ETV Bharat / state

তিনিখনকৈ ৰে‘লৰ যাত্ৰা বাতিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ - NF Railways Cancelled Trains

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 7:47 PM IST

Updated : May 28, 2024, 8:00 PM IST

NF Railways Cancelled Trains: উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই তিনিখনকৈ যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল কৰিছে ৷ 15618 গুৱাহাটী-দুল্লভচৰা এক্সপ্ৰেছ, 15615 গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে ৷ তদুপৰি 15616 শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখন মাজবাটতে আৱদ্ধ হৈ পৰাত দামচৰাৰ পৰা গুৱাহাটীলৈকে যাত্ৰা বাতিল কৰা হয় ৷ ইফালে 28 মে’ নিশা 8 টা বজাৰ পৰা 1 জুনলৈকে হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক যান-বাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ডিমা হাছাও জিলাৰ আয়ুক্তই ৷

NF Railways Cancelled Trains
তিনিখনকৈ ৰে‘লৰ যাত্ৰা বাতিল উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (ETV BHARAT ASSAM)

হাফলং, 28 মে’: ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনৰ বিভিন্ন ঠাইত ভূমিস্খলন ঘটিছে ৷ যাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই তিনিখনকৈ ৰে’লৰ যাত্ৰা বাতিল কৰে ৷ নিউ হাফলং আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মধ্যৱৰ্তী 115/3-4 116/3-5 102/3-4 102/5-6 127/5-8 কিলোমিটাৰত হোৱা ভূমিস্খলনৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনত ৰে’ল চলাচল বন্ধ হৈ পৰে । পাহাৰ লাইনত ভূমিস্খলনৰ বাবে উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই যাত্ৰীবাহী ৰে’লকেইখনৰ যাত্ৰা বাতিল কৰে ।

15618 গুৱাহাটী-দুল্লভচেৰা এক্সপ্ৰেছ, 15615 গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰাৰ উপৰি মঙলবাৰে শিলচৰৰ পৰা অহা 15616 শিলচৰ-গুৱাহাটী এক্সপ্ৰেছখন দামচৰা ষ্টেচনত আবদ্ধ হৈ পৰে । যাৰ বাবে ৰে’লৱে কৰ্তৃপক্ষই দামচৰাৰ পৰা গুৱাহাটীলৈকে ৰে’লখনৰ যাত্ৰা বাতিল কৰে ৷ যাৰ বাবে ৰে’লখনক পুনৰ শিলচৰলৈ উভতাই লৈ যোৱা হয় ।

অনহাতে ৰেমলৰ তাণ্ডৱত ডিমা হাছাও জিলাত ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও অংশত বাণিজ্যিক যান-বাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে । ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত তথা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে 28 মে’ নিশা 8 বজাৰ পৰা 1 জুনলৈকে হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক যান-বাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে ।

এই সময়ছোৱাত বৰাক উপত্যকাৰ পৰা অহা বাণিজ্যিক যান-বাহনসমূহ মেঘালয় হৈ চলাচল কৰাৰ পৰামৰ্শ দিয়া হৈছে । ইয়াৰ উপৰি জিলাৰ কৃষি, লোকনিৰ্মাণ, এ পি ডি চি এল, জলসিঞ্চন, ভূমি সংৰক্ষণ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফিল্ডকৰ্মীসকলক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে । ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ সময়তে জৰুৰীকালীন কামৰ বাহিৰে কোনেও যাতে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে তাৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে ডিমা হাচাও জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ডিমা হাছাওকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰেমলৰ ত্ৰাস - Cyclone Remal

Last Updated : May 28, 2024, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.