ETV Bharat / state

লখিমপুৰৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে অভিযোগ নাৰ্ছ সন্থাৰ - Lakhimpur health department

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:00 PM IST

Lakhimpur health department: লখিমপুৰৰ স্বাস্থ্য বিভাগত সামঞ্জস্যহীন কামকাজক লৈ অসন্তুষ্ট নাৰ্ছ সন্থাৰ সভানেত্রী । সংবাদ মাধ্যমৰ জৰিয়তে বিষয়াবৰ্গলৈ কেতবোৰ আহ্বান সদৌ অসম এ এন এম আৰু এল এইচ এচ ছাৰ্ভিচ সন্থাৰ সভানেত্রী নিলু গগৈৰ ।

Nurses Union president files complaint against Lakhimpur health department
লখিমপুৰৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে অভিযোগ (ETV Bharat Assam)

লখিমপুৰ,২০ জুলাই: লখিমপুৰত স্বাস্থ্য বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে সামঞ্জস্যহীন কামকাজৰ অভিযোগ । বিষয়াই গমেই নাপায় অধীনস্থ কৰ্মচাৰীৰ বদলিৰ কথা । লখিমপুৰত স্বাস্থ্য বিভাগৰ কেতবোৰ কামকাজ সামঞ্জস্যহীন হোৱাৰ অভিযোগ উত্থাপন হৈছে । নিজৰ অধীনস্থ কৰ্মচাৰীৰ বদলিৰ কথা বিষয়াই গম নোপোৱাৰ অভিযোগ কৰে সদৌ অসম এ এন এম আৰু এল এইচ এচ ছাৰ্ভিচ সন্থাৰ সভানেত্রী নিলু গগৈয়ে ।

সভানেত্ৰীগৰাকীয়ে এনে কেতবোৰ উত্থাপন কৰি কয়, "অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া, এন এইচ এম আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনত তিনি ভাগত কৰ্মচাৰীৰ সেৱা পৰিচালিত হৈ আছে যদিও এইক্ষেত্ৰত সামঞ্জস্যহীন হোৱা দেখা গৈছে । বিশেষকৈ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়াগৰাকীৰ অধীনত কাম কৰা নাৰ্ছ বদলি কৰিলেও তেওঁ বহু সময়ত গম নাপায় । যাৰ বাবে চৰকাৰ অথবা বিভাগীয় কামকাজত বহুক্ষেত্ৰত আশানুৰূপ ফল পাবলৈ সক্ষম হোৱা নাই ।"

আনহাতে তেওঁ একাংশ নাৰ্ছে কৰ্তব্যত গাফিলতি কৰা বুলি উল্লেখ কৰি কয়, "কাম কৰিবৰ বাবে চৰকাৰে এখন ৱৰ্ক প্লেন দিছে । কিন্তু একাংশ নাৰ্ছে সেই ৱৰ্ক প্লেন মতে কাম কৰাত শিথিল পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ।" নিৰ্দিষ্ট সময়ত কৰ্মক্ষেত্ৰত একাংশ নাৰ্ছ উপস্থিত নোহোৱাটোৰ তেওঁ এক উদাহৰণ দাঙি ধৰে ।

লগতে তেওঁ কয়, "বহুক্ষেত্রত দুৰ্গম এলেকাত বহু নাৰ্চে যথেষ্ট কষ্টৰে কাম কৰি আছে । তেনেক্ষেত্রত তেওঁলোকৰ কাম-কাজৰ তথ্যপাতিত কিছু আসোৱাহ ৰৈ যোৱাটো স্বাভাৱিক । কিন্তু তেওঁলোকৰ অসুবিধাৰ কথা অনুধাৱন নকৰি একাংশ বিষয়াই কটু বাক্য প্ৰয়োগ কৰি তেওঁলোকক মানসিকভাৱে হতাশগ্ৰস্ত কৰি তোলে ।" এইক্ষেত্ৰত তেওঁলোকে কাম কৰি থকা অঞ্চলটোৰ জনগাঁঠনি, ভৌগলিক অৱস্থিতি আদি পৰ্যবেক্ষণ কৰি সু-ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনায় ।

কৰ্মস্থলীত থকা নাৰ্ছসকলৰ অসুবিধাসমূহ অনুধাৱন কৰি তেওঁ বিষয়াসকলক সহযোগিতাৰে উপদেশ দিবলৈও নিলু গগৈয়ে বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । পিচে সভানেত্ৰীগৰাকীৰ এই আহ্বানৰ প্ৰতি স্বাস্থ্য বিষয়াসকলে কিদৰে গুৰুত্ব সহকাৰে লয় সেয়া সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: সাপে খুঁটিলে বেজৰ ওচৰলৈ নিয়াতকৈ চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ স্বাস্থ্য বিভাগৰ - Dhemaji Snakebite Case

সংক্ৰমণৰ হাৰ বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ; ব্যৱস্থা গ্ৰহণত ব্যৰ্থ স্বাস্থ্য বিভাগ - JAPANESE ENCEPHALITIS OUTBREAK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.