ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব নোৱৰাটো কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ অক্ষমণীয় অপৰাধ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - Bangladesh crisis

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 6:09 PM IST

Updated : Aug 9, 2024, 10:32 PM IST

NESO Press Meet : বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল সম্বোধন নেছ’ৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ খিলঞ্জীয়া মানুহ আৰু নেছ’ চিন্তিত, উদ্বিগ্ন বুলি কয় তেওঁ ৷ লগতে ভাৰত-বাংলাদেশ সীমান্ত শীঘ্ৰেই ছীল কৰাৰ দাবী জনাই নেতাজনে ৷

Bangladesh Violence
ভাৰত-বাংলাদেশ সীমান্ত শীঘ্ৰেই ছীল কৰাৰ দাবী (ETV Bharat Assam)

গুৱাহাটী, 9 আগষ্ট : বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ উত্তৰ পূৱ ছাত্ৰ সংগঠন তথা চমুকৈ নেছ’ৰ (NESO) ৷ নেছ’ তথা নৰ্থ ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেচন আৰু আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শুকুৰবাৰে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ এক সংবাদমেল সম্বোধন কৰে ৷

নেছ’ৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল (ETV Bharat Assam)

বেছি ক্ষতিগ্ৰস্ত হয় উত্তৰ পূৰ্বাঞ্চল :

সংবাদমেলত নেছ’ৰ মুখ্য উপদেষ্টাজনে কয়, 'বাংলাদেশত যেতিয়াই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, সংঘৰ্ষ হয়, তেতিয়াই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ৷ ইয়াৰ উদাহৰণ দেশ বিভাজন, 1971 চনৰ বাংলাদেশ গঠন হোৱাৰ পৰিৱেশ, এতিয়ালৈকে চলি থকা প্ৰব্ৰজন ৷ উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়, অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয় ৷ সেয়েহে উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ খিলঞ্জীয়া মানুহ আৰু নেছ’ চিন্তিত, উদ্বিগ্ন ৷ কাৰণ বাংলাদেশত এনে পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ পৰা প্ৰব্ৰজন ঘটে উত্তৰ পূৰ্বাঞ্চললৈ ৷'

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ নেছ’ৰ জৰুৰী দাবী পত্ৰ :
ড৹ ভট্টাচাৰ্যই লগতে কয়,'ইতিমধ্যেই অবৈধ প্ৰব্ৰজনে উত্তৰ পূৰ্বাঞ্চলৰ জনবিন্যাস পৰিৱৰ্তন কৰিছে ৷ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, অৰ্থনীতি সকলো ক্ষতিগ্ৰস্ত কৰিছে ৷ ইয়াৰ খিলঞ্জীয়া মানুহৰ ভূমি বেদখল কৰিছে ৷ খিলঞ্জীয়া মানুহৰ সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাত আঘাত কৰিছে ৷ গতিকে ইয়াৰ পিছত এই পৰিস্থিতিক লৈ পুনৰ বাংলাদেশী উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব সেয়া মানি লোৱা নহ’ব ৷ সেয়েহে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ হৈ নেছ’ই জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছে ৷ দাবী পত্ৰত নেছ’ই কৈছে যে, ইতিমধ্যেই প্ৰব্ৰজন চলি আছে, এই সমস্যা সমাধানৰ বাবে সংগ্ৰাম চলি আছে ৷ এতিয়া বাংলাদেশৰ এই পৰিস্থিতিত পুনৰ উত্তৰ পূৰ্বাঞ্চলত বাংলাদেশী নতুনকৈ সোমাব এই কথা হ’ব নোৱাৰে ৷ এজনো যাতে বাংলাদেশী উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷'

লগতে পঢ়ক : সীমা সুৰক্ষিত হৈ আছে আৰু সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই : মুখ্যমন্ত্রী - Bangladesh crisis

এয়া দেশৰ প্ৰতি ভাবুকি :
লগতে চৰকাৰক সমালোচনা কৰি ছাত্ৰনেতাজনে কয় যে, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছিল ৷ নেছ’, আছু আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি এই সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে ৷ কিন্তু চৰকাৰে সীমান্ত এতিয়াও ছীল কৰা নাই ৷ লগতে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব নোৱৰাটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ এক অক্ষমণীয় অপৰাধ ৷ ভাৰত-পাকিস্তান সীমান্ত তেওঁলোকে ছীল কৰে ৷ কিন্তু ভাৰত-বাংলাদেশ সীমান্ত ছীল নকৰে ৷ এয়া কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ভাবুকি নহয়, এয়া দেশৰ প্ৰতি ভাবুকি বুলি কয় নেছ’ৰ মুখ্য উপদেষ্টাজনে ৷

লগতে পঢ়ক : ভাৰতীয় পাছপ’ৰ্ট থকা লোকসকলকহে অসমত প্ৰৱেশৰ অনুমতি দিয়া হ’ব : আৰক্ষী সঞ্চালকপ্ৰধান - ASSAM DGP ON BANGLADESH VIOLENCE

Last Updated : Aug 9, 2024, 10:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.