিব্ৰুগড়ৰ বগীবিলত শনিবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এজন কনিষ্টবলৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ গুলীবিদ্ধ হ'ল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া । ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত সংঘটিত হৈছে এই ঘটনা । ঘটনাত ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ ছেত্ৰী গুলীবিদ্ধ হয় । আৰক্ষী চকীৰ ভিতৰতে এজন আৰক্ষী কনিষ্টবলে ছাৰ্ভিচ পিষ্টলেৰে আত্মহত্যা কৰিবলৈ উদ্যত হওঁতেই প্ৰাণৰক্ষা কৰিবলৈ যোৱা সময়তে সংঘটিত হয় উক্ত ঘটনা ।

ঘটনাৰ পাচতে ততাতৈয়াকৈ গুলীবিদ্ধ আৰক্ষী বিষয়াজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । সমগ্ৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী বিষয়া বগীবিল আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰে । ইতিমধ্যে আটক কৰা হৈছে প্ৰাঞ্জল বৰা নামৰ অসম আৰক্ষীৰ কনিষ্টবলজনক । লগতে আৰক্ষী কনিষ্টবলজনৰ ছাৰ্ভিচ পিষ্টলটোও জব্দ কৰে আৰক্ষীয়ে । তদন্তকাৰী আৰক্ষীয়ে জনোৱা অনুসৰি দুই জাঁই গুলী ফুটাইছিল জোৱানজনে ।

কিয় থানাৰ চৌহদতে আৰক্ষী জোৱানজনে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল সেই বিষয়ত আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে জনোৱা নাই যদিও পৰিয়ালকেন্দ্ৰিক কিবা ঘটনাৰ বাবেই আৰক্ষীগৰাকীয়ে এই সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছে । আনহাতে গুলীবিদ্ধ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ ছেত্ৰীৰ সোঁহাতত এটা গুলী লগা বুলি জানিবলৈ দিয়ে । আত্মহত্যা কৰিবলৈ ওলোৱা জোৱানৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা আৰক্ষী বিষয়াগৰাকীক ধন্যবাদ জনাইছে অঞ্চলটোৰ ৰাইজে । বৰ্তমান গুলীবিদ্ধ আৰক্ষী বিষয়াজন সংকটমুক্ত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে চাৰণ বিলত নাওখেল প্ৰতিযোগিতা - NATIONAL SPORTS DAY 2024

সস্তীয়া জনপ্ৰিয়তা বিচাৰি মুছলমানক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই : তেজস্বী যাদৱ - Tejashwi Yadav

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.