ETV Bharat / state

স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ: মোবাইলৰ টৰ্চ জ্বলাই ৰোগীক চিকিৎসা এইখন চৰকাৰী হাস্পতালত - Assam Govt health services

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 7:25 AM IST

Poor Health Services in Tinsukia: চৰকাৰে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তে মোবাইলৰ টৰ্চ লাইট জ্বলাই চিকিৎসা চৰকাৰী আদৰ্শ চিকিৎসালয়ত । কলকাতাত চিকিৎসকৰ ধৰ্ষণ-কাণ্ডই দেশ জোকাৰি যোৱাৰ সময়ত অন্ধকাৰতে দায়িত্ব পালন নাৰ্ছৰ ।

Poor Health Services in Tinsukia
তিনিচুকীয়াত মোবাইলৰ টৰ্চ জ্বলাই চিকিৎসা কৰে ৰোগীক (ETV Bharat Assam)

তিনিচুকীয়া, ২৩ আগষ্ট: কলকাতাত এগৰাকী চিকিৎসকক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে তিনিচুকীয়া জিলাৰ এখন চৰকাৰী আদৰ্শ চিকিৎসালয়ত পৰিলক্ষিত হৈছে এক ভয়ানক দৃশ্য । বিগত এটা সপ্তাহ অন্ধকাৰতে মোবাইলৰ টৰ্চ লাইট জ্বলাই নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে দুগৰাকী নাৰ্ছে । তাতোকৈ ডাঙৰ কথা, চিকিৎসালয়খনত নাই কোনো চিকিৎসক, নাই নৈশ প্ৰহৰী ৷

ৰাজপথত মহিলা চিকিৎসকৰ সুৰক্ষাৰ কাৰণে চিকিৎসকসকলে কৰা আন্দোলনৰ প্ৰকৃতস্বৰূপ পোহৰলৈ আনিলে এটা পথ দুৰ্ঘটনাই । চৰকাৰে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তে মোবাইলৰ টৰ্চ লাইট জ্বলাই চৰকাৰী আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰিবলগা বিষয়টোৱে উত্থাপন কৰিছে বহু প্ৰশ্নৰ ।

ঘটনাটো হৈছে তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল'বাৰী অঞ্চলৰ চিকিৎসা সেৱাৰ একমাত্ৰ চিকিৎসালয় ফিল'বাৰী চৰকাৰী আদৰ্শ চিকিৎসালয়ৰ । বৃহত্তৰ ফিল'বাৰী অঞ্চলৰ অৰ্ধশতাধিক ৰাজহ গাঁৱৰ লোকৰ একমাত্ৰ ভৰসা এইখনেই চিকিৎসালয় । কিন্তু চৰকাৰী এই আদৰ্শ চিকিৎসালয়খনত চৰকাৰে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাকঢোল বজাই থকাৰ মাজতে মোবাইলৰ টৰ্চ লাইট জ্বলাই ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

এগৰাকী ভুক্তভোগীয়ে সদৰী কৰা অনুসৰি, বিগত প্ৰায় এটা সপ্তাহে চিকিৎসালয়খনৰ ভিতৰভাগত বিকল হৈ আছে বিদ্যুৎ সেৱা । যাৰ বাবে এইদৰে মোবাইলৰ টৰ্চ লাইট জ্বলাই নাৰ্ছসকলে ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে ।

বুধবাৰে নিশা ফিল'বাৰীত এক পথ দুৰ্ঘটনাত পতিত হোৱা এজন লোকক ১০৮ এম্বুলেঞ্চ সেৱাৰে ফিল’বাৰী চৰকাৰী আদৰ্শ চিকিৎসালয়লৈ অনা হৈছিল । কিন্তু সেই সময়ত চিকিৎসালয়ত উপস্থিত নাছিল এজনো চিকিৎসক । যাৰ বাবে নাৰ্ছসকলেই দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হোৱা লোকগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ডুমডুমালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে চৰকাৰে ৩০ খন বিছনাযুক্ত চিকিৎসালয় হিচাপে ফিল'বাৰীত চৰকাৰী আদৰ্শ চিকিৎসালয়খন স্থাপন কৰে যদিও চিকিৎসক-চিকিৎসাকৰ্মীৰ অভাৱত বৃহত্তৰ ফিল'বাৰী অঞ্চলটোৰ লোকসকল উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে । দিনৰভাগত মাত্ৰ জ্বৰ-কাহৰ চিকিৎসা প্ৰদান কৰাৰ বাহিৰে নহয় কোনো অন্য চিকিৎসা ৷ সেয়ে এইক্ষেত্ৰত স্থানীয় দল-সংগঠনৰ লগতে চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভুক্তভোগী স্থানীয় লোক ।

লগতে পঢ়ক :অসমত ভয়ানক ৰূপ লৈছে এইচ আই ভি সংক্ৰমণে, ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থানত শোণিতপুৰ - HIV case in Assam
লগতে পঢ়ক :বৰপেটাৰ কেঞ্চাৰ হাস্পতালত অত্যাধুনিক পেট-চিটি স্কেন সেৱা মুকলি - Barpeta Cancer Care Institute

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.